মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়

পশুপালন আৰু দুগ্ধজাত সামগ্ৰী বিভাগৰ উদ্যোগত ২৬ নৱেম্বৰত গুৱাহাটীৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত "ৰাষ্ট্ৰীয় দুগ্ধ দিৱস ২০২৩"

অনুষ্ঠানত প্ৰদান কৰা হব ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা ২০২৩

Posted On: 25 NOV 2023 12:32PM by PIB Guwahati

পশুপালন আৰু দুগ্ধজাত সামগ্ৰী বিভাগে কাইলৈ গুৱাহাটীৰ পশু চিকিৎসা  মহাবিদ্যালয় খেলপথাৰত "ৰাষ্ট্ৰীয় দুগ্ধ দিৱস ২০২৩" উদযাপন কৰিব। এই বিশেষ দিৱসত আমাৰ দেশত দুগ্ধ খণ্ডৰ সাফল্য আৰু গুৰুত্বৰ বিষয়ে  আলোকপাত কৰি "ভাৰতত শ্বেত বিপ্লৱৰ জনক" ড০ ভাৰ্গিজক তেওঁৰ  ১০২ সংখ্যক  জন্ম জয়ন্তীক স্মৰণ কৰা হব।
 
কেন্দ্ৰীয় মীন পালন, পশুপালন আৰু দুগ্ধ  উৎপাদন দপ্তৰৰ মন্ত্ৰী শ্ৰী পৰশোত্তম ৰূপালা অনুষ্ঠানটোত  মুখ্য অতিথি হিচাবে উপস্থিত থাকিব। মীন পালন, পশুপালন আৰু দুগ্ধজাত সামগ্ৰী উৎপাদন দপ্তৰৰ  ৰাজ্যিক মন্ত্ৰী ড০ সঞ্জীৱ কুমাৰ বালিয়ান আৰু  অসম, মেঘালয় তথা  অৰুণাচল প্ৰদেশৰ পশুপালন দপ্তৰৰ মন্ত্ৰীসকলেও এই অনুষ্ঠানত উপস্থিত থাকিব।

কেন্দ্ৰীয় পশুপালন আৰু দুগ্ধ বিভাগৰ সচিব  শ্ৰীমতী অলকা উপাধ্যায়ৰ লগতে জ্যেষ্ঠ বিষয়াসকলে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৰ সময়ত উদ্ভাৱনী প্ৰযুক্তি, পশুধন সামগ্ৰী আৰু সেৱা প্ৰদৰ্শন সমপৰ্কীয়  এক প্ৰদৰ্শনী তথা  উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে এক পশুখাদ্য ৰণনীতি প্ৰস্তুত কৰাৰ বিষয়ত  বিশেষ গুৰুত্ব আৰোপ কৰি খাদ্য আৰু পশুখাদ্যৰ  বিষয়   দি  কাৰিকৰী অধিৱেশনৰো আয়োজন কৰা হৈছে। অনুষ্ঠানটোত এ-হেল্প (স্বাস্থ্য আৰু পশুধন উৎপাদন সম্প্ৰসাৰণৰ বাবে স্বীকৃত এজেণ্ট) কাৰ্যসূচীৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভৰ সময়সূচীও নিৰ্ধাৰণ কৰা হৈছে।
 
 ৰাজ্যিক পশুপালন বিভাগ, অসম পশুধন উন্নয়ন ব'ৰ্ড আৰু নেছনেল ডেইৰী ডেভেলপমেণ্ট বৰ্ড (এনডিডিবি)ৰ সহযোগত আয়োজিত এই  অনুষ্ঠানতে  সন্মানীয় ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা ২০২৩  প্ৰদান কৰা হ'ব।

 



(Release ID: 1979854) Visitor Counter : 91