সাংস্কৃতিক মন্ত্ৰালয়

‘মেৰী মাটি মেৰা দেশ-মাটিকো নমন বীৰোঁ কা বন্দন’ ৰাষ্ট্ৰৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা বীৰসকলক সন্মান জনোৱাৰ উদ্দেশ্যে আয়োজিত এক দেশজোৰা অভিযান

প্ৰধানমন্ত্ৰীয়ে মেৰী মাটি মেৰা দেশ অভিযানৰ অধীনত দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা সংগ্ৰহ কৰা মাটিৰ পৰা বিকশিত ‘অমৃত বতিকা আৰু অমৃত মহোৎসৱ স্মাৰক’ৰ আধাৰশিলা স্থাপন কৰে

ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত ‘জি-২০’ সংস্কৃতি কৰ্মী গোট আৰু সংস্কৃতি মন্ত্ৰীসকলৰ বৈঠক; সকলো ‘জি-২০’ দেশৰ সহমতিৰে 'কাশী সংস্কৃতি মাৰ্গ' শীৰ্ষক ফলাফল দস্তাবেজ গ্ৰহণ

সংস্কৃতি মন্ত্ৰালয়ে ‘ইণ্টাৰনেশ্যনেল বৌদ্ধ কনফেডাৰেশ্যন’ৰ সহযোগত ‘প্ৰথম গোলকীয় বৌদ্ধ সন্মিলন’ৰ অনুষ্ঠিত কৰে

প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত ‘প্ৰথম ভাৰতীয় কলা, স্থাপত্য আৰু নক্সা দ্বিবাৰ্ষিকী’ উদ্বোধন কৰে

Posted On: 22 DEC 2023 8:41PM by PIB Guwahati

‘আজাদী কা অমৃত মহোৎসৱ’ (আকাম) এক জন আন্দোলনত পৰিণত হৈছিল আৰু সমগ্ৰ সমাজৰ দৃষ্টিভংগী সাৰোগত কৰি দেশবাসীক একত্ৰিত কৰিছিল।

"মেৰী মাটি মেৰা দেশ- মাটিকো নমন বীৰোঁ কা বন্দন"ত দেশৰ ৭৬৬খন জিলাৰ ৭০০০ তকৈয়ো অধিক খণ্ডত প্ৰচণ্ড জন অংশীদাৰিত্ব দেখিবলৈ পোৱা গৈছিল। ৩ কোটিৰো অধিক লোকে পঞ্চপ্ৰাণ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছিল আৰু ২ লাখতকৈয়ো অধিক ‘অমৃতৱতিকা’ গঢ়ি তোলা হৈছিল। সমগ্ৰ দেশতে ২ কোটিৰো অধিক গছৰ পুলি ৰোপণ কৰা হৈছিল। ‘মেৰী মাটি মেৰা দেশ’ অভিযানৰ অধীনত ৪ কোটিতকৈয়ো অধিক লোকে তেওঁলোকৰ ‘ছেলফি আপলোড’ কৰিছিল। দেশৰ ৭০০০+ খণ্ডৰ পৰা ৮৫০০ৰো অধিক কলহ দিল্লীলৈ অনা হৈছিল।

৩০ অক্টোবৰ, ২০২৩ তাৰিখে ‘অমৃত কলশ যাত্ৰা’ত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে তেওঁলোকৰ কলহৰ পৰা মাটি 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ আবেগৰে এটা বিয়াগোম ‘অমৃতকলহ’ত অৰ্পণ কৰিছিল। ৩১ অক্টোবৰ,২০২৩ তাৰিখে অনুষ্ঠিত কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰী উপস্থিত আছিল। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচীৰ সময়ত ‘অমৃতবতিকা আৰু অমৃতমহোৎসৱ স্মাৰক’ৰ আধাৰশিলা স্থাপন কৰে।

                                                     

২০২৩ চনৰ ২১ জানুৱাৰীত 'বিশ্ব শান্তিৰ বাবে জি-২০ সমদল যাত্ৰা'ত এহেজাৰৰো অধিক শিক্ষাৰ্থী, যুৱ-যুৱতী আৰু শিশুৱে অংশগ্ৰহণ কৰিছিল।

‘জি-২০’ৰ ‘সংস্কৃতি কাৰ্যকৰী গোট’ (চিডব্লিউজি)ৰ তৃতীয়খন ৯-১২ জুলাই ২০২৩ তাৰিখলৈ কৰ্ণাটকৰ হাম্পিত অনুষ্ঠিত হৈছিল।

