শক্তি মন্ত্ৰালয়

কেন্দ্ৰীয় শক্তি তথা নতুন আৰু নৱীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰে

জলবিদ্যুত্ প্ৰকল্পৰ গুৰুত্ব বৃদ্ধি পাইছে, জলবিহীনভাৱে চব্বিশ ঘণ্টা নৱীকৰণযোগ্য শক্তি সম্ভৱ নহয়: বিদ্যুৎ আৰু এনআৰই মন্ত্ৰী আৰ কে সিং

"অৰুণাচলত স্থাপিত হ’ব লগা ১৩ টা জলবিদ্যুত্ প্ৰকল্পই ১.৪ লাখ কোটি টকাৰ বিনিয়োগ সম্ভৱ কৰিব, ৰাজ্যখনৰ জনমূৰি উপাৰ্জন যথেষ্ট বৃদ্ধি পাব আৰু দেশক ১৩,০০০ মেগাৱাট পৰিচ্ছন্ন বিদ্যুৎ প্ৰদান কৰিব"

Posted On: 28 NOV 2023 10:40AM by PIB Guwahati

 

কেন্দ্ৰীয় শক্তি আৰু নতুন তথা নৱীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী আৰ কে সিঙে ২৭ নৱেম্বৰ,২০২৩ তাৰিখে অৰুণাচল প্ৰদেশ আৰু অসমত অৱস্থিত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্প পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে অসমৰ সীমান্তৱৰ্তী গেৰুকামুখত সোৱণশিৰি প্ৰকল্পৰ নিৰ্মাণস্থলীৰ লগতে প্ৰকল্পটোৰ বান্ধ, সংযোগী পৰিকাঠামো আৰু জলধাৰা সলনি কৰা সুৰংগ আদি পৰিদৰ্শন কৰে। শক্তিমন্ত্ৰীগৰাকীয়ে নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে পিচবেলালৈ প্ৰকল্পটো নিৰ্মাণৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ নেওঁচিব পৰাকৈ গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত এক পৰ্যালোচনা সভাত মিলিত হয়। ‘এনএইচপিচি’ৰ বিষয়াবৰ্গৰ লগতে প্ৰকল্পটোৰ নিৰ্মাণৰে জড়িত সংশ্লিষ্ট নিৰ্মাতা প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিবৰ্গক সম্বোধন কৰি মন্ত্ৰী শ্ৰী সিঙে নিৰ্দ্ধাৰিত সময়সূচীৰ ভিতৰত প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব পৰাকৈ সকলোকে অহোপুৰুষাৰ্থ কৰিবলৈ আহ্বান জনায়। 

                                                                       

                                                                      

 

জলবিহীনভাৱে চব্বিশ ঘণ্টাই নৱীকৰণযোগ্য শক্তি সম্ভৱ নহয়

পৰ্যালোচনাসভাৰ অন্তত সন্তুষ্টি প্ৰকাশ কৰি সংবাদমাধ্যমেৰে হোৱা কথোপকথনত মন্ত্ৰীগৰাকীয়ে কয় যে যিহেতু জলবিহীন ভাবে চব্বিশ ঘণ্টাই নৱীকৰণযোগ্য শক্তি সম্ভৱ নহয়, সেয়েহে জলবিদ্যুত্ প্ৰকল্পসমূহৰ গুৰুত্ব বৃদ্ধি পাইছে। “মই সকলো বিষয় পুংখানুপুংখভাবে পৰ্যালোচনা কৰিছো, মই ভাবো প্ৰকল্পৰ কামকাজ কম-বেছি পৰিমাণে নিৰ্দ্ধাৰিত সূচী মতেই আগবাঢ়িছে। শক্তি ৰূপান্তৰণ সম্ভৱ কৰা, কাৰ্বন নিৰ্গমণৰ হাৰ কম কৰা আৰু নৱীকৰণযোগ্য ইন্ধন যিহেতু আমাৰ বাবে খুবেই জৰুৰী, সেয়েহে জলবিদ্যুত্ প্ৰকল্পসমূহৰ গুৰুত্ব বাঢ়িবলৈ ধৰিছে। নৱীকৰণযোগ্য শক্তি উত্সসমূহৰ মাজত সৌৰ আৰু বায়ু শক্তি থকা স্বত্বেও জলবিহীন ভাবে কিন্তু চব্বিশ ঘণ্টাই নৱীকৰণযোগ্য শক্তি সম্ভৱ নহয়। আমাৰ জলবিদ্যুতৰ উত্পাদন সামৰ্থ্য বাঢ়িবলৈ ধৰিছে”।

                                                                      

অৰুণাচলত ১৩,০০০ মেগাৱাট উত্পাদনক্ষম জলবিদ্যুত্ প্ৰকল্প স্থাপিত হ, জনমূৰি আয় হব ৪ গুণ

ভাৰতৰ জলবিদ্যুৎ প্ৰকল্পৰ সামৰ্থ্য বৃদ্ধি পোৱাৰ কথা সংবাদ মাধ্যমক অৱগত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সোৱণনশিৰি যিটো বৃহৎ প্ৰকল্পৰ উপৰিও অৰুণাচল প্ৰদেশ চৰকাৰে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগৰ সৈতে ১৩টা প্ৰকল্পৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে, যাৰ পৰিমাণ হ’ব ১৩ হাজাৰ মেগাৱাট। ‘এই প্ৰকল্পসমূহে ৰাজ্যখনত প্ৰায় ১.৪ লাখ কোটি টকাৰ বিনিয়োগ সম্ভৱ কৰিব, যাৰ ফলত জনমূৰি আয় চাৰিগুণ বৃদ্ধি পাব। ইয়াৰ সুবাদত দেশে নিকা শক্তি লাভ কৰিব।” একেদৰে জম্মু-কাশ্মীৰত পাঁচটা জলবিদ্যুত্ প্ৰকল্প নিৰ্মাণৰ কাম চলি আছে; সেয়েহে জম্মু আৰু কাশ্মীৰতো আমাৰ জলবিদ্যুত্ সম্ভাৱনা বৃদ্ধি পাইছে আৰু ইয়াৰ বাবেও বহু পৰিমাণৰ বিনিয়োগৰ প্ৰস্তাৱ আহি আছে বুলি  শ্ৰী সিঙে লগতে জানিবলৈ দিয়ে।

আমাৰ হাতত থকা জল শক্তিৰ অধিক ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে

মন্ত্ৰীগৰাকীয়ে দেশৰ উপলব্ধ জলবিদ্যুৎ সামৰ্থ্যক ভালদৰে ব্যৱহাৰ কৰিবলৈ লোৱা প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে। “আজি আমাৰ জল বিদ্যুত্ উত্পাদন সামৰ্থ্য হৈছে ৪৭,০০০ মেগাৱাট, যিটো আমাৰ উপলব্ধ জলশক্তি সম্ভাৱনাৰ ৩৫%। উন্নত দেশসমূহে অৱশ্যে তেওঁলোকৰ উপলব্ধ জলশক্তি সম্ভাৱনাৰ প্ৰায় ৭০% - ৮০% ব্যৱহাৰ কৰিছে।”

