তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
আৰ্টিফিচিয়েল ইণ্টিলিজেন্সৰ সৈতে প্ৰত্যাহ্বান আৰু নৈতিক প্ৰশ্ন জড়িত হৈ আছে; সাংবাদিক আৰু মিডিয়া কৰ্মীসকলে সত্যৰ নীতিৰ প্ৰতি অধিক প্ৰতিশ্ৰুতিবদ্ধ হ’ব লাগিব: উপ ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰ
এআইয়ে বাতৰিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কিন্তু বাতৰি সম্পাদকসকলৰ বিকল্প হ‘ব নোৱাৰে: শ্ৰী অনুৰাগ ঠাকুৰ
কিছুমান পাশ্চাত্যৰ দেশে কৰি অহা পক্ষপাতিত্বমূলক প্ৰচাৰৰ ভুল ধাৰণাবোৰ দূৰ কৰাটো গুৰুত্বপূৰ্ণ কথা: শ্ৰী ঠাকুৰ
প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই উদযাপন কৰিলে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২৩
পোষ্ট কৰা হৈছে:
16 NOV 2023 6:19PM by PIB Guwahati
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সংবাদ মাধ্যমৰ সৈতে জড়িতসকলক উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত মিডিয়াৰ বিষয়বস্তু সন্দৰ্ভত ভাৰতীয় প্ৰেছ কাউন্সিলে আয়োজন কৰা এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ দিনটো দায়িত্বশীল সাংবাদিকতাৰ প্ৰতি সামূহিক প্ৰতিশ্ৰুতিৰ দিন । তেওঁ কয় যে যিহেতু ভাৰতে মাত্ৰ কেইবছৰমানৰ ভিতৰতে তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হ'বলৈ অগ্ৰসৰ হৈছে সেয়ে কেৱল ভাৰতৰ পৰিৱৰ্তনৰ ঘনাৱলীৰ বিষয়ে ওপৰত আলোকপাত কৰাই নহয়, বিভিন্ন অঞ্চলৰ পৰা বহু বিলিয়ন লোকৰ কণ্ঠস্বৰ, আশা, আকাংক্ষাকো আলোকপাত কৰাটো সংবাদমাধ্যমৰ দায়িত্ব৷
আজিৰ দিনটোৰ তাৎপৰ্যৰ বিষয়ে আলোকপাত কৰি শ্ৰী ঠাকুৰে কয় যে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত আমাৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে সমৰ্পিত সাংবাদিকসকলৰ অক্লান্ত প্ৰতিশ্ৰুতিক সন্মান জনোৱাৰ দিন৷
অনুষ্ঠানটোৰ বিষয়বস্তু সন্দৰ্ভত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে "আমি ইতিহাসৰ এক গুৰুত্বপূৰ্ণ বিন্দুত থিয় দিছো, প্ৰযুক্তিৰ উন্নতিৰ দ্বাৰা চালিত দ্ৰুত বিশ্বব্যাপী বিৱৰ্তনৰ সাক্ষী হৈছো। ডিজিটেল যুগে এক নতুন যুগৰ সূচনা কৰিছে , য'ত কৃত্ৰিম বুদ্ধিমত্তা (এআই) বাতৰিৰ সমল প্ৰস্তুত কৰিবলৈ ক্ৰমান্বয়ে ব্যৱহাৰ কৰা হৈছে। যদিও এ.আই.-য়ে নিঃসন্দেহে বাতৰি পৰিবেশনত এক নতুন মাত্ৰা যোগ দিছে, ইয়াৰ সীমাবদ্ধতাবোৰো চিনাক্ত কৰাটো অতি গুৰুত্বপূৰ্ণ।" বাতৰি সংগ্ৰহ আৰু বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ৰমবৰ্ধমান গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এগৰাকী সম্পাদকৰ অভিজ্ঞতা আৰু পৰ্যবেক্ষণৰ সূক্ষ্ম তাৎপৰ্যৰ এআইয়ে অৰ্জন কৰিব নোৱাৰে৷ সংবাদমাধ্যমলৈ নামি অহা এনে প্ৰত্যাহ্বানবোৰ কাৰ্যকৰীভাৱে সমাধান কৰা কৰাটোৱেই হৈছে আমাৰ সামূহিক দায়িত্ব৷ সাংবাদিকতাৰ অখণ্ডতা বজাই ৰখাৰ বাবে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰা আৰু সংবাদ মাধ্যমত এআইৰ দায়িত্বশীল ব্যৱহাৰ নিশ্চিত কৰা উচিত বুলিও তেওঁ কয়।
