প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘আইএনএছ ইম্ফল’ নৌসেনাত নিয়োজিত হোৱাৰ মুহূৰ্তটো ভাৰতৰ বাবে গৌৰৱান্বিত হোৱাৰ মুহূৰ্ত: প্ৰধানমন্ত্ৰী

Posted On: 26 DEC 2023 9:23PM by PIB Guwahati

 ভাৰতীয় নৌসেনাত ‘আইএনএছ ইম্ফল’ নিয়োজিত হোৱাৰ বাবে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱবোধ কৰে। 

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত আত্মনিৰ্ভৰশীলতাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত কৰা ‘পোষ্ট’ত কয়:

"আইএনএছ ইম্ফল’ আমাৰ নৌসেনাত নিয়োজিত হোৱাৰ মুহূৰ্তটো ভাৰতৰ বাবে গৌৰৱান্বিত মুহূৰ্ত, এয়া হৈছে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত আত্মনিৰ্ভৰশীলতাৰ প্ৰমাণ। ই আমাৰ নৌ উৎকৰ্ষতা আৰু অভিযান্ত্ৰিক বিক্ৰমক প্ৰতীয়মান কৰিছে। আত্মনিৰ্ভৰতাৰ ক্ষেত্ৰত এই সাফল্যৰ সৈতে জড়িত সকলোকে প্ৰশংসা কৰিছো। আমি আমাৰ সাগৰ সুৰক্ষিত কৰি থাকিম আৰু আমাৰ দেশক শক্তিসমৃদ্ধ কৰি যাম।" 

***

DS/RT/KB



(Release ID: 1991246) Visitor Counter : 48