কেবিনেট

ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়ন/ভাৰতৰ বাবে যুক্তৰাষ্ট্ৰৰ (USAID/India) মাজত মিছন নেট জিৰ’ কাৰ্বন নিৰ্গমনৰ লক্ষ্যত উপনীত হ’বলৈ ভাৰতীয় ৰেলৱেক সহায়ৰ অৰ্থে বুজাবুজিৰ চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন

Posted On: 05 JAN 2024 1:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটত আজি ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়ন/ভাৰতৰ বাবে যুক্তৰাষ্ট্ৰৰ (USAID/India) মাজত ২০৩০ৰ ভিতৰত ভাৰতীয় ৰেলৱেক মিছন নেট জিৰ কাৰ্বন নিৰ্গমনৰ লক্ষ্যত উপনীত হ’বলৈ সহায়ৰ বাবে ২০২৩ৰ ১৪ জুনত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি (MoU) সম্পৰ্কে অৱগত কৰা হয়।

এই বুজাবুজি চুক্তিয়ে ভাৰতীয় ৰেলৱেৰ বাবে ৰেল খণ্ডৰ শেহতীয়া উন্নয়ন আৰু অভিজ্ঞতাৰ আদান-প্ৰদানৰ এখনি মঞ্চ প্ৰশস্ত কৰিব। এই বুজাবুজিৰ চুক্তিয়ে উপযোগিতাৰ আধুনিকীকৰণ, উন্নত শক্তি সমাধান আৰু ব্যৱস্থা, আঞ্চলিক শক্তি আৰু বজাৰ সংহতি তথা ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ আৰু নিয়োগ, নবীকৰণযোগ্য শক্তি, শক্তিৰ দক্ষতা আৰু জ্ঞান বিনিময়ৰ বাবে আন-আন পাৰস্পৰিক ক্ৰিয়াৰ দৰে নিৰ্দিষ্ট প্ৰযুক্তিৰ ক্ষেত্ৰসমূহত গুৰুত্ব আৰোপেৰে প্ৰশিক্ষণ আৰু আলোচনা চক্ৰ/কৰ্মশালাৰ সুবিধা কৰিব।

ইয়াৰ পূৰ্বে, ইউএছএআইডি/ইণ্ডিয়াই ৰেলৱে প্লেটফৰ্মৰ ছাদত সৌৰশক্তি স্থাপনত গুৰুত্ব আৰোপেৰে আইআৰৰ সৈতে কাম কৰিছে।

ভাৰতীয় ৰেলৱেই আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থা/ভাৰতৰ বাবে যুক্তৰাষ্ট্ৰ এজেন্সীৰ সৈতে স্বাক্ষৰিত কৰা বুজাবুজিৰ চুক্তিখনে তলত উল্লেখিত বুজাবুজিৰে শক্তিৰ স্বাৱলম্বিতা সক্ষম কৰাৰ পোষকতা কৰিছেঃ

  1. উভয় অংশগ্ৰহণকাৰীয়ে যৌথভাৱে তলত দিয়া মূল কাৰ্য্যকলাপৰ ক্ষেত্ৰসমূহত ব্যাপকভাৱে কাম কৰিবলৈ মনস্থ কৰিছেঃ
  1. ভাৰতীয় ৰেলৱেৰ বাবে স্বচ্ছ শক্তিকে প্ৰমুখ্য কৰি দীৰ্ঘম্যাদী শক্তি পৰিকল্পনা।
  2. ভাৰতীয় ৰেলৱে ভৱনৰ বাবে শক্তি দক্ষতা নীতি আৰু কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰা।
  3. ভাৰতীয় ৰেলৱেৰ নেট-জিৰ’ দৃষ্টিত উপনীত হ’বলৈ স্বচ্ছ শক্তি ক্ৰয়ৰ পৰিকল্পনা।
  4. নিয়ন্ত্ৰণ আৰু ৰূপায়ণৰ বাধাসমূহ সমাধানৰ বাবে কাৰিকৰী সমৰ্থন।
  5. ব্যৱস্থা-অনুকূল, বৃহৎ পৰিসৰৰ নবীকৰণযোগ্য ক্ৰয়ৰ বাবে নিবিদাৰ ডিজাইন আৰু নিবিদা ব্যৱস্থাপনা সমৰ্থন।
  6. ই-মবিলিটিক প্ৰোৎসাহনৰ ক্ষেত্ৰত ভাৰতীয় ৰেলৱেক সহায় কৰা।
  7. উল্লেখিত চিনাক্তকৃত ক্ষেত্ৰসমূহত সহযোগিতামূলকভাৱে অনুষ্ঠান, সন্মিলন আৰু সামৰ্থ্য গঠন কাৰ্য্যসূচীৰ আয়োজন কৰা।
  1. এই বুজাবুজি চুক্তিৰ সকলো বা যিকোনো অংশৰ পুনৰীক্ষণ, পৰিৱৰ্তন বা সংশোধনীৰ বাবে যিকোনো অংশগ্ৰহণকাৰীয়ে লিখিতভাৱে অনুৰোধ কৰিব পাৰে। অংশগ্ৰহণকাৰীসকলে অনুমোদন জনোৱা যিকোনো পুনৰীক্ষণ, পৰিৱৰ্তন বা সংশোধনী সংশোধিত বুজাবুজি চুক্তিৰ অংশ হ’ব। অংশগ্ৰহণকাৰীসকলে নিৰ্ধাৰণ কৰিবপৰা তাৰিখৰপৰা এনে পুনৰীক্ষণ, পৰিৱৰ্তন বা সংশোধনী কাৰ্য্যকৰী হ’ব।
  2. এই বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ তাৰিখৰপৰা কাৰ্য্যকৰী আৰু পাঁচ বছৰৰ বাবে বা দক্ষিণ এছিয়া আঞ্চলিক শক্তি অংশীদাৰিত্ব (SAREP)ৰ কাৰ্য্যকৰী অন্তলৈকে অব্যাহত থাকিব বুলি আশা কৰা হৈছে।

প্ৰভাৱ

২০৩০ৰ ভিতৰত মিছন নেট জিৰ’ কাৰ্বন নিৰ্গমন (NZCE)ৰ লক্ষ্যত উপনীত হ’বলৈ ভাৰতীয় ৰেলৱেক সহায়ৰ বাবে এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰদ্বাৰা, ডিজেল, কয়লা আদি আমদানিকৃত ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাসত সহায় হ’ব। ইয়াৰ ফলত স্থানীয় বাতাবৰণৰ বিকাশত সহায়ক হ’ব যিয়ে পৰৱৰ্তী সময়ত স্থানীয় সামগ্ৰীৰ বিকাশত সহায় কৰিব।

ইয়াৰ জড়িত ব্যয়

এই বুজাবুজিৰ চুক্তিৰ অধীনত সেৱাসমূহৰ বাবে কাৰিকৰী সাহায্য ইউএছএআইডিয়ে SAREP পদক্ষেপৰ অধীনত আগবঢ়াব। এই বুজাবুজিৰ চুক্তি ধনৰ বাধ্যবাধকতা বা কোনো ধৰণৰ প্ৰতিশ্ৰুতি নহয়। ইয়াৰ লগত ভাৰতীয় ৰেলৱেৰ কোনো ধৰণৰ আৰ্থিক প্ৰতিশ্ৰুতি জড়িত নহয়।

****

DS/SKS/SB



(Release ID: 1993424) Visitor Counter : 66