শ্ৰী সিঙে সংবাদ মাধ্যমৰ আগত ভাৰতত শক্তিৰ চাহিদা কেনেদৰে বৃদ্ধি পাইছে আৰু ইয়াৰ বাবে দ্ৰুত গতিত শক্তিৰ ক্ষমতা সংযোজনৰ প্ৰয়োজন থকাৰ কথা অৱগত কৰে। “পূৰ্বৰ বছৰৰ তুলনাত ২০২৩ চনৰ আগষ্ট, ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত আমাৰ বিদ্যুতৰ চাহিদা ২০% বৃদ্ধি পাইছে। আমাৰ চাহিদা এই হাৰতে বাঢ়ি থাকিব, কিয়নো, ‘নিতি আয়োগ’ৰ মতে অহা দুটা দশকলৈ আমাৰ অৰ্থনীতি ৭.৫% হাৰত বৃদ্ধি পাই থাকিব। ২০১৩ চনত শীৰ্ষ চাহিদা আছিল প্ৰায় ১.৩৫ লাখ মেগাৱাট। আনহাতে, আজিৰ তাৰিখত এই চাহিদা হৈছে প্ৰায় ২.৩১ লাখ মেগাৱাট। ২০৩০ চনৰ ভিতৰত আমাৰ শক্তি চাহিদা দুগুণ হ’ব; আজিৰ তাৰিখত আমাৰ মুঠ ব্যৱহাৰ ১,৬০০ বিলিয়ন ইউনিট, যিটো প্ৰায় ৩,০০০ বিলিয়ন ইউনিট হ’বগৈ। কিন্তু বৰ্তমানেও উন্নত দেশৰ তুলনাত আমাৰ শক্তি ব্যৱহাৰৰ পৰিমাণ কম; আজিৰ তাৰিখত ইউৰোপৰ জনমূৰি শক্তি ব্যৱহাৰ আমাৰ তুলনাত প্ৰায় ৩ গুণ। সেয়েহে আমাৰ প্ৰত্যাহ্বান হৈছে আমাৰ শক্তিৰ চাহিদা বৃদ্ধিৰ দৰেই দ্ৰুতগতিত শক্তি উত্পাদন সামৰ্থ্য বৃদ্ধি কৰা।”

শ্ৰী সিঙে কয় যে ভাৰত শক্তি পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে আৰু ভাৰতে দায়িত্বশীল বৃদ্ধিৰ পথত আগবাঢ়ি আহিছে। “পেৰিছৰ ‘চিঅ’পি-২১’ত আমি ২০৩০ চনৰ ভিতৰত আমাৰ ক্ষমতাৰ ৪০% অনা-জীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিলোঁ; আমি ৯ বছৰ আগতেই, ২০২১ চনত এই লক্ষ্যত উপনীত হৈছিলো। সেয়েহে আমি উন্নত দেশসমূহতকৈ বেছি দ্ৰুতগতিত আগবাঢ়ি আছো। উন্নত দেশসমূহে জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰি উন্নত হৈছে। সেয়েহে আমাৰ বিকাশৰ বাবে যদি আমি জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰিব লাগে তেন্তে আমি ইয়াক ব্যৱহাৰ কৰিম। আমাৰ জনমূৰি কাৰ্বন নিৰ্গমনৰ হাৰ বিশ্বৰ গড়ৰ এক তৃতীয়াংশ; আনহাতে উন্নত দেশসমূহৰ জনমূৰি ‘সেউজ গৃহ গেছ’ৰ নিৰ্গমন বিশ্বৰ গড়ৰ তিনিগুণ। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ বোজাৰ ৮০% হৈছে উন্নত দেশসমূহৰ নিৰ্গমন, যাৰ বাবে বিশ্বৰ উষ্ণতা বৃদ্ধি পাইছে। আনহাতে ক্ৰমবৰ্ধমান বোজাৰ ক্ষেত্ৰত আমাৰ অৱদান মাত্ৰ ৩% আৰু আমাৰ জনসংখ্যা হৈছে বিশ্বৰ জনসংখ্যাৰ ১৭%৷”

মন্ত্ৰীগৰাকীৰ সৈতে ‘নমনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প’ ভ্ৰমণৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয় শক্তি দপ্তৰৰ সচিব শ্ৰী পংকজ আগৰৱালা;  ‘এন এইচ পি চি’-ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক  শ্ৰী আৰ কে বিষ্ণয়;  শক্তি মন্ত্ৰালয়ৰ যুটীয়া সচিব (জল) শ্ৰী মহম্মদ আফজল; ‘এন এইচ পি চি’-ৰ সঞ্চালক (প্ৰকল্প)শ্ৰী বিশ্বজিৎ বসু; ‘এন এইচ পি চি’-ৰ সঞ্চালক (কাৰিকৰী) শ্ৰী আৰ কে চৌধুৰী; আৰু ‘নামনি সোৱণশিৰি প্ৰকল্প’ৰ ‘এইচঅ’পি’ শ্ৰী ৰাজেন্দ্ৰ প্ৰসাদ।

লগতে পঢ়ক:

***

PIB DELHI | Alok Mishra / Dheep Joy Mampilly/KB

 



(Release ID: 1980352) Visitor Counter : 106