তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
iffi banner
0 6

আইএফএফআই চিনে-মেলা উদ্বোধন কৰিলে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্তে

কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি, যুৱ পৰিক্ৰমা তথা ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্তে আজি গোৱাৰ পানাজীৰ যোগ সেঁতুত আইএফএফআই চিনে-মেলা যুটীয়াভাৱে উদ্বোধন কৰে।

                                                                                  

শ্ৰী অনুৰাগ সিং ঠাকুৰে ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভৰ দ্বাৰা স্থাপন কৰা  পেভিলিয়ন পৰিদৰ্শন কৰে।  এই পেভিলিয়নৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য মিছনৰ অধীনত ভাৰতৰ চলচ্চিত্ৰ ঐতিহ্য সংৰক্ষণ,  ডিজিটাইজেচন আৰু ভাৰতীয় চলচ্চিত্ৰ গৰিমা উজ্জ্বল কৰি তোলা।

                                                                                  

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে  গোৱাৰ মুখ্যমন্ত্ৰীয়ে  ভাৰতীয় চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ পেভিলিয়ন পৰিদৰ্শন কৰে।

আইএফএফআই কেৱল চলচ্চিত্ৰৰ উৎকৰ্ষতাৰ প্ৰদৰ্শন নহয়, এয়া সাংস্কৃতিক বৈচিত্ৰ্যৰ উৎসৱো। চলিত বৰ্ষত  আই.এফ.এফ.আই. চিনে-মেলা  চলচ্চিত্ৰ উৎসৱত এক অভূতপূৰ্ব চমৎকাৰী  সংযোজন হিচাবে বিবেচিত হৈছে। য'ত আই.এফ.এফ.আইত অংশগ্ৰহণকাৰী আৰু  স্থানীয় লোক আৰু আই.এফ.এফ.আই.-ৰ বাবে পঞ্জীয়ন নকৰা পৰ্যটকসকলেও চিনেমা, কলা, সংস্কৃতি, কাৰু শিল্প, খাদ্য আদিৰ বিশেষ অভিজ্ঞতাৰ লগতে  ৰোমাঞ্চকৰ পৰিবেশ এটা  উপভোগ কৰিব পাৰিব।

                                                                                   

২০২১-২২ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ মুঠ ৫৪৪.৮২ কোটি টকা  ব্যয়ৰে  তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ২০১৬ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য মিছন আৰম্ভ কৰিছিল।  ভাৰতীয় চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়টো ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ১৯ জানুৱাৰী, ২০১৯ তাৰিখে মুম্বাইৰ ফিল্মছ ডিভিজন চৌহদত উদ্বোধন কৰিছিল।

 

* * *

 

PIB Team IFFI |  DM

iffi reel

(Release ID: 1978703) Visitor Counter : 114