মন্ত্ৰীগৰাকীয়ে কিছুমান পশ্চিমীয়া সংস্থাৰ দ্বাৰা সৃষ্টি কৰিবলৈ চেষ্টা কৰা নেতিবাচক ধাৰণাটোৰ বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে আমি সংবাদ মাধ্যমৰ স্বাধীনতা উদযাপন কৰাৰ সময়তো, যিসকলে আমাৰ ৰাষ্ট্ৰৰ আত্মাক দুৰ্বল কৰিব বিচাৰে তেওঁলোকৰ ওপৰত আমি চকু ৰাখিব লাগিব। এনে কিছুমান ব্যক্তি আৰু সংবাদ মাধ্যম আছে যিয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা ফালৰ পৰাই ভাৰতৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ভুৱা প্ৰচাৰ কৰি আহিছে । এনে ধৰণৰ প্ৰৱণতাক প্ৰত্যাহ্বান জনোৱা, মিছা কথাবোৰ উন্মোচন কৰা আৰু সত্যৰ জয় নিশ্চিত কৰাটো আমাৰ সামূহিক দায়িত্ব বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ লগতে কয় যে ভাৰত সম্পৰ্কে কিছুমান পাশ্চাত্যৰ শক্তিয়ে কৰি অহা পক্ষপাতিত্বমূলক ভুল ধাৰণাবোৰ দূৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। এনে ঔপনিবেশিক মনোভাবে বহু ক্ষতি কৰে বুলিও তেওঁ কয়৷
মন্ত্ৰীগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত প্ৰৱেশ কৰা সংবাদ মাধ্যমৰ লগতে আন বহু বৃত্তিৰ বিষয়ত সতৰ্কবাণী শুনাই কয় কয় যে আমি এনে এখন পৃথিৱীত বাস কৰোঁ য'ত বুটাম এটা ক্লিক কৰি ভুল তথ্য প্ৰসাৰিত কৰিব পাৰি। আমাৰ চৰকাৰে সংবাদ মাধ্যমক এক বিচক্ষণ দৃষ্টিভংগী অৱলম্বন কৰিবলৈ উৎসাহিত কৰি আহিছে, সংবেদনশীলতাৰ ক্ষতিবোৰ পৰিহাৰ কৰি আৰু আমাৰ সমাজৰ গাঁথনিৰ ক্ষতি কৰিব পৰা বাৰ্তাসমূহ সন্দৰ্ভত আমি সজাগ হ‘ব লাগিব৷ তেওঁ এই কথাত জোৰ দি কয় যে ভাৰতীয় সংবাদ মাধ্যমসমূহে আমাৰ দেশৰ স্বাৰ্থ সুৰক্ষিত কৰিব লাগিব আৰু ভাৰত বিৰোধী দৃষ্টিভংগী পৰিহাৰ কৰিব লাগিব, যি কথাই আমাৰ মৰমৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে।
একেটা অনুষ্ঠানতে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে সাংবাদিকতাৰ নৈতিকতা আৰু মান বৰ্তাই ৰখাটো নিশ্চিত কৰি সংবাদ মাধ্যমসমূহে ৰাষ্ট্ৰৰ সেৱাত যাতে বিশেষ ভূমিকা পালন কৰিব পাৰে সেয়া নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ ভূমিকাৰ প্ৰশংসা কৰে। তেওঁ সংবাদ মাধ্যমক ভিতৰত আৰু বাহিৰত ঘটি থকা পৰিৱৰ্তনবোৰৰ সৈতে নিৰন্তৰ ভাৱে খাপ খুৱাই ল‘বলৈ আহ্বান জনায়৷ মন্ত্ৰীগৰাকীয়ে এআইৰ অপব`ৱহাৰৰ বিষয়ে সতৰ্ক কৰি দিয়ে৷
