গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে ১০ ডিচেম্বৰ দেওবাৰে বিহাৰৰ ৰাজধানী পাটনাত পূৱ মাণ্ডলিক পৰিষদ (ইষ্টাৰ্ণ জ’নেল কাউন্সিল)ৰ ২৬ সংখ্যক বৈঠকৰ অধ্যক্ষতা কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বাংগীন বিকাশ সাধনৰ বাবে সহকাৰী আৰু প্ৰতিযোগিতামূলক সংঘবাদৰ সহায় লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে

মাণ্ডলিক পৰিষদসমূহে শক্তিশালী ৰাজ্যই শক্তিশালী ৰাষ্ট্ৰ গঠন কৰাৰ মনোভাৱেৰে দুখন বা ততোধিক ৰাজ্য বা কেন্দ্ৰ আৰু ৰাজ্যসমূহক প্ৰভাৱিত কৰা বিষয়সমূহৰ ওপৰত নিয়মীয়া সংবাদ আৰু আলোচনাৰ বাবে এক পদ্ধতিগত ব্যৱস্থা আৰু মঞ্চ প্ৰদান কৰে

২০১৪ চনৰ পৰা এতিয়ালৈকে বিগত ৯ বছৰত বিভিন্ন মাণ্ডলিক পৰিষদৰ মুঠ ৫৫খন বৈঠক অনুষ্ঠিত হৈছে, য’ত স্থায়ী সমিতিৰ ২৯খন বৈঠক আৰু মাণ্ডলিক পৰিষদৰ ২৬খন বৈঠক অন্তৰ্ভুক্ত আছে

মাণ্ডলিক পৰিষদসমূহৰ প্ৰতিখন বৈঠকত ৰাষ্ট্ৰীয় গুৰুত্বৰ বহু বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে

Posted On: 09 DEC 2023 9:34AM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে অহা ১০ ডিচেম্বৰ, ২০২৩ তাৰিখ দেওবাৰে বিহাৰৰ ৰাজধানী পাটনাত অনুষ্ঠিত হ’বলগীয়া পূব মাণ্ডলিক পৰিষদৰ ২৬ সংখ্যক বৈঠকৰ অধ্যক্ষতা কৰিব। পূব মাণ্ডলিক পৰিষদত বিহাৰ, পশ্চিমবংগ, উৰিষ্যা আৰু ঝাৰখণ্ড ৰাজ্যক সামৰি লোৱা হৈছে। ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অন্তৰ্গত আন্তঃৰাজ্যিক পৰিষদ সচিবালয়ৰ উদ্যোগত বিহাৰ চৰকাৰৰ সহযোগত এই বৈঠকৰ আয়োজন কৰা হৈছে। পূৱ মাণ্ডলিক পৰিষদৰ ২৬ সংখ্যক বৈঠকত সদস্য ৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ লগতে প্ৰতিখন ৰাজ্যৰ দুজন জ্যেষ্ঠ মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। ৰাজ্য চৰকাৰসমূহৰ মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰিব।

১৯৫৬ চনৰ ৰাজ্য পুনৰ্গঠন আইনৰ ১৫-২২ নং ধাৰাত ১৯৫৭ চনত ৫খন মাণ্ডলিক পৰিষদ গঠন কৰা হৈছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী এই পাঁচখন মাণ্ডলিক পৰিষদৰ প্ৰতিটোৰ অধ্যক্ষ আৰু মাণ্ডলিক পৰিষদক সামৰি লোৱা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী/উপৰাজ্যপাল/প্ৰশাসকসকল ইয়াৰ সদস্য, ইয়াৰে এজন মুখ্যমন্ত্ৰী প্ৰতি বছৰে ভাগে-ভাগে উপাধ্যক্ষ হয়। ৰাজ্যপালে প্ৰতিখন ৰাজ্যৰ পৰা আৰু দুজন মন্ত্ৰীক পৰিষদৰ সদস্য হিচাপে মনোনীত কৰে। প্ৰতিখন মাণ্ডলিক পৰিষদে মুখ্য সচিব পৰ্যায়ত এখন স্থায়ী সমিতিও গঠন কৰিছে। পূৱ মাণ্ডলিক পৰিষদৰ ২৬ সংখ্যক বৈঠকৰ উপাধ্যক্ষ বিহাৰৰ মুখ্যমন্ত্ৰী।

