তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

মালয়ালম ছবি আট্টমেৰে আৰম্ভ ৫৪সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় পেনোৰমাৰ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ শিতান

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী ছবিখনৰ পৰিচালক হিচাপে মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছো: পৰিচালক আনন্দ একাৰ্শী

আট্টম অতি ব্যক্তিগত, এখন পাৰিবাৰিক ছবি যি মোৰ বুকুৰ অতি আপোন: অভিনেতা বিনয় ফৰ্ট

Posted On: 22 NOV 2023 2:43PM by PIB Guwahati

৫৪সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে এক সুন্দৰ চিনেমাৰ অভিজ্ঞতা প্ৰদান কৰা ইণ্ডিয়ান পেনোৰমা শিতান মালয়ালম ছবি আট্টামৰ জৰিয়তে কালি  মুকলি কৰা হয়। আনন্দ একাৰ্শীৰ পৰিচালিত আট্টম ছবিখনত কিছু অস্বস্তিকৰ পৰিস্থিতিত পৰা এজন ব্যক্তি আৰু এটা গোটৰ মাজৰ কাহিনীক চিত্ৰিত কৰা হৈছে।

                                                                             

গোৱাত অনুষ্ঠিত ভাৰতৰ ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ সময়ত আট্টম ছবিৰ পৰিচালক আনন্দ একাৰ্শীয়ে কয় যে ছবিখনৰ মূল বিষয়বস্তু কোনো লিংগ বা পিতৃতান্ত্ৰিক নহয়। ব্যক্তি আৰু গোটৰ মাজত গতিশীলতাৰ স্তৰত ছবিখনৰ কল্পনা কৰা হৈছে, য’ত গোটটো পুৰুষৰ আৰু ব্যক্তিগৰাকী এগৰাকী মহিলা। তেওঁ কয় যে কাহিনীটোত লিংগ অধ্যয়ন জড়িত হৈ আছে যদিও ছবিখন নিজেই অঞ্চল বা লিংগবিশিষ্ট নহয়।

চলচ্চিত্ৰ পৰিচালক একাৰ্শীয়ে ১৪০ মিনিটৰ এই ছবিখনৰ নেতৃত্ব দিয়াৰ লগতে বিনয় ফৰ্ট আৰু জাৰিন শ্বিহাবে অভিনেতা-অভিনেত্ৰীসকলক নেতৃত্ব প্ৰদান কৰিছে। ছবিখনৰ কাহিনীভাগৰ বিষয়ে কওঁতে তেওঁ কয় যে ছবিখনত এজন ব্যক্তি আৰু এটা গোটৰ মাজত বিৱৰ্তনশীল গতিশীলতাক চিত্ৰিত কৰা হৈছে। এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এই ছবিখন ‘১২ এংগ্ৰী মেন’ৰ দ্বাৰা অনুপ্ৰাণিত নহয়, বৰঞ্চ ই এক স্বাভাৱিক অগ্ৰগতি কিন্তু মোৰ ছবিখনৰ বাবে এনে এখন ছবিৰ সৈতে তুলনা কৰাটো এক সন্মানৰ কথা। আট্টম ছবিখন কেনেদৰে কল্পনা কৰা হৈছিল সেই সন্দৰ্ভত তেওঁ কয় যে ক'ভিড মহামাৰীৰ সময়ত বন্ধু-বান্ধৱীৰ সৈতে ভ্ৰমণৰ সাধাৰণ কথা-বতৰাৰ সময়ত ছবিখনৰ ধাৰণা মনলৈ অহা বুলি তেওঁ প্ৰকাশ কৰে।

মুখ্য অভিনেতা বিনয় ফৰ্টে এই ছবিখনৰ ধাৰণা সম্পৰ্কত কয় যে তেওঁ ২০ বছৰীয়া থিয়েটাৰ বন্ধুসকলৰ সৈতে থকা বন্ধুত্বক ছবিৰ জড়িয়তে দেখুওৱাৰ সিদ্ধান্ত লৈ এই ছবি নিৰ্মাণৰ কথা ভাবিছিল। ফৰ্টেই কয় যে ছবিখন নিৰ্মাণৰ দায়িত্ব আমাৰ গোটৰ ভিতৰত আটাইতকৈ "সৃষ্টিশীল আৰু মেধাৱী" আনন্দক দিয়া হৈছিল। এই ধাৰণাটোৱে অৱশেষত আট্টম ছবিৰ ৰূপ ল’লে। তেওঁ কয় যে আট্টম ছবিখন অতি ব্যক্তিগত, আৰু ই মোৰ হৃদয়ৰ কাষত থকা এখন পাৰিবাৰিক ছবি।