ইয়াৰ পূৰ্বে অনুষ্ঠানত ভাষণ প্ৰদান কৰি উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰে কয় যে ভুৱা বাতৰি, ইচ্ছাকৃতভাৱে ভুল আৰু মিছা তথ্য, ৰাজনৈতিক উচ্চাকাংক্ষা , ক্ষমতাৰ ভুল প্ৰয়োগৰ প্ৰৱণতা আৰু আৰ্থিক বিষয় আদিয়ে আজি সংবাদ মাধ্যমৰ ওপৰত জনসাধাৰণৰ বিশ্বাস হ্ৰাস কৰিছে। তেওঁ কয় যে বিশ্বাসযোগ্যতা হৈছে আজি সংবাদ মাধ্যমে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আৰু এয়া আচৰিত কথা যে এই দিশটো সহজে উপেক্ষা কৰা হৈছে।
একেটা বিষয়বস্তুৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ আগমনে বাতৰি পৰিবেশন , তথ্য আৰু মনোৰঞ্জনৰ ক্ষেত্ৰ আজিদৰ বিষয়ত পদ্ধতিৰ সলনি কৰিছে। এআই আমাৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। একে সময়তে ই ইয়াৰ নিজা প্ৰত্যাহ্বান আৰু নৈতিক প্ৰশ্নৰ সৈতে জড়িত হৈ পৰিছে৷ যেনে ভুল তথ্য বিয়পোৱা, গণতান্ত্ৰিক প্ৰক্ৰিয়াক প্ৰভাৱান্বিত কৰিবলৈ আৰু সমাজত বিশৃংখলতা আৰু অস্থিৰতা সৃষ্টি কৰিবলৈ তথ্যৰ ভুল উপস্থাপন আদি৷ প্ৰত্যাহ্বানবোৰৰ সন্মুখীন হ‘ব লাগিব বুলিও তেওঁ কয়৷ শ্ৰী ধনখৰে লগতে কয় যে যদিও এআই-এ ক্ষতি কৰাৰ সম্ভাৱনা আছে, আমি স্বীকাৰ কৰিব লাগিব যে এই প্ৰযুক্তিৰ সৈতে আমি পৰিৱৰ্তনশীল দৃশ্যপটৰ সৈতে খাপ খাব লাগিব, আমাৰ সামৰ্থ্য উন্নত কৰাৰ বাবে এআইৰ পৰিৱৰ্তনশীল সম্ভাৱনাক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব লাগিব, লগতে ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে সকলো সুৰক্ষামূলক ব`ৱস্থা গ্ৰহণ কৰিব লাগিব। তেওঁ লগতে কয়, "সাংবাদিক আৰু সংবাদ মাধ্যমসমূহে অখণ্ডতাৰ সৰ্বোচ্চ মান বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ কথা। তথ্য পৰীক্ষা, উৎস প্ৰমাণীকৰণ, আৰু সম্পাদকীয় স্বতন্ত্ৰতা বজাই ৰখাটো আগতকৈ অধিক গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে বুলি তেওঁ কয় । তেওঁ কয় - " আমি এআইক তেনে মূল্যবোধৰ সৈতে আপোচ কৰিবলৈ অনুমতি দিব নালাগে, যিবোৰ হৈছে এক মুক্ত আৰু জীৱন্ত প্ৰেছৰ ভেটি"। এআই এক শক্তিশালী অস্ত্ৰ হ'ব পাৰে, কিন্তু এয়া হৈছে মানৱীয় স্পৰ্শ, সত্যৰ প্ৰতি প্ৰতিশ্ৰুতি আৰু সাংবাদিকসকলৰ অটল সমৰ্পণ , যি আমাৰ সমাজত সংবাদ মাধ্যমক এক শক্তি হিচাপে গঢ়ি তুলিব৷
জি-২০ শ্বেৰ্পা শ্ৰী অমিতাভ কান্তেই অনুষ্ঠানটোত ভাষণ দি কয় যে প্ৰযুক্তিক মানৱ প্ৰতিভাৰ বাবে এক বৰ্ধিতকৰণৰ প্ৰক্ৰিয়া হিচাপে বিবেচনা কৰা ভাল৷ সংবাদ প্ৰতিষ্ঠানসমূহে অনুসন্ধানমূলক আৰু তথ্যসমৃদ্ধ প্ৰতিবেদনেৰে সাংবাদিকতাক পুনