স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ৰাষ্ট্ৰীয় চিকল চেল এনিমিয়া নিমূল মিছনৰ অধীনত চিকল চেল ৰোগৰ বাবে ১ কোটিতকৈও অধিক পৰীক্ষা সম্পন্ন

Posted On: 02 JAN 2024 2:50PM by PIB Guwahati

এক গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে। ৰাষ্ট্ৰীয় চিকল চেল এনিমিয়া নিমূল মিছনৰ অধীনত, এক কোটিৰো অধিক লোকক চিকল চেল ৰোগৰ বাবে পৰীক্ষা কৰা হৈছে।

এই অভিযানে ৩ বছৰত ৭ কোটি জনসংখ্যাক পৰীক্ষা কৰাৰ চেষ্টা কৰিব। চিকল চেল ৰোগ হৈছে এক আনুবংশিক ৰক্ত ৰোগ, যি ৰোগীৰ গোটেই জীৱনত প্ৰভাৱ পেলায়। ভাৰতৰ জনজাতীয় জনসংখ্যাৰ মাজত এই ৰোগ অধিক বেছিকৈ দেখা যায় যদিও অ-জনজাতীয় লোকসকলৰ ক্ষেত্ৰতো সমানে এই ৰোগ দেখা যায়। ২০২৩ চনৰ ১ জুলাইত মধ্যপ্ৰদেশৰ শ্বাহডোলত মাননীয় প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় চিকল চেল এনিমিয়া নিৰ্মূল অভিযান আৰম্ভ কৰিছিল। 

ভাৰতৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো জনজাতীয় আৰু অন্যান্য উচ্চ প্ৰাদুৰ্ভাৱৰ অঞ্চলত ছিকেল চেল এনিমিয়া পৰীক্ষা, প্ৰতিৰোধ আৰু ব্যৱস্থাপনাৰ বাবে মিছন মোডত চলোৱা হৈছে। এই কাৰ্যসূচীত ছিকেল চেল ৰোগৰ উচ্চ প্ৰাদুৰ্ভাৱ থকা ১৭খন ৰাজ্য ক্ৰমে গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান, মধ্য প্ৰদেশ, ঝাৰখণ্ড, ছত্তীশগড়, পশ্চিম বংগ, উৰিষ্যা, তামিলনাডু, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, অসম, উত্তৰ প্ৰদেশ, কেৰালা, বিহাৰ আৰু উত্তৰাখণ্ডৰ প্ৰায় ২৭৮ খন জিলাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

*********

MV/AR

 



(Release ID: 1992753) Visitor Counter : 82