অভিনেতা ফৰ্টেই আনন্দৰ পৰিচালনাৰ দক্ষতাক প্ৰশংসা কৰে। তেওঁ কয় যে আনন্দ একাৰ্শীয়ে প্ৰতিজন অভিনেতাৰ শক্তি আৰু সীমাবদ্ধতা বুজি পাইছিল আৰু ইয়াক অতি ভালদৰে পালন কৰিছিল আৰু দৰ্শকৰ দৃষ্টিকোণৰ পৰা এখন সফল ছবি নিৰ্মাণ কৰিছিল। অভিনেতা হিচাপে তেওঁক কিহে প্ৰেৰণা দিয়ে সেই প্ৰশ্নত ফৰ্টেই কয় যে ৰোমাঞ্চকৰ চিত্ৰনাট্য, প্ৰত্যাহ্বানমূলক চৰিত্ৰ আৰু এনেধৰণৰ অন্যান্য কাৰকসমূহ গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে।

ছবিখনৰ বিষয়ে কওঁতে অভিনেত্ৰী জৰীন শ্বিহাবে কয় যে এই ছবিখনে লাভ কৰা সঁহাৰি কল্পনাতীত। পৰিচালক আনন্দক শলাগ লয় জাৰিনে। থিয়েটাৰ শিল্পীসকলে একেলগে ছবিৰ বাবে কাম কৰা দেখি বৰ ভাল লাগে আৰু আনন্দে পৰ্দাৰ বাবে অতি চতুৰতাৰে নাটকীয় যন্ত্ৰ আৰু উপাদান ব্যৱহাৰ কৰিছে বুলি কয়।

এই সন্দৰ্ভত পৰিচালক আনন্দ একাৰ্শীয়ে কয় যে ৯জন অভিনেতাৰ বাবে এইখনেই প্ৰথমখন ছবি আছিল আৰু তেওঁলোকক থিয়েটাৰৰ পৰা চিনেমাৰ কামত লগোৱাটো এক বিশেষ কাম। তেওঁ কয় যে এটা শ্বটৰ বাবে অভিনয় কৰাটো থিয়েটাৰ অভিনেতাসকলৰ বাবে এক প্ৰত্যাহ্বান।  শ্বুটিঙৰ পূৰ্বে কেমেৰা আৰু চেটৰ লগত অভ্যস্ত হ’বলৈ ৩৫ দিনৰ আখৰা কৰা হৈছিল, গতিকে আখৰাটোৱেই আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ।

ছবিখনৰ শব্দ ডিজাইনাৰ ৰেংগনাথ ৰবিয়ে এটা স্থানতে ১৩ জন অভিনেতাৰ সৈতে শ্বুটিং কৰাৰ প্ৰত্যাহ্বানৰ বিষয়ে কয়। তেওঁ ছবিখনত এক সূক্ষ্ম স্তৰ যোগ কৰি শব্দ ডিজাইনেৰে ইয়াক আকৰ্ষণীয় কৰি তুলে।

আট্টম:  এগৰাকী মহিলা আৰু বাৰজন পুৰুষক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এই নাটকীয় ছবিখন আৰাংগু নামৰ নাট্যগোষ্ঠীৰ এখন নাটক। হৰিৰ বন্ধু ক্ৰীছ আৰু এমিলিয়ে দিয়া প্ৰস্তাৱৰ পাছতেই তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ সুযোগ পায়। নাটকখনৰ একমাত্ৰ মহিলা চৰিত্ৰ অঞ্জলীয়ে বিনয়ৰ প্ৰেমত পৰে তেওঁক কয় যে ক্ৰীছ আৰু এমিলিয়ে আয়োজন কৰা পাৰ্টিত হৰি তেওঁৰ লগত বেয়া আচৰণ কৰিছিল। বিনয়ে সেই কথা মদনক কয় আৰু হৰিৰ প্ৰকৃত চৰিত্ৰ উদঙাই দিবলৈ পৰিকল্পনা কৰে। সেই কথা বাকীসকলৰ সৈতে আলোচনা কৰিবলৈ সন্মত হয় আৰু অৱশেষত হৰিক বহিষ্কাৰ কৰা হয়। এনেদৰেই পৰিঘটনাবোৰ আগবাঢ়ি যায় আৰু প্ৰকৃত সত্য ওলাই অহাৰ পাছত বাস্তৱ আৰু অধিক আচহুৱা যেন লাগিব ধৰে।

কলা-কুশলীসমূহ:

পৰিচালক: আনন্দ একাৰ্শী

প্ৰযোজক: জয় মুভি প্ৰডাকচন এল এল পি

লেখক: আনন্দ একাৰ্শী

ডি অ’ পি: অনুৰুদ্ধ অনিশ

সম্পাদক: মহেশ ভুৱনেন্দ

অভিনয়: বিনয় ফৰ্ট, জাৰিন শ্বিহাব

* * *

PIB Team IFFI | AR



(Release ID: 1978991) Visitor Counter : 95