তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে ৫৪সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভিএফএক্স আৰু টেক পেভিলিয়ন উদ্বোধন কৰে

নতুন প্ৰযুক্তিগত হস্তক্ষেপ গ্ৰহণ কৰি ভাৰত পোষ্ট প্ৰডাকচন উদ্যোগৰ কেন্দ্ৰবিন্দু হৈ পৰিছে: তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী

“ভিএফএক্স আৰু টেক পেভিলিয়নে ভাৰতৰ পোষ্ট প্ৰডাকচন উদ্যোগক আৰু অধিক উন্নীত কৰিব।”

Posted On: 21 NOV 2023 2:55PM by PIB Guwahati

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে আজি গোৱাত অনুষ্ঠিত ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) অংশ হিচাপে ভিএফএক্স আৰু টেক পেভিলিয়ন উদ্বোধন কৰে। আইএফএফআইত এনএফডিচিৰ দ্বাৰা চলচ্চিত্ৰ বজাৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে স্থাপন হোৱা, ভিএফএক্স আৰু টেক পেভিলিয়নে এনিমেচন, ভিজুৱেল ইফেক্ট, ভাৰ্চুৱেল ৰিয়েলিটি আৰু চিজিআইৰ ক্ষেত্ৰত চলচ্চিত্ৰ নিৰ্মাণ প্ৰযুক্তিৰ কিছুমান গতিশীল আৰু অত্যাধুনিক অগ্ৰগতিসমূহ প্ৰদৰ্শন কৰিব।

শ্ৰী ঠাকুৰে চিনে মিউজিয়াম, এমাজন প্ৰাইম আৰু নেটফ্লিক্স ভিউইং জ’ন আদিকে ধৰি পেভিলিয়নৰ বিভিন্ন অংশ উদ্বোধন কৰাৰ লগতে পৰিদৰ্শন কৰে। শ্ৰী ঠাকুৰে চ’নীৰ ফুল ফ্ৰেম চিনেমা লাইন কেমেৰাৰ ব্যৱহাৰ প্ৰত্যক্ষ কৰাৰ লগতে ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুম’ৰ’ৰ  অধীনত নিৰ্বাচিত ৭৫ গৰাকী যুৱ চলচ্চিত্ৰ নিৰ্মাতাৰ সৈতে মত বিনিময় কৰে। টেক পেভিলিয়নৰ বুক টু বক্স শিতানৰ অধীনত নিৰ্বাচিত লেখকসকলৰ সৈতেও তেওঁ মত বিনিময় কৰে।

                                                                                     

শ্ৰী ঠাকুৰে কয় যে মাধ্যম আৰু মনোৰঞ্জন অৰ্থনীতিৰ ক্ষেত্ৰত দশমৰ পৰা পঞ্চম স্থানলৈ  হোৱা ভাৰতৰ অগ্ৰগতি অভূতপূৰ্ব। তেওঁ কয়, ''দেশত প্ৰযোজিত চলচ্চিত্ৰ আৰু মিডিয়া সমলৰ প্ৰতিভা আৰু পৰিমাণৰ পৰিপ্ৰেক্ষিতত, ভাৰত শীঘ্ৰেই বিশ্বৰ তৃতীয় সৰ্ববৃহৎ মিডিয়া আৰু মনোৰঞ্জন উদ্যোগত পৰিণত হ'ব।

মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নতুন প্ৰযুক্তিগত হস্তক্ষেপ আৰু উদ্ভাৱন গ্ৰহণ কৰি আছে। তেওঁ লগতে কয় যে '' আমাৰ যুৱ আৰু শিশুসকলৰ প্ৰতিভা আৰু আমাৰ উদ্যোগৰ নেতৃবৃন্দৰ উদ্ভাৱনৰ দ্বাৰা সমৰ্থিত চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ আৰু পোষ্ট প্ৰযোজনাৰ ক্ষেত্ৰত ভাৰত হৈছে আটাইতকৈ বেছি বিচৰা গন্তব্যস্থান।

নতুন প্ৰযুক্তিগত হস্তক্ষেপৰ ভূমিকাক আলোকপাত কৰি শ্ৰী ঠাকুৰে কয়, “ভাৰতখন কাহিনীকাৰেৰে ভৰি আছে। মানুহে নিমজ্জিত, সৃষ্টিশীল আৰু মৌলিক বিষয়বস্তু ভাল পায় আৰু উপভোগ কৰে।” সংবাদ মাধ্যম আৰু চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰখনত মনোৰঞ্জন দিয়াৰ লগতে দৰ্শকক জ্ঞান প্ৰদানৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

ঠাকুৰ ডাঙৰীয়াই কয়, “ভাৰত হৈছে পোষ্ট প্ৰডাকচনৰ কেন্দ্ৰ। নতুনকৈ প্ৰতিষ্ঠা হোৱা ভিএফএক্স আৰু টেক পেভিলিয়নে চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত পোষ্ট প্ৰডাকচনক আৰু অধিক প্ৰসাৰিত কৰিব।''

সৃষ্টিশীল আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰৰ বিশেষজ্ঞসকলে ভাৰ্চুৱেল জগত সৃষ্টি কৰি, বুদ্ধিমান চৰিত্ৰ সৃষ্টিৰে আৰু দৃশ্যক অতিক্ৰম কৰিবলৈ ব্যক্তিগত অভিজ্ঞতা ভাগ-বতৰা কৰি চলচ্চিত্ৰ নিৰ্মাণৰ সম্ভাৱনা আৰু উন্নতি মুকলি কৰিব।

                                                                                      

এই বছৰ অংশগ্ৰহণ কৰা কিছুমান জনপ্ৰিয় ব্ৰেণ্ডৰ ভিতৰত আছে গুগল আৰ্টছ এণ্ড কালচাৰ, নেটফ্লিক্স, আৰু আমাজন।

অনুষ্ঠানত শ্ৰী ঠাকুৰৰ সৈতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰীমতী নীৰজা শেখৰ; আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সম্পাদক (চলচ্চিত্ৰ) আৰু এন এফ ডি চিৰ এম ডি শ্ৰী পৃথুল কুমাৰও উপস্থিত থাকে।

* * *

 

PIB Team IFFI | AR



(Release ID: 1978707) Visitor Counter : 82