বাৰাণসীত ২৪-২৫ আগষ্ট, ২০২৩ তাৰিখে ‘জি-২০ সংস্কৃতি কৰ্মী গোট’ৰ চতুৰ্থ বৈঠক অনুষ্ঠিত হয়। ‘জি-২০’ সদস্য আৰু আমন্ত্ৰণকাৰী দেশসমূহৰ সংস্কৃতি মন্ত্ৰীসকলে ২৬ আগষ্ট, ২০২৩ তাৰিখে বাৰাণসীত বিশেষ সংস্কৰণৰ ডাক টিকট মুকলি কৰে।

                                                       

ইজিপ্ত আৰৱ গণৰাজ্য, শ্লোভেক গণৰাজ্য, কলম্বিয়া গণৰাজ্য, মৰিচাছ গণৰাজ্য, ইউনাইটেড ৰিপাব্লিক অৱ কলম্বিয়া, ইটালিয়ান ৰিপাব্লিক, বেলাৰুছ গণৰাজ্যৰ চৰকাৰৰ লগতে বৌদ্ধ আৰু তিব্বতীয় প্ৰতিষ্ঠান (বিটিআই)ৰ সৈতে সংস্কৃতি মন্ত্ৰালয়ে সাংস্কৃতিক বিনিময় কাৰ্যসূচী সম্পৰ্কীয় চুক্তি স্বাক্ষৰিত কৰিছিল।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত সংস্কৃতি মন্ত্ৰালয়ে সদস্য ৰাষ্ট্ৰসমূহ, পৰ্যবেক্ষক ৰাষ্ট্ৰ আৰু চীন, কাজাখস্তান, পাকিস্তান, ৰাছিয়া, তাজিকিস্তান, বেলাৰুছ, বাহৰেইন, ম্যানমাৰ আৰু ইউএই-ৰ দৰে বিভিন্ন দেশৰ ‘সদস্য ৰাষ্ট্ৰ’, ‘পৰ্যবেক্ষক ৰাষ্ট্ৰ’ আৰু ‘আলোচনাৰ অংশীদাৰ’সকলৰ সৈতে দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰে।

                                                         

১৭-১৮ মাৰ্চ, ২০২৩ তাৰিখে কুৱেইটত ভাৰতৰ উৎসৱৰ আয়োজন কৰা হৈছিল, য'ত মুঠ ৩৫গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিছিল। লগতে ফ্ৰান্সৰ পেৰিছত ৬ জুলাইৰ পৰা ৯ জুলাই, ২০২৩ লৈ ‘ভাৰত উৎসৱ/ নমস্তে ফ্ৰান্স’ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানটোত প্ৰদৰ্শন কৰিবলৈ সংস্কৃতি মন্ত্ৰালয়ৰ দ্বাৰা মুঠ নটা দল নিয়োজিত কৰা হৈছিল।

২০২৩ চনত ৰিয়াধ (চৌদি আৰৱ)ত ৪৫ সংখ্যক বিশ্ব ঐতিহ্য সমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰতৰ শান্তিনিকেতন আৰু হয়শালা মন্দিৰসমূহ (হয়শালাৰ পবিত্ৰ সংহতি) ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। এই সিদ্ধান্তই ভাৰতৰ বিশ্ব ঐতিহ্যক্ষেত্ৰসমূহৰ সংখ্যা ৪২লৈ নিয়াৰ লগতে ‘ইউনেস্কো’ৰ ‘বিশ্ব ঐতিহ্য তালিকা’ত ভাৰতক ষষ্ঠ স্থানত উপনীত কৰায়।

                                                       

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত অনুষ্ঠিত ‘প্ৰথম ভাৰতীয় কলা, স্থাপত্য আৰু নক্সা দ্বিবাৰ্ষিকী (আইএএডিবি) ২০২৩’ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে 'আত্মনিৰ্ভৰ ভাৰত চেণ্টাৰ ফৰ ডিজাইন' আৰু ‘ছাত্ৰ দ্বিবাৰ্ষিক-‘সম্মুন্নাতি’ও উদ্বোধন কৰে।

 ২০২৩ চনত ১০ কোটিৰো অধিক লোকে ‘তিৰঙ্গা হৰ ঘৰ তিৰঙ্গা অভিযান’ৰ সৈতে তেওঁলোকৰ ‘ছেলফি’ ‘আপলোড’ কৰিছিল।

 

