প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে প্ৰসিদ্ধ শাস্ত্ৰীয় কণ্ঠশিল্পী ড° প্ৰভা অত্ৰেৰ বিয়োগত শোক প্ৰকাশ কৰে

प्रविष्टि तिथि: 13 JAN 2024 8:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধ শাস্ত্ৰীয় কণ্ঠশিল্পী ড° প্ৰভা অত্ৰেৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

নিজৰ এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়:

"ড° প্ৰভা অত্ৰে জী ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এগৰাকী মহান ব্যক্তিত্ব আছিল, যাৰ কৰ্মৰাজি কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে প্ৰশংসিত হৈছিল। তেওঁৰ জীৱন আছিল উৎকৃষ্টতা আৰু নিষ্ঠাৰ প্ৰতিমূৰ্তি। তেওঁৰ এই প্ৰচেষ্টাই আমাৰ সাংস্কৃতিক তন্ত্ৰক বহু পৰিমাণে সমৃদ্ধ কৰিছে। তেওঁৰ মৃত্যুত দুখ পাইছোঁ। তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি।"

**********

 

DS/ST


(रिलीज़ आईडी: 1996459) आगंतुक पटल : 98
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam