কেবিনেট

পাঁচ বছৰৰ বাবে ৮১.৩৫ কোটি হিতাধিকাৰীৰ বাবে বিনামূলীয়া খাদ্যশস্য : মন্ত্ৰীসভাৰ সিদ্ধান্ত

খাদ্য আৰু পুষ্টি সুৰক্ষাৰ বাবে ঐতিহাসিক সিদ্ধান্ত : পিএমজিকেএৱাইৰ অধীনত খাদ্য ৰাজসাহায্যৰ ওপৰত অহা ৫ বছৰত প্ৰায় ১১.৮০ লাখ কোটি টকা ব্যয় কৰিব কেন্দ্ৰই

পিএমজিকেএৱাই: প্ৰায় ১১.৮০ লাখ কোটি টকা ব্যয়েৰে ৮১.৩৫ কোটি লোকৰ বাবে বিশ্বৰ অন্যতম সৰ্ববৃহৎ খাদ্য সুৰক্ষা আঁচনি

দৰিদ্ৰ আৰু দুৰ্বল লোকৰ বাবে খাদ্যশস্যৰ সুলভতা, ব্যয়সাধ্যতা আৰু উপলব্ধতা শক্তিশালী কৰাৰ বাবে পিএমজিকেএৱাইৰ অধীনত পাঁচ বছৰলৈ বিনামূলীয়া খাদ্যশস্য অব্যাহত ৰখা

Posted On: 29 NOV 2023 2:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (পিএমজিকেএৱাই)ৰ অধীনত ১ জানুৱাৰী, ২০২৪ৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰায় ৮১.৩৫ কোটি হিতাধিকাৰীক ৫ বছৰৰ বাবে বিনামূলীয়া খাদ্য শস্য প্ৰদান কৰিব।

এইটো এটা ঐতিহাসিক সিদ্ধান্ত যিয়ে পিএমজিকেএৱাইক ৮১.৩৫ কোটি লোকৰ খাদ্য আৰু পুষ্টিৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে বিশ্বৰ সৰ্ববৃহৎ সমাজ কল্যাণ আঁচনিৰ অন্যতম, যাৰ আনুমানিক ব্যয় হৈছে ৫ বছৰৰ ভিতৰত ১১.৮০ লাখ কোটি টকা।

এই সিদ্ধান্তই মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ মৌলিক খাদ্য আৰু পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণৰ জৰিয়তে দক্ষ আৰু লক্ষ্যভিত্তিক কল্যাণৰ দিশত শক্তিশালী সংকল্প প্ৰতিফলিত কৰিছে। অমৃত কালত এই পৰিসৰত খাদ্য সুৰক্ষা নিশ্চিত কৰাটোৱে এখন আকাংক্ষিত আৰু উন্নত ভাৰত গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

০১-০১-২০২৪ৰ পৰা ৫ বছৰৰ বাবে পিএমজিকেএৱাইৰ অধীনত বিনামূলীয়া খাদ্য শস্য (চাউল, ঘেঁহু আৰু মোটা শস্য/মিলেট)ই খাদ্য সুৰক্ষা শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীৰ যিকোনো আৰ্থিক সংকট লাঘৱ কৰিব। ই এক উমৈহতীয়া ল’গ’ৰ অধীনত ৫ লাখৰো অধিক ন্যায্য মূল্যৰ দোকানৰ নেটৱৰ্কৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিনামূলীয়াকৈ খাদ্য শস্য ডেলিভাৰীৰ ক্ষেত্ৰত দেশব্যাপী একাকাৰিতা প্ৰদান কৰিব।

ইয়াৰ দ্বাৰা জীৱন-যাপনৰ সুচলতাও সম্ভৱ হ’ব, হিতাধিকাৰীসকলে অ’এনঅ’আৰচি-ৱান নেচন ৱান ৰেচন কাৰ্ড- পদক্ষেপৰ অধীনত দেশৰ যিকোনো উচিত মূল্যৰ দোকানৰ পৰা বিনামূলীয়াকৈ খাদ্য-শস্য সংগ্ৰহ কৰিব পাৰিব। এই পদক্ষেপ, ডিজিটেল ইণ্ডিয়াৰ অধীনত প্ৰযুক্তিভিত্তিক সংস্কাৰৰ অংশ হিচাপে প্ৰাপ্যসমূহৰ ৰাজ্যিক আৰু আন্তঃৰাজ্যিক দুয়োটা পৰ্টেবিলিটিৰ সুবিধা প্ৰদান কৰি প্ৰব্ৰজনকাৰীসকলৰ বাবে অত্যন্ত লাভজনক। বিনামূলীয়া খাদ্য শস্যসমূহে সমান্তৰালভাৱে সমগ্ৰ দেশতে ৱান নেচন ৱান ৰেচন কাৰ্ড (অ’এনঅ’আৰচি)ৰ অধীনত পৰ্টেবিলিটিৰ একেধৰণৰ ৰূপায়ণ নিশ্চিত কৰিব আৰু এই পছন্দভিত্তিক মঞ্চক আৰু অধিক শক্তিশালী কৰিব।

