প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিয়ে হাৰিয়ানাৰ কৃষকক সহায় কৰিছে
प्रविष्टि तिथि:
18 JAN 2024 3:46PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। সমগ্ৰ দেশৰ পৰা ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অনুষ্ঠানটোত যোগদান কৰিছিল। এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিসকলেও যোগদান কৰে।
হাৰিয়ানাৰ ৰোহতকৰ শ্ৰী সন্দীপ এজন কৃষক আৰু ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ৰ হিতাধিকাৰী। ১১ জনীয়া যৌথ পৰিয়াল এটাত তেওঁ বাস কৰে।
বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কৃষকসকলৰ ‘একাউণ্টত’যে পোনপটীয়াকৈ ধন জমা হয় সেই বিষয়ে বহুতেই অৱগত নোহোৱাৰ কথা বৰ্ণনা কৰে। এনে লোকসকলক তেওঁলোকে লাভ কৰা সহায়ৰ বিষয়ে অৱগত কৰা হৈছে। শ্ৰী সন্দীপে প্ৰধানমন্ত্ৰীক জনায় যে ‘সন্মান নিধি’ হিচাপে লাভ কৰা ধন সাৰ আৰু বীজ ক্ৰয়ৰ ক্ষেত্ৰত উপযোগী হোৱাৰ লগতে খেতি-বাতিৰ বাবেও সহায়ক হৈ আহিছে।
অসুবিধা নোহোৱাকৈ চলি থকা ৰেচন বিতৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰা হয়। হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে আঁচনিখন দৃঢ়তাৰে ৰূপায়ণ কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। গাঁওখনত 'মোদী কী গেৰাণ্টি কী গাড়ী'ক উৎসাহেৰে আদৰণি জনোৱা হৈছিল।
শ্ৰী মোদীয়ে অনুষ্ঠানস্থলীত মহিলাসকলৰ বিশাল উপস্থিতিৰ কথা উল্লেখ কৰে আৰু ৰাম মন্দিৰৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ বাবে তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰে।
********
DS/SKS/KB
(रिलीज़ आईडी: 1997620)
आगंतुक पटल : 113
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam