কেবিনেট

প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযানলৈ অনুমোদন জনাইছে কেবিনেটে

Posted On: 29 NOV 2023 2:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ‘প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান’ (প্ৰধানমন্ত্ৰী জনমান)ক মুঠ ২৪,১০৪ কোটি টকা (কেন্দ্ৰীয় অংশ: ১৫,৩৩৬ কোটি টকা আৰু ৰাজ্যিক অংশঃ ৮,৭৬৮ কোটি টকা) ৯ টা মন্ত্ৰালয়ৰ জৰিয়তে ১১টা গুৰুত্বপূৰ্ণ হস্তক্ষেপত গুৰুত্ব আৰোপ কৰিবলৈ অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰীয়ে খুণ্টিৰ পৰা ‘জনজতীয় গৌৰৱ দিৱস’ত এই অভিযানৰ কথা ঘোষণা কৰিছিল।

২০২৩-২৪ বৰ্ষৰ বাজেট ভাষণত ঘোষণা কৰা অনুসৰি, "বিশেষকৈ দুৰ্বল জনজাতীয় গোটসমূহ (পিভিটিজি)ৰ আৰ্থ-সামাজিক পৰিস্থিতি উন্নত কৰাৰ বাবে উন্নয়ন মিছনৰ ‘প্ৰধানমন্ত্ৰী পিভিটিজি’ আৰম্ভ কৰা হ'ব। ই ‘পিভিটিজি’ পৰিয়াল আৰু বাসস্থানসমূহক সুৰক্ষিত আৱাস, বিশুদ্ধ খোৱা পানী আৰু অনাময়, শিক্ষা, স্বাস্থ্য আৰু পুষ্টি, পথ আৰু টেলিকম সংযোগ, আৰু বহনক্ষম জীৱিকাৰ সুযোগৰ দৰে মৌলিক সা-সুবিধাৰ সৈতে সংপৃক্ত কৰিব। অনুসূচিত জনজাতিৰ বাবে উন্নয়ন কাৰ্য পৰিকল্পনা(ডিএপিএছটি)ৰ অধীনত অহা তিনি বছৰত অভিয়ান কাৰ্যকৰী কৰিবলৈ ১৫,০০০ কোটি টকা উপলব্ধ কৰা হ'ব।"

২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনজাতীয় জনসংখ্যা ১০.৪৫ কোটি, যাৰ ভিতৰত ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বসবাস কৰা ৭৫টা সম্প্ৰদায়ক ‘বিশেষভাৱে অসুৰক্ষিত জনজাতীয় গোট’ (পিভিটিজি) হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে। এই ‘পিভিটিজি’সমূহে সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক ক্ষেত্ৰত দুৰ্বলতাৰ সন্মুখীন হৈ আহিছে।

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়কে ধৰি ৯টা মন্ত্ৰালয়ৰ জৰিয়তে ‘প্ৰধানমন্ত্ৰী-জনমান’ (কেন্দ্ৰীয় খণ্ড আৰু কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰে ৰূপায়িত আঁচনি)য়ে ১১ টা গুৰুত্বপূৰ্ণ হস্তক্ষেপৰ ক্ষেত্ৰত নিম্নলিখিত ধৰণৰ গুৰুত্ব দিব:

 

ক্ৰমিক নং

কাৰ্যক্ৰম

হিতাধিকাৰীৰ সংখ্যা / লক্ষ্য

ব্যয়

পকী ঘৰৰ ব্যৱস্থা

৪.৯০লাখ

২.৩৯ লাখ টকা  /ঘৰ

সংযোগী পথ

৮০০০কিলোমিটাৰ

১.০০কোটি টকা/কিলোমিটাৰ

৩ক

নল সংযোগী পানীৰ যোগান/

এই অভিযানৰ অধীনত ৪.৯০ লাখ এইচএইচসহ সকলো পিভিটিজি বসতি নিৰ্মাণ কৰা হ'ব

আঁচনিৰ পৰিকল্পনা অনুসৰি

৩খ

সমূহীয়া পানী যোগান

২০ এইচএইচ-তকৈ কম জনসংখ্যাৰ ২৫০০ খন গাঁও/ আবাসস্থলী

প্ৰকৃত ব্যয় হিচাপে

ঔষধৰ ব্যয়ৰ সৈতে ভ্ৰাম্যমাণ চিকিৎসা গোট

১০০০(১০/জিলা)

৩৩.৮৮.00 লাখ টকা/এমএমইউ

৫ক

ছাত্ৰাবাস নিৰ্মাণ

৫০০

২.৭৫কোটি টকা/ছাত্ৰাবাস

৫খ

বৃত্তিমূলক শিক্ষা আৰু দক্ষতা বিকাশ

60 টা আকাংক্ষী পিভিটিজি ব্লক

৫০ লাখ টকা /খণ্ড

অংগণবাড়ী কেন্দ্ৰৰ নিৰ্মাণ

২৫০০

১২ লাখ টকা /অংগণবাড়ী কেন্দ্ৰ

বহুমুখী কেন্দ্ৰ নিৰ্মাণ (এমপিচি)

১০০০

প্ৰতিটো এমপিচিত ৬০ লাখ টকা/এমপিচি এএনএম আৰু অংগনৱাড়ী কৰ্মীৰ বাবে ব্যৱস্থা

৮ক

এইচ.এইচ.-ৰ সামৰ্থ্যবৰ্দ্ধন (অন্তিম মাইলৰ সংযোগ)

৫৭০০০এইচএইচ

২২,৫০০ টকা /এইচএইচ

৮খ

০.৩ কিলোৱাট সৌৰ অফ-গ্ৰিড প্ৰণালীৰ ব্যৱস্থা

১০০০০০এইচএইচ

৫০,০০০/এইচএইচ বা প্ৰকৃত ব্যয় অনুসৰি

পথ আৰু এমপিচিসমূহত সৌৰ পোহৰৰ ব্যৱস্থা

১৫০০ ইউনিট

১,০০,০০০টকা /ইউনিট

১০

ভিডিভিকে স্থাপনৰ ব্যৱস্থা কৰা

৫০০

১৫ লাখ টকা/ভিডিভিকে

১১

ম'বাইল টাৱাৰ স্থাপন

৩০০০ গাঁও

পৰিকল্পিত নিয়ম অনুসৰি ব্যয়

 

ওপৰত উল্লেখ কৰা হস্তক্ষেপসমূহৰ বাহিৰে অন্যান্য মন্ত্ৰালয়সমূহ নিম্নলিখিত হস্তক্ষেপ মিছনৰ অংশ হ'ব:

ক) ‘আয়ুষ মন্ত্ৰালয়ে’ বিদ্যমান নিয়ম অনুসৰি আয়ুষ সুস্থতা কেন্দ্ৰ স্থাপন কৰিব আৰু ভ্ৰাম্যমাণ চিকিৎসা গোটৰ জৰিয়তে পিভিটিজি বসতিসমূহলৈ আয়ুষ সুবিধা প্ৰদান কৰা হ'ব।

খ) দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ে এই সম্প্ৰদায়সমূহৰ উপযুক্ত দক্ষতা অনুসৰি পিভিটিজি বাসস্থান, বহুমুখী কেন্দ্ৰ আৰু ছত্ৰাবাসসমূহত দক্ষতা আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰিব।

*****

DS/KB



(Release ID: 1980742) Visitor Counter : 70