ৰাজ্যসমূহে প্ৰস্তাৱ কৰা বিষয়সমূহ প্ৰথমে সংশ্লিষ্ট মাণ্ডলিক পৰিষদৰ স্থায়ী সমিতিৰ সন্মুখত আলোচনাৰ বাবে দাখিল কৰা হয়। পাৰস্পৰিক সন্মতিৰে সমাধান কৰিব নোৱাৰা বিষয়সমূহ মাণ্ডলিক পৰিষদৰ বৈঠকত আলোচনাৰ বাবে উপস্থাপন কৰা হয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বাংগীন উন্নয়ন সাধনৰ বাবে সমবায় আৰু প্ৰতিযোগিতামূলক ফেডাৰেলিজমৰ সহায় লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মাণ্ডলিক পৰিষদসমূহে শক্তিশালী ৰাজ্যই শক্তিশালী ৰাষ্ট্ৰ গঠন কৰাৰ মনোভাৱেৰে দুখন বা ততোধিক ৰাজ্য বা কেন্দ্ৰ আৰু ৰাজ্যসমূহক প্ৰভাৱিত কৰা বিষয়সমূহৰ ওপৰত নিয়মীয়া সংবাদ আৰু আলোচনাৰ বাবে এক পদ্ধতিগত ব্যৱস্থা আৰু মঞ্চ প্ৰদান কৰে। সকলো ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগৰ সহযোগত ২০১৪ চনৰ পৰা এতিয়ালৈকে যোৱা ৯ বছৰত বিভিন্ন মাণ্ডলিক পৰিষদৰ মুঠ ৫৫খন বৈঠক অনুষ্ঠিত হৈছে, য’ত স্থায়ী সমিতিৰ ২৯খন বৈঠক আৰু মাণ্ডলিক পৰিষদৰ ২৬খন বৈঠক অন্তৰ্ভুক্ত আছে।

মাণ্ডলিক পৰিষদসমূহৰ ভূমিকা পৰামৰ্শদাতা, কিন্তু যোৱা কেইটামান বছৰত এই পৰিষদসমূহে বিভিন্ন অঞ্চলত পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতাৰ সুস্থ বন্ধন গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ কাৰক হিচাপে প্ৰমাণিত হৈছে। পৰিষদৰ বৈঠকত কোডো, কুটকী আৰু অন্যান্য শ্ৰী অন্ন (minor millets) শস্যৰ ৰাগীৰ সমান সমৰ্থন মূল্য, ব্যাপক ছিল্ট ব্যৱস্থাপনা নীতিৰ অধীনত জল শক্তি মন্ত্ৰালয়ৰ দ্বাৰা ২০২২ চনত ছেডিমেণ্ট ব্যৱস্থাপনাৰ বাবে ৰাষ্ট্ৰীয় কাঠামো মুকলি কৰা, ৰাজ্যিক পৰ্যায়ৰ কাৰিকৰী সমিতিৰ দ্বাৰা লাকৰ খেতিক ২০২২-২৩ চনৰ পৰা কিষাণ ক্ৰেডিট কাৰ্ডত অন্তৰ্ভুক্ত কৰা আদি সিদ্ধান্ত লোৱা হয়। মাণ্ডলিক পৰিষদে বহুতো বিষয়ৰ ওপৰত আলোচনা কৰে য'ত খনন, কিছুমান বিষয়ত কেন্দ্ৰীয় আৰ্থিক সাহায্য, বুনিয়াদী সুবিধাৰ নিৰ্মাণ, ভূমি অধিগ্ৰহণ আৰু ভূমি হস্তান্তৰ, পানীৰ ভাগ-বতৰা, প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনি (ডিবিটি) ৰূপায়ণ, ৰাজ্য-পুনৰ্গঠন আৰু মাণ্ডলিক পৰ্যায়ত উমৈহতীয়া স্বাৰ্থৰ অন্যান্য বিষয়সমূহ অন্তৰ্ভুক্ত।

মাণ্ডলিক পৰিষদসমূহৰ প্ৰতিখন বৈঠকত ৰাষ্ট্ৰীয় গুৰুত্বৰ বহু বিষয়ৰ ওপৰতো আলোচনা চলি আছে। ইয়াৰ ভিতৰত মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপকৰ্মৰ গোচৰৰ ক্ষিপ্ৰ তদন্ত আৰু নিষ্পত্তিৰ বাবে ফাষ্ট ট্ৰেক স্পেচিয়েল কোৰ্ট (FTSC)ৰ ৰূপায়ণ, প্ৰতিখন গাঁৱত ৫ কিলোমিটাৰৰ ভিতৰত বেংক/ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ শাখাৰ সুবিধা, দেশত দুই লাখ নতুন প্ৰাথমিক কৃষি ঋণ সমিতি (PACSs) গঠন, পুষ্টি অধিনিয়মৰ জৰিয়তে শিশুৰ মাজত পুষ্টিহীনতা দূৰ কৰা, স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ড্ৰপ আউটৰ হাৰ হ্ৰাস কৰা, আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাত চৰকাৰী চিকিৎসালয়ৰ অংশগ্ৰহণ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সাধাৰণ স্বাৰ্থৰ অন্যান্য বিষয়সমূহ অন্তৰ্ভুক্ত।

**********

RK/AY/ASH



(Release ID: 1985363) Visitor Counter : 68