তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

বিকশিত ভাৰত সংকল্প যাত্ৰাই ৰাইজক দুৱাৰমুখতে সেৱা আগবঢ়াইছে

তেজপুৰত বিকশিত যাত্ৰাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Posted On: 22 DEC 2023 4:17PM by PIB Guwahati

তৃণমূল পৰ্যায়ত চৰকাৰী সেৱা সুনিশ্চিত কৰি সমগ্ৰ অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সফল কাৰ্যসূচী অব্যাহত আছে।

আজি শোণিতপুৰ জিলাৰ উষাপুৰ গাঁও পঞ্চায়তত চলি থকা বিকশিত ভাৰত সংকল্প যাত্ৰা (ভিবিএছৱাই) কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে অনুষ্ঠানত উপস্থিত থাকে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী শ্ৰী অশোক সিংঘল আৰু তেজপুৰৰ সাংসদ শ্ৰী পল্লৱলোচন দাস।

                                                      

এই উপলক্ষে মুখ্যমন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰি বিভিন্ন চৰকাৰী উন্নয়নমূলক আঁচনিত সক্ৰিয়ভাৱে পঞ্জীয়ন কৰিবলৈ জনসাধাৰণক আহ্বান জনায়। তেওঁ লগতে কয় যে এই যাত্ৰাৰ লক্ষ্য হৈছে বিভিন্ন কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগতা সৃষ্টি কৰা যাতে ৰাইজে পঞ্জীয়ন কৰাৰ লগতে এই আঁচনিসমূহৰ দ্বাৰা লাভৱান হ’ব পাৰে।

আজি এই যাত্ৰাত লখিমপুৰ, ধেমাজি আৰু নলবাৰীক সামৰি লোৱা হয়, য'ত স্থানীয় ৰাইজৰ উৎসাহজনক সঁহাৰি লাভ কৰা পৰিলক্ষিত হয়। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলেও আজি কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। অধিক সজাগতা সৃষ্টিৰ লক্ষ্যৰে অনুষ্ঠানৰ সময়ত চৰকাৰী আঁচনিৰ সৈতে জড়িত প্ৰচাৰ সামগ্ৰীও ৰাইজক বিতৰণ কৰা হয়।

২০২৩ চনৰ ২২ ডিচেম্বৰলৈকে এই যাত্ৰাই প্ৰায় ১,৮০২ খন গ্ৰাম পঞ্চায়ত আৰু চহৰ অঞ্চল সাঙুৰি লৈছে য’ত প্ৰায় ১৯,০১,৯৪৭ জন ব্যক্তিয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। যাত্ৰাস্থলীৰ স্বাস্থ্য শিবিৰত প্ৰায় ৩,৩১,৮৬০ জন লোকক স্বাস্থ্য পৰীক্ষা কৰা হৈছে।

                                                             

PG/SS/AR


(Release ID: 1989619) Visitor Counter : 120