তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

বিদেশী চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ইনচেণ্টিভ ব্যয় ৪০% লৈ বৃদ্ধি কৰা হ’ব, ইয়াৰ সীমা ২.৫ কোটি টকাৰ পৰা ৩০ কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে: অনুৰাগ সিং ঠাকুৰ

'৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অফ টুমৰো'ৰ বাবে নিযুক্তি অভিযান ঘোষণা

এনে পদক্ষেপ ৫৪ সংখ্যক আইএফএফআইৰ বাবে এক বিশেষ প্ৰেৰণা হ’ব

আইএফএফআইয়ে ৪০ গৰাকী উল্লেখযোগ্য মহিলা চলচ্চিত্ৰ নিৰ্মাতাৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰিব

Posted On: 20 NOV 2023 8:05PM by PIB Guwahati

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে কয় যে ভাৰতে দেশত বিদেশী চলচ্চিত্ৰ নিৰ্মাণক উৎসাহ প্ৰদান কৰিবলৈ  ৩০ কোটি টকাৰ বৰ্ধিত সীমাৰ (৩.৫ নিযুত আমেৰিকান ডলাৰৰো অধিক) সৈতে ব্যয়ৰ পৰিমাণ  ৪০% লৈ বৃদ্ধি কৰিব। ইয়াৰ পূৰ্বে  ইনচেণ্টিভৰ বাবে প্ৰতিটো প্ৰকল্পৰ ব্যয়ৰ সীমা মাত্ৰ ২.৫  কোটি টকা আছিল।  গোৱাৰ পানাজীত অনুষ্ঠিত ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত  উদ্বোধনী ভাষণ  প্ৰদান কৰি তেওঁ লগতে কয় যে ছবিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভাৰতীয় সমল(কনটেণ্ট)ৰ (এছআইচি) বাবে অতিৰিক্ত ৫% বোনাচ প্ৰদান কৰা হ’ব।

                                                                   

শ্ৰী ঠাকুৰে লগতে প্ৰকাশ কৰে কিংবদন্তী অভিনেত্ৰী মাধুৰী দীক্ষিতলৈ সন্মান প্ৰদৰ্শন কৰি  ভাৰতৰ ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁক 'ভাৰতীয় চলচ্চিত্ৰলৈ অৱদানৰ বাবে বিশেষ স্বীকৃতি' বঁটাৰে সন্মানিত কৰা হয়। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে এক্সৰ এটা পোষ্টত কয়, " অভিনেত্ৰী মাধুৰী দীক্ষিতে চাৰিটা  দশক ধৰি অতুলনীয় প্ৰতিভাৰে ৰূপালী পৰ্দাত আকৰ্ষণীয় হৈ আহিছেনিজৰ প্ৰতিভা উজাৰি দিছে।"

                                                                        

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে '৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰো'ত নিৰ্বাচিত যুৱক- যুৱতীসকলৰ  বাবে এক নিযুক্তি অভিযানৰ কথাও ঘোষণা কৰে। তেওঁলোকৰ  প্ৰতিভাৰ বিকাশ  আৰু কেৰিয়াৰৰ  বাবে সীমাহীন সুযোগৰ  দুৱাৰ মুকলি কৰা হৈছে বুলিও তেওঁ কয় ।   '৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰো'ৰ এয়া তৃতীয় সংস্কৰণত। এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল হৈছিল ২০২১ চনত।  প্ৰধানমন্ত্ৰীয়ে দেশক  যুৱ প্ৰজন্মক চলচ্চিত্ৰৰ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ সৃষ্টিশীল অভিব্যক্তি প্ৰদৰ্শন কৰাৰ  এখন মঞ্চ প্ৰদান কৰাৰ বাবে ই ইচ্ছা ব্যক্ত কৰিছিল তাৰেই আধাৰত এয়া আৰম্ভ কৰা হৈছিল। চলিত বৰ্ষত ১০  টা শ্ৰেণীৰ প্ৰায় ৬০০ টা শাখাত ১৯  খন ৰাজ্যৰ পৰা ৭৫ গৰাকী যুৱ চলচ্চিত্ৰ নিৰ্মাতাক বাছনি কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে আইএফএফআইৰ এই সংস্কৰণত প্ৰৱৰ্তন কৰা এক নতুন শ্ৰেণীৰ বঁটা - শ্ৰেষ্ঠ ৱেব চিৰিজ (অ'টিটি) বঁটাৰ কথাও ঘোষণা কৰে। মহোৎসৱত নতুন উপাদানসমূহৰ বিষয়ত  আলোকপাত কৰি শ্ৰী অনুৰাগ ঠাকুৰে কয় যে আইএফএফআইয়ে ভাৰতত মূল সমল সৃষ্টিকৰ্তাসকলৰ পৰিৱৰ্তনশীল ভূমিকাক স্বীকাৰ কৰাৰৰ লগতে সেইবোৰক সন্মান জনাব, নিযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ স্বীকৃতি দিয়া হ’ব। মন্ত্ৰীগৰাকীয়ে লগতে কয়, "প্ৰথমবাৰৰ বাবে আইএফএফআইয়ে চিনেমা জগতৰ শেহতীয়া উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰাৰ বাবে এক কিউৰেটেড 'ভিএফএক্স এণ্ড টেক পেভিলিয়ন' প্ৰৱৰ্তন কৰি চলচ্চিত্ৰৰ বজাৰৰ পৰিসৰ বৃদ্ধি কৰিছে, আৰু অ-কল্পকাহিনীৰ প্ৰসাৰত  সহায় কৰিবলৈ ইয়াৰ সহ-প্ৰযোজনাৰ ক্ষেত্ৰ খনত এটা  তথ্যচিত্ৰ শাখাৰ ব্যৱস্থা  কৰিছে।"