পিএমজিকেএৱাইৰ অধীনত খাদ্য শস্য বিতৰণৰ বাবে পাঁচ বছৰৰ বাবে আনুমানিক খাদ্য ৰাজসাহায্য ১১.৮০ লাখ কোটি টকা। এইদৰে নিৰ্ধাৰিত জনসাধাৰণক বিনামূলীয়া খাদ্য শস্য প্ৰদান কৰিবলৈ পিএমজিকেএৱাইৰ অধীনত অহা পাঁচ বছৰৰ সময়ছোৱাত খাদ্য ৰাজসাহায্য হিচাপে কেন্দ্ৰই প্ৰায় ১১.৮০ লাখ কোটি টকা ব্যয় কৰিব।

পিএমজিকেএৱাইৰ অধীনত ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা পাঁচ বছৰৰ বাবে কাৰ্যকৰী হ'বলগীয়া বিনামূলীয়া খাদ্য শস্যৰ এই ব্যৱস্থাই মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৰাষ্ট্ৰীয় খাদ্য আৰু পুষ্টি সুৰক্ষা সুনিশ্চিত কৰাৰ সংকল্প প্ৰতিফলিত কৰিছে। বিনামূলীয়া খাদ্য শস্যৰ ব্যৱস্থাই সমাজৰ দুৰ্বল স্তৰৰ যিকোনো আৰ্থিক কষ্ট বহনক্ষমভাৱে হ্ৰাস কৰিব আৰু হিতাধিকাৰীসকলৰ বাবে শূন্য খৰচৰ সৈতে দীৰ্ঘম্যাদী মূল্য নিৰ্ধাৰণ কৌশল নিশ্চিত কৰিব যিটো ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ফলপ্ৰসূ প্ৰৱেশৰ বাবে অতি প্ৰয়োজনীয়।

উদাহৰণ স্বৰূপে, এটা অন্ত্যোদয়া পৰিয়ালৰ বাবে ৩৫ কেজি চাউলৰ অৰ্থনৈতিক ব্যয় হয় ১৩৭১ টকা, আনহাতে ৩৫ কেজি ঘেঁহুৰ দাম হয় ৯৪৬ টকা, যিটো পিএমজিকেএৱাইৰ অধীনত ভাৰত চৰকাৰে বহন কৰি আছে, আৰু খাদ্যশস্য পৰিয়ালসমূহক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হয়। এইদৰে, বিনামূলীয়া খাদ্যশস্যৰ ফলত ৰেচন কাৰ্ডধাৰীৰ মাহিলী ৰাহি যথেষ্ট হয়।

ভাৰত চৰকাৰৰ দেশৰ জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা আছে - পৰ্যাপ্ত পৰিমাণৰ গুণগত খাদ্য শস্যৰ উপলব্ধতাৰ জৰিয়তে খাদ্য আৰু পুষ্টিৰ সুৰক্ষাৰ সুবিধা নিশ্চিত কৰি এক মৰ্যাদাপূৰ্ণ জীৱন প্ৰদান কৰিবলৈ। এই আঁচনিখনে পিএমজিকেএৱাইৰ অধীনত সামৰি লোৱা ৮১.৩৫ কোটি লোকৰ প্ৰতি ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণত অৰিহণা যোগাব।

হিতাধিকাৰীসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আৰু নিৰ্ধাৰিত জনসাধাৰণৰ বাবে খাদ্য শস্যৰ সুলভতা, ব্যয়সাধ্যতা আৰু উপলব্ধতাৰ ক্ষেত্ৰত খাদ্য সুৰক্ষা শক্তিশালী কৰাৰ উদ্দেশ্যে, আৰু সমগ্ৰ ৰাজ্যসমূহত একাকাৰিতা বজাই ৰাখিবলৈ পিএমজিকেএৱাইৰ অধীনত পাঁচ বছৰৰ বাবে বিনামূলীয়াকৈ খাদ্য শস্যৰ যোগান অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এয়া এক ঐতিহাসিক সিদ্ধান্ত যিয়ে দেশত খাদ্য আৰু পুষ্টিৰ সুৰক্ষা শক্তিশালী কৰাৰ দিশত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিষ্ঠা আৰু দায়বদ্ধতাক প্ৰতিফলিত কৰে।

**********

DS/GS



(Release ID: 1980824) Visitor Counter : 86