মুম্বাইত ১১ ৰ পৰা ১৯ ফেব্ৰুৱাৰী, ২০২৩ লৈ ‘ৰাষ্ট্ৰীয় সংস্কৃতি মহোৎসৱ’ৰ আয়োজন কৰা হৈছিল। উক্ত কাৰ্যসূচীত ৩০০ তকৈয়ো অধিক লোক আৰু জনজাতীয় শিল্পীয়ে অনুষ্ঠান প্ৰদৰ্শন কৰিছিল।

 

সংস্কৃতি মন্ত্ৰালয়ে ‘আৰ্য সমাজ ফাউণ্ডেশ্যন’ৰ সহযোগত ১২ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে নতুন দিল্লীত ‘মহৰ্ষি’ দয়ানন্দ সৰস্বতীৰ ২০০ সংখ্যক জয়ন্তী উদযাপনৰ বাবে বছৰজোৰা কাৰ্যক্ৰম উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত ভাষণ প্ৰদান কৰে আৰু সকলোকে ‘মহৰ্ষি’ দয়ানন্দৰ শিক্ষা অনুসৰণ কৰিবলৈ উৎসাহিত কৰে।

 

সংস্কৃতি মন্ত্ৰালয়ে ২৫ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে নতুন দিল্লীৰ ‘তালকাটোৰা ষ্টেডিয়াম’ত দিল্লী-কৰ্ণাটক সংঘৰ 'বাৰিচু কানাড়া দিম ডিমাভা', ‘অমৃতমহোৎসৱ’ আয়োজন কৰিছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাংস্কৃতিক মহোৎসৱৰ শুভাৰম্ভ কৰাৰ লগতে প্ৰদৰ্শনীখন পৰিদৰ্শন কৰে।                     

 

‘মেৰা গাঁও মেৰী ধাৰোহাৰ’ শীৰ্ষক মঞ্চ ২৭ জুলাই ২০২৩ তাৰিখে নতুন দিল্লীৰ কুতুবমিনাৰত মুকলি কৰা হৈছিল। ভাৰতৰ সৰ্ববৃহৎ লোক আৰু জনজাতীয় সাংস্কৃতিক অনুষ্ঠান "উৎকৰ্ষ" ৩ৰ পৰা ৫ আগষ্ট, ২০২৩লৈ মধ্য প্ৰদেশৰ ভূপালৰ ‘ৰবীন্দ্ৰভৱন’ত অনুষ্ঠিত কৰা হৈছিল। ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপাদী মুৰ্মুৱে অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ অক্টোবৰ, ২০২৩ তাৰিখে ৰাণী দুৰ্গাৱতীৰ ৫০০ সংখ্যক জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি জবলপুৰত 'বীৰাঙ্গনা ৰাণী দুৰ্গাৱতী স্মাৰক আৰু উদ্যান'ৰ 'ভূমিপূজা' সম্পন্ন কৰে।  

২০২৩ চনৰ ২৩ নৱেম্বৰত মথুৰাত সন্ত মীৰা বাইৰ ৫২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত মীৰা বাইৰ জীৱন আধাৰিত ৫২৫/- টকাৰ স্মাৰক মুদ্ৰা আৰু ডাক টিকট মুকলি কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস’ উদযাপনৰ বাবে নতুন দিল্লীৰ ‘প্ৰগতি ময়দান’ত ১৮ৰ পৰা ২০ মে’, ২০২৩ লৈ তিনিদিনীয়া 'ইণ্টাৰনেশ্যনেল মিউজিয়াম এক্সপো ২০২৩'ৰ বিশাল আযোজন উদ্বোধন কৰে।

                                                       Image

সংস্কৃতি মন্ত্ৰালয়ে ৫-৬ আগষ্ট, ২০২৩ তাৰিখে ‘পুথিভঁৰাল উৎসৱ’ৰ আয়োজন কৰিছিল। অনুষ্ঠানটো ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰে আৰু ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে।  

 ‘জি-২০’ উদযাপনৰ অংশ হিচাপে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপাদী মুৰ্মুৱে ০৪-০৯-২০২৩ তাৰিখে নতুন দিল্লীৰ ৰাজঘাটৰ ‘গান্ধী দৰ্শন’ত মহাত্মা গান্ধীৰ ১২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠিত নিৰ্বাচকমণ্ডলীয়ে ২০২৩ চনৰ ১৮ জুনত সৰ্বসন্মতিক্ৰমে গোৰখপুৰৰ ‘গীতা প্ৰেছ’ক ২০২১ বৰ্ষৰ ‘গান্ধী শান্তি বঁটা’ৰ বাবে বাছনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।



(Release ID: 1990296) Visitor Counter : 73