মহিলা সবলীকৰণৰ উদ্দেশ্যৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰি শ্ৰী ঠাকুৰে কয় যে এই বছৰৰ আইএফএফআইত ৪০ গৰাকী উল্লেখযোগ্য মহিলা চলচ্চিত্ৰ নিৰ্মাতাৰ ছবি প্ৰদৰ্শন কৰা হ'ব। "তেওঁলোকৰ প্ৰতিভা, সৃজনশীলতা আৰু অনন্য দৃষ্টিভংগীয়ে উৎসৱটোক অনন্য মাত্ৰা প্ৰদান কৰিব" ।

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'সবকা সাথ, সবকা বিকাশ' মন্ত্ৰৰ জৰিয়তে এক সামগ্ৰিক আৰু উন্নত  ভাৰত গঢ়ি তোলাৰ বিষয়ত ধাৰাবাহিকভাৱে জোৰ দি আহিছে। প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীত আন এক মাত্ৰা যোগ কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ত গুৰুত্ব আৰোপ কৰে যে আইএফএফআইয়ে অন্তৰ্ভুক্তিক এক পথপ্ৰদৰ্শক নীতি হিচাপে গঢ়ি তুলি 'সবকা মনোৰঞ্জন' অৰ্থাৎ 'সকলোৰে বাবে মনোৰঞ্জন' ৰ নীতি গ্ৰহণ কৰিছে। তেওঁ কয় "এই বছৰৰ উৎসৱৰ সকলো স্থান বিশেষভাবে  সক্ষম লোকসকলক সেৱা আগবঢ়োৱা সুবিধাৰে সজ্জিত কৰা হ'ব। দৃষ্টিশক্তি আৰু শ্ৰৱণ শক্তিহীন প্ৰতিনিধিসকলৰ বাবে চাৰিটা অতিৰিক্ত বিশেষ স্ক্ৰীণিং হ'ব আৰু ইয়াত অডিঅ' আৰু সাংকেতিক ভাষাৰ ব্যৱস্থা থাকিব" ।

মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ ভাৰতত মিডিয়া আৰু মনোৰঞ্জন ক্ষেত্ৰ খনৰ প্ৰসাৰৰ  বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ কথাও উল্লেখ কৰে। "শেহতীয়াকৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চিনেমাটোগ্ৰাফ (সংশোধনী) বিধেয়ক, ২০২৩ য়ে লোকসভা আৰু ৰাজ্যসভা উভয়তে অনুমোদন লাভ কৰিছে " মন্ত্ৰীগৰাকীয়ে কয়।

একএকত্ৰীকৰণৰ শক্তি হিচাপে চিনেমাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি শ্ৰী ঠাকুৰে কয়, "মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে, আমাৰ  সমগ্ৰ ইতিহাসত চিনেমাই ধাৰণা, কল্পনা আৰু উদ্ভাৱনক এনেদৰে ধৰি ৰাখিছে যে ইয়াক আমাৰ পৰা  ছিন্ন কৰিলে   পৃথিৱীত শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে চালিকা শক্তি লোপ পাব আৰু বিভাজনৰ কথাই আমাক  দুঃখিত কৰি তুলিব।"

ভাৰতৰ সফল চন্দ্ৰযান-৩ অভিযানক দূৰদৰ্শী শিল্পকৰ্মৰ আধাৰত বৈজ্ঞানিক সম্ভাৱনাৰ সৈতে সংযুক্ত কৰি মন্ত্ৰীগৰাকীয়ে কয়, "১৯০২ চনত মহাকাশ সংস্থাসমূহে  ধাৰণা কৰাৰ বহু আগতে, জৰ্জেছ মেলিছৰ এক উল্লেখযোগ্য দূৰদৰ্শী শিল্পকৰ্ম আৰু চন্দ্ৰ ভ্ৰমণে মানুহৰ মনত বৈজ্ঞানিক সম্ভাৱনা আৰু প্ৰগতিৰ বীজ বিয়পাই দিছিল।" মন্ত্ৰীগৰাকীয়ে কয়, "চিনেমাৰ শক্তি অবিশ্বাস্য আৰু এই ধাৰণাবোৰে আমাৰ পৃথিৱীখনক যেনে ধৰণে গঢ় দিছে সেয়া আকৰ্ষণীয়।"

শ্ৰী অনুৰাগ সিং ঠাকুৰে হলিউডৰ অভিনেতা/প্ৰযোজক মাইকেল ডগলাছক ২০২৩ চনৰ সন্মানীয় সত্যজিৎ ৰায় লাইফটাইম এচিভমেণ্ট বঁটা লাভ  কৰাৰ বাবে অভিনন্দন জনায়। তেওঁ আন্তৰ্জাতিক প্ৰতিযোগিতাৰ সন্মানীয় জুৰী, ইণ্ডিয়ান পেনোৰামা, শ্ৰেষ্ঠ ৱেব চিৰিজ (অ'টিটি) আৰু ৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰোলৈও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

ভাষণৰ  সামৰণি মাৰি মন্ত্ৰীগৰাকীয়ে কয় যে আইএফএফআইৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী কেৱল এটা অনুষ্ঠানতে সীমাবদ্ধ নহয়,  যেতিয়া ভাৰতে স্বাধীনতাৰ ১০০ সংখ্যক বৰ্ষ উদযাপন কৰিব তেতিয়া আইএফএফআই কেনে পৰ্যায়লৈ যাব সেয়া অকল্পনীয়। আমি অমৃত মহোৎসৱৰ পৰা অমৃত কাললৈ যাত্ৰা কৰিব পাৰিম।

 

* * *

 

PIB Team IFFI | DM



(Release ID: 1978417) Visitor Counter : 80