তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
উত্তৰাখণ্ডৰ ছিল্কিয়াৰাত চলিত উদ্ধাৰ অভিযানক চাঞ্চল্যকৰ নকৰিবঃ টিভি চেনেলসমূহক পৰামৰ্শ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ
प्रविष्टि तिथि:
21 NOV 2023 2:12PM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আজি টেলিভিছন চেনেলসমূহক উত্তৰাখণ্ডৰ ছিল্কিয়াৰাত চলি থকা উদ্ধাৰ অভিযানক চাঞ্চল্যকৰ নকৰিবলৈ আৰু উদ্ধাৰ অভিযান চলি থকা সুৰংগ স্থানৰ ওচৰৰ পৰা কোনো ধৰণৰ পোনপটীয়া সম্প্ৰচাৰ/ভিডিঅ’ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব থাকিবলৈ পৰামৰ্শ আগবঢ়ায় যাতে উদ্ধাৰ অভিযান স্থানৰ ওচৰত বা চাৰিওফালে কেমেৰামেন, ৰিপ'ৰ্টাৰ বা যাৱতীয় সামগ্ৰীৰ বাবে অভিযানত বিঘিনি নঘটে৷
চৰকাৰে নিৰন্তৰ যোগাযোগ অব্যাহত ৰখাৰ লগতে ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মিত সুৰংগত আবদ্ধ শ্ৰমিকসকলৰ মনোবল বজাই ৰাখিবলৈ সকলো প্ৰচেষ্টা হাতত লৈছে। ৪১জন শ্ৰমিকক নিৰাপদে উদ্ধাৰ কৰাৰ বাবে বিভিন্ন চৰকাৰী সংস্থাই অক্লান্তভাৱে কাম কৰি আছে। সুৰংগটোৰ চাৰিওফালে চলি থকা অভিযান অত্যন্ত স্পৰ্শকাতৰ, কিয়নো ইয়াত ইমানবোৰ লোকৰ জীৱন ৰক্ষাৰ কথা জড়িত হৈ আছে৷ বিশেষকৈ উদ্ধাৰ অভিযানৰ স্থানৰ ওচৰত কেমেৰা আৰু অন্যান্য সঁজুলি ৰাখি টিভি চেনেলসমূহৰ অভিযানৰ সৈতে জড়িত ভিডিঅ’ ফুটেজ আৰু অন্যান্য ছবিৰ সম্প্ৰচাৰে উদ্ধাৰ অভিযানত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।
মন্ত্ৰালয়ে টিভি চেনেলসমূহক বিষয়টোৰ সন্দৰ্ভত বাতৰি পৰিৱেশন কৰাৰ সময়ত, বিশেষকৈ শিৰোনাম, ভিডিঅ’ আৰু ছবি প্ৰকাশ কৰাৰ ক্ষেত্ৰত সাৱধান আৰু সংবেদনশীল হ’বলৈ আৰু উদ্ধাৰ অভিযানৰ স্পৰ্শকাতৰ দিশ, পৰিয়ালৰ সদস্যসকলৰ লগতে দৰ্শকৰ মানসিক অৱস্থাৰ প্ৰতিও সঠিক গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়ায়৷
বিতং পৰামৰ্শ তলৰ লিংকত উপলব্ধ:
https://new.broadcastseva.gov.in
***
PPG/SS/DB
(रिलीज़ आईडी: 1978537)
आगंतुक पटल : 136