তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
iffi banner
1 8

শান্তি উদযাপনঃ ৫৪ সংখ্যক আইএফএফআইত সন্মানীয় আইচিএফটি-ইউনেস্ক’ গান্ধী পদকৰ বাবে দহখন ছবিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে

মহাত্মা গান্ধীৰ কালজয়ী আদৰ্শৰে বাট বুলি ইউনেস্ক’ৰ আইচিএফটি ছবিসমূহে ৫৪ সংখ্যক আইএফএফআইত শান্তি, সহিষ্ণুতা, অ-হিংসা আৰু কাৰুণ্যৰ ধ্বজাবাহক হিচাপে আত্মপ্ৰকাশ কৰিছে

৫৪ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)ত সন্মানীয় আইচিএফটি – ইউনেস্ক’ গান্ধী পদকৰ বাবে মনোনীত আৰু প্ৰতিদ্বন্দ্বিতা কৰা সমগ্ৰ বিশ্বৰ দহখন চলচ্চিত্ৰ ভিন্ন মহোৎসৱত প্ৰদৰ্শিত হৈছে। আইচিএফটি-ইউনেস্ক’ গান্ধী পদক শিতানত ইউনেস্ক’ৰ সমৰ্থিত মহাত্মা গান্ধীৰ কালজয়ী আদৰ্শক সামৰি লোৱা হৈছে, য’ত গান্ধীৰ দৰ্শন অনুৰণিত হৈছে আৰু ই সমন্বয়, বুজাবুজি আৰু শান্তিৰে শিপাই থকা এখনি বিশ্বৰ পোষকতা কৰিছে।

প্ৰতিযোগিতাখনিৰ বাবে যোগ্যতা আহৰণ কৰা এই চলচ্চিত্ৰসমূহে সংঘাত আৰু বিশৃংখলাই আগুৰি থকা বিশ্বখনত শান্তি, সহনশীলতা, অহিংসা, আৰু মমতাৰ বাবে আমাৰ চেতনাক পুনৰ সংযুক্ত কৰিছে।

এইবাৰ বিশ্বৰ ভিন্ন প্ৰান্তৰ দহখন উল্লেখযোগ্য চলচ্চিত্ৰই এই বঁটাৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছেঃ

১) মুয়ায়াদ আলায়নৰ ‘এ হাউচ ইন জেৰুজালেম’ (পেলেষ্টাইন, যুক্তৰাজ্য, জাৰ্মানী, নেদাৰলেণ্ড, কাটাৰ, ২০২২)।

                                                                     

 

ছবিখনে জেৰুজালেমৰ সংঘাতপূৰ্ণ পৰিস্থিতি আৰু বিশ্বাসৰ পটভূমিত মানৱ সম্পৰ্কৰ গুৰুত্ব সন্দৰ্ভত অন্বেষণ কৰিছে। চহৰখনৰ ঐতিহাসিক আৰু ৰাজনৈতিক উত্তেজনাৰ মাজত ব্যক্তিৰ সংগ্ৰাম আৰু আকাংক্ষাত ছবিখনে গভীৰভাৱে গুৰুত্ব আৰোপ কৰিছে।

 

২) টিনাটিন কাজৰিছভিলিৰ ‘চিটিজেন চেইন্ট’ (জৰ্জিয়া, ২০২৩)।

                                                                       

 

জৰ্জিয়াৰ পটভূমিত নিৰ্মিত এই ছবিখনে সামাজিক প্ৰত্যাহ্বানৰাজিৰ মাজত নৈতিক অখণ্ডতা অক্ষুণ্ণ ৰাখিবলৈ প্ৰয়াস কৰা এজন ব্যক্তিৰ জীৱন সম্পৰ্কে আলোকপাত কৰে। ইয়াত ব্যক্তিগত ত্যাগ আৰু ধাৰ্মিকতাৰ সন্ধানৰ এক মৰ্মান্তিক চিত্ৰণ আগবঢ়োৱা হৈছে।

 

৩/ এন্থনী চেনৰ ‘ড্ৰিফ্ট’ (যুক্তৰাজ্য, ফ্ৰান্স, গ্ৰীচ, ২০২৩)।

                                                                      

বিভিন্ন দেশৰ জীৱনক আন্তঃসংলগ্ন কৰি ৰখা এটা আখ্যানে পৰিচয়, আন্তঃসম্পৰ্ক আৰু সংযোগৰ বাবে মানৱীয় অনুসন্ধানৰ বিষয়বস্তু অন্বেষণ কৰিছে। জীৱনৰ অনিশ্চয়তাৰ মাজেৰে গতি কৰিলে কেনেকৈ অভাৱনীয় বন্ধনৰ সৃষ্টি হ’ব পাৰে সেয়া ছবিখনত চিত্ৰিত কৰা হৈছে।

 

৪) এপলিন ট্ৰাওৰেৰ “ইট’ছ চিৰা” (ফ্ৰান্স, জাৰ্মানী, চেনেগাল, ২০২৩)।

                                                                       

 

বহু-সাংস্কৃতিক দৃষ্টিকোণেৰে এই ছবিখনে ভৌগোলিক আৰু সাংস্কৃতিক সীমা অতিক্ৰমেৰে সহভাজিত কৰা মানৱ অভিজ্ঞতাসমূহক উন্মোচন কৰিছে।

 

 

৫) অভে মাষ্টিঙৰ ‘কালেভ’ (ইষ্ট’নিয়া, ২০২২)।

                                                                     

 

ইষ্ট’নিয়াত নিৰ্মিত এই ছবিখনে দেশখনৰ সাংস্কৃতিক সত্তাক দাঙি ধৰিছে। ইয়াত ব্যক্তিগত আৰু সামূহিক পৰিচয়ৰ আন্তঃসংলগ্ন বিষয়ৰ প্ৰতিফলন ঘটাই জাতীয় ইতিহাসৰে জড়িত ব্যক্তিগত যাত্ৰাক চিত্ৰিত কৰা হৈছে।

 

 

৬) পল ফ’জান আগুষ্টাৰ ‘দ্য প্ৰাইজ’ (ইণ্ডোনেছিয়া, ২০২২)।

                                                                      

 

ইণ্ডোনেছিয়াৰ এই ছবিখনে উচ্চাকাংক্ষা আৰু সফলতাৰ আঁৰৰ জটিলতাক চিত্ৰিত কৰিছে। স্বীকৃতি আৰু কৃতিত্বৰ সন্ধানত ব্যক্তিসকলে সন্মুখীন হোৱা নৈতিক দ্বিধা-দ্বন্দ্বৰ বিষয়ে ছবিখনে অনুসন্ধান কৰিছে।

 

 

৭) জন টৰ্নব্লাডৰ ‘দ্য চুগাৰ এক্সপেৰিমেন্ট’ (ছুইডেন, ২০২২)।

                                                                      

 

ছুইডেনত পৰিৱেশিত এই ছবিখনে সমাজৰ নীতি-নিয়ম আৰু ব্যক্তিগত পছন্দৰ ওপৰত আলোকপাত কৰিছে। ইয়াত সমাজৰ নিৰ্মাণৰ সৈতে ব্যক্তিগত পৰীক্ষা-নিৰীক্ষাসমূহে প্ৰতিষ্ঠিত দৃষ্টান্তবোৰক কেনেকৈ প্ৰত্যাহ্বান জনাব পাৰে, সেই বিষয়ে অন্বেষণ কৰা হৈছে।

 

৮) ৰাকেশ চতুৰ্বেদী ওমৰ ‘মণ্ডলী’ (ভাৰত, ২০২৩)।

                                                                      

 

ভাৰতীয় মূলৰ এই ছবিখনে বন্ধুত্ব, আনুগত্য আৰু ব্যক্তিগত বিকাশৰ  পৰিৱেশ অতিক্ৰম কৰিছে। ইয়াত সম্পৰ্কৰ পৰিৱৰ্তনশীল শক্তি আৰু ইয়াৰ অনুঘটক হিচাপে কাম কৰা যাত্ৰাসমূহক সামৰি লোৱা হৈছে।

 

৯) বিষ্ণু শশী শংকৰৰ ‘মালিকাপুৰম’ (ভাৰত, ২০২২)।

                                                                     

 

ভাৰতৰ কেৰালাৰ সাংস্কৃতিক পৰিৱেশত নিৰ্মিত এই ছবিখনে সমাজৰ প্ৰত্যাশাৰ মাজত সম্পৰ্কৰ জটিলতাক চিত্ৰিত কৰিছে। ই মানৱ সংযোগৰ আৱেগ আৰু ইয়াৰ মাজত উদ্ভৱ হোৱা সংঘাতবোৰক প্ৰতিফলিত কৰিছে।

 

১০) সায়ন্তন ঘোষালৰ ‘ৰবীন্দ্ৰ কাব্য ৰহস্য’ (ভাৰত, ২০২৩)।

                                                                     

 

ভাৰতৰ বংগৰ পটভূমিত নিৰ্মিত ছবিখনে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ সাৰমৰ্মক সামৰি লৈছে, মানুহৰ আৱেগ আৰু সম্পৰ্কৰ অন্তৰ্নিহিত ৰহস্যসমূহ উন্মোচন কৰিছে।

 

এই চলিচ্চত্ৰ-ৰত্নবোৰে দৰ্শকক আকৰ্ষিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, যি আমাৰ পৃথিৱীত "শান্তি"ৰ তাৎপৰ্যক গভীৰভাৱে শক্তিশালী কৰি সামূহিক কাৰ্যকলাপক অনুপ্ৰাণিত কৰে, এখন উন্নত পৃথিৱীক পৰিপুষ্ট দান কৰে আৰু মানৱতাৰ সত্তাক উপলব্ধি কৰায়।

আই চি এফ টি পেৰিছ আৰু ইউনেস্কোৰ দ্বাৰা প্ৰৱৰ্তন কৰা গান্ধী পদক হৈছে মহাত্মা গান্ধীৰ শান্তি আৰু অহিংসাৰ দৃষ্টিভংগীক সৰ্বোত্তমভাৱে প্ৰতিফলিত কৰা এখন ছবিৰ প্ৰতি আই এফ এফ আইত প্ৰতি বছৰে আগবঢ়োৱা শ্ৰদ্ধাঞ্জলি। ১৯৯৪ চনত আৰম্ভ হোৱাৰ পৰাই এই বঁটাটোৱে এই স্থায়ী মূল্যবোধসমূহক সামৰি লোৱা ছবিসমূহক স্বীকৃতি দি আহিছে।

 

* * *

PIB Team IFFI | Rajith/ Nikita/ Meghana/Naseer/Darshana | IFFI 54 - 046




(Release ID: 1979494) Visitor Counter : 98