উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে এনইচি বৃত্তি

प्रविष्टि तिथि: 21 DEC 2023 2:13PM by PIB Guwahati

উত্তৰ-পূব পৰিষদ (এনইচি)ৰ জৰিয়তে ভাৰত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলক উচ্চ আৰু পেছাদাৰী শিক্ষাৰ বাবে বৃত্তি প্ৰদান কৰে। এই বৃত্তিবোৰ যোগ্যতাৰ ভিত্তিত উপলব্ধ হয়। ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেলত নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰণ কৰি যোগ্যতা পৰীক্ষাত প্ৰাৰ্থীসকলে প্ৰাপ্ত কৰা নম্বৰৰ আধাৰত প্ৰমাণিত আবেদনৰ মাজৰ পৰা মেধাৰ তালিকাবোৰ সংগ্ৰহ কৰা হয়। বিভিন্ন স্তৰত সম্পৰ্কিত বিষয়/পাঠ্যক্ৰমৰ বাবে বৰ্তমানৰ বৃত্তিৰ হাৰ তলত উল্লেখ কৰা ধৰণে উপলব্ধ কৰা হয়:

অধ্যয়নৰ স্তৰ

নতুন আৰু নৱীকৰণযোগ্য আবেদনসংক্ৰান্তত বৃত্তিৰ পৰিমাণ (বিদ্যমান শিক্ষাৰ্থী)

স্নাতক

বছৰি ২২,০০০/- টকা

স্নাতকোত্তৰ

বছৰি ২৫,০০০/ টকা

এম ফিল/পি এইছডি

বছৰি ৩০,০০০/ টকা

ডিপ্লোমা

বছৰি ২০,০০০/ টকা

 

বৃত্তিৰ বিতৰণ ২০২১-২২ বৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ ডিবিটি পৰ্টেলৰ জৰিয়তে কৰা হৈছে আৰু বিতৰণৰ নতুন প্ৰণালীলৈ উন্নীত কৰাত পলম হোৱাৰ উদাহৰণ আছে যদিও এতিয়া সুশৃংখল কৰা হৈছে আৰু প্ৰণালীটো সুচাৰুৰূপে চলি আছে। 

২০২০-২১ বৰ্ষৰ পৰা ২০২২-২৩ বৰ্ষলৈ মুঠ ২৭,৭২৬ খন আবেদন প্ৰাপ্ত হৈছিল যাৰ ভিতৰত মুঠ ৪৭৫৬ খন আবেদন বাছনি কৰা হৈছে। ২০২০-২১ ৰ পৰা ২০২২-২৩ বৰ্ষলৈ বিভিন্ন শ্ৰেণীত বাছনি কৰা প্ৰাৰ্থীৰ সংখ্যা ৰাজ্য অনুসৰি তলৰ তালিকাত দিয়া হৈছে:

ক্ৰমিক

নং

ৰাজ্য

পাঠ্যক্ৰম অনুসৰি বাছনি কৰা প্ৰাৰ্থীৰ সংখ্যা

স্নাতক

স্নাতকোত্তৰ

এম ফিল/পিএইছডি

ডিপ্লোমা

মুঠ

অৰুণাচল প্ৰদেশ

১০৩

৪৭

১১

১৬৪

অসম

১২০৬

৩৯৭

৫৪

২১৮

১৮৭৫

মণিপুৰ

৬৪৪

২৩৮

৩৭

৬৯

৯৮৮

মেঘালয়

১৩৩

১১৪

১৪

২৬৫

মিজোৰাম

৬১

৩৬

১০০

নাগালেণ্ড

৫০

৪০

৯৩

ছিকিম

৮১

৯১

১৭৭

ত্ৰিপুৰা

৭২২

২৩৮

১৩০

১০৯৪

 

মুঠ

৩০০০

১২০১

১০৫

৪৫০

৪৭৫৬

 

আজি ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন ৰাজ্যমন্ত্ৰী শ্ৰী বি এল বাৰ্মাই এই তথ্য প্ৰদান কৰে।

******


(रिलीज़ आईडी: 1989540) आगंतुक पटल : 106
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali-TR , Tamil , Telugu