কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

জেপিএম আইন, ১৯৮৭ৰ অধীনত ২০২৩-২৪ চনৰ মৰাপাটৰ পেকেজিং সামগ্ৰীৰ বাবে সংৰক্ষণৰ নিয়মত অনুমোদন অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীৰ

খাদ্য শস্য ১০০% আৰু চেনি ২০% মৰাপাটৰ মোনাত পেকিং কৰাটো বাধ্যতামুলক

মৰাপাট মিল আৰু আনুষংগিক ইউনিটত নিয়োজিত ৪,০০,০০০ শ্ৰমিকক সকাহ দিয়াৰ লগতে প্ৰায় ৪০ লাখ কৃষক পৰিয়ালৰ জীৱিকা অৰ্জনত সহায় কৰিছে

Posted On: 08 DEC 2023 8:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে ৮ ডিচেম্বৰ, ২০২৩ত ২০২৩-২৪ (১ জুলাই, ২০২৩ৰ পৰা ৩০ জুন, ২০২৪লৈকে) মৰাপাট বৰ্ষৰ বাবে পেকেজিঙত মৰাপাটৰ বাধ্যতামূলক ব্যৱহাৰৰ বাবে সংৰক্ষণৰ নিয়মত অনুমোদন জনাইছে। ২০২৩-২৪ মৰাপাট বৰ্ষৰ বাবে অনুমোদিত বাধ্যতামূলক পেকেজিং নিয়মত ১০০% খাদ্যশস্য আৰু ২০% চেনি পেকেজিং মৰাপাটৰ বেগত কৰাটো বাধ্যতামূলক।

বৰ্তমানৰ প্ৰস্তাৱত সংৰক্ষণৰ নীতি-নিয়মসমূহে ভাৰতত কেঁচা মৰাপাট আৰু মৰাপাটৰ পেকেজিং সামগ্ৰীৰ ঘৰুৱা উৎপাদনৰ স্বাৰ্থক আৰু অধিক সুৰক্ষিত কৰিব, যাৰ ফলত ভাৰতক আত্মনিৰ্ভৰ ভাৰতৰ সৈতে সামঞ্জস্যপূৰ্ণভাৱে আত্মনিৰ্ভৰশীল কৰি তুলিব। সামগ্ৰীৰ পেকেজিং মৰাপাটৰ বাবে সংৰক্ষণে দেশত উৎপাদিত কেঁচা মৰাপাটৰ প্ৰায় ৬৫% (২০২২-২৩ চনত) ব্যৱহাৰ হ’ব। জে পি এম আইনৰ বিধান কাৰ্যকৰী কৰি চৰকাৰে মৰাপাটৰ কল আৰু আনুষংগিক ইউনিটত নিয়োজিত ৪ লাখ শ্ৰমিকক সকাহ দিয়াৰ লগতে প্ৰায় ৪০ লাখ কৃষি পৰিয়ালৰ জীৱিকাৰ সহায় আগবঢ়াব। তদুপৰি, ই পৰিৱেশ সুৰক্ষাত সহায় কৰিব কাৰণ মৰাপাট প্ৰাকৃতিক, বায়’ডিগ্ৰেবল, নবীকৰণযোগ্য আৰু পুনৰ ব্যৱহাৰযোগ্য আঁহ আৰু সেয়েহে ই সকলো বহনক্ষমতাৰ পৰিমাপ পূৰণ কৰে।

সাধাৰণতে ভাৰতৰ জাতীয় অৰ্থনীতি, বিশেষকৈ পূৰ্বাঞ্চল অৰ্থাৎ পশ্চিমবংগ, বিহাৰ, ওড়িশা, অসম, ত্ৰিপুৰা, মেঘালয়, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত মৰাপাট উদ্যোগে গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। পূৰ্বাঞ্চলৰ ভিতৰত বিশেষকৈ পশ্চিমবংগত ই অন্যতম প্ৰধান উদ্যোগ।

জে পি এম আইনৰ অধীনত সংৰক্ষণ নীতি অনুসৰি মৰাপাট খণ্ডৰ ৪ লাখ শ্ৰমিক আৰু ৪০ লাখ কৃষকক প্ৰত্যক্ষভাৱে নিয়োগ কৰাৰ ব্যৱস্থা আছে। ১৯৮৭ চনৰ জে পি এম আইনখনে মৰাপাট কৃষক, শ্ৰমিক আৰু মৰাপাটৰ সামগ্ৰী উৎপাদনত নিয়োজিত ব্যক্তিৰ স্বাৰ্থ সুৰক্ষিত কৰে। মৰাপাট উদ্যোগৰ মুঠ উৎপাদনৰ ৭৫% মৰাপাট বস্তাৰ বেগ, যাৰ ৮৫% ভাৰতীয় খাদ্য নিগম (এফচিআই) আৰু ৰাজ্যিক ক্ৰয় সংস্থা (এছপিএ)ক যোগান ধৰা হয় আৰু বাকীখিনি পোনপটীয়াকৈ ৰপ্তানি/বিক্ৰী কৰা হয়।

ভাৰত চৰকাৰে খাদ্যশস্যৰ পেকিঙৰ বাবে প্ৰতি বছৰে প্ৰায় ১২,০০০ কোটি টকাৰ মৰাপাট বস্তাৰ বেগ ক্ৰয় কৰে, যিটোৱে মৰাপাট কৃষক আৰু শ্ৰমিকক উৎপাদিত সামগ্ৰীৰ নিশ্চিত বজাৰ প্ৰদান কৰে।

মৰাপাট বস্তাৰ বেগৰ গড় উৎপাদন প্ৰায় ৩০ লাখ বেল (৯ লাখ মেট্ৰিক টন) আৰু মৰাপাটৰ কৃষক, শ্ৰমিক আৰু মৰাপাটৰ মোনাৰ বস্তাৰে উৎপাদন সম্পূৰ্ণ নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ যাতে মৰাপাটৰ কৃষক, শ্ৰমিক আৰু মৰাপাট উদ্যোগৰ সৈতে জড়িত ব্যক্তিসকলৰ স্বাৰ্থ সুৰক্ষিত হয়।

*****

DS/DB



(Release ID: 1984273) Visitor Counter : 65