প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ড০ মোহন যাদৱক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী জগদীশ দেওৰা আৰু ৰাজেন্দ্ৰ শুক্লাকো অভিনন্দন

प्रविष्टि तिथि: 13 DEC 2023 2:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ড০ মোহন যাদৱক অভিনন্দন জনায়৷ তেওঁ লগতে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী জগদীশ দেওৰা আৰু ৰাজেন্দ্ৰ শুক্লাকো অভিনন্দন জনায়৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“দেশৰ হৃদপিণ্ডস্বৰূপ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ড° মোহন যাদৱ জী আৰু উপ-মুখ্যমন্ত্ৰী জগদীশ দেওৰা জী আৰু ৰাজেন্দ্ৰ শুক্লা জীলৈ আন্তৰিক অভিনন্দন! মোৰ বিশ্বাস যে আপোনালোকৰ নেতৃত্বত ৰাজ্যৰ ডাবল ইঞ্জিন চৰকাৰে দুগুণ উৎসাহেৰে কাম কৰিব আৰু উন্নয়নৰ নতুন আৰ্হি সৃষ্টি কৰিব। এই উপলক্ষে মই ইয়াত থকা মোৰ পৰিয়ালৰ সকলো সদস্যকে আশ্বাস দিছো যে বিজেপি চৰকাৰে আপোনালোকৰ জীৱন সহজ কৰি তুলিবলৈ কোনো ত্ৰূটি নাৰাখে৷”

***

DS/TS/DB


(रिलीज़ आईडी: 1985845) आगंतुक पटल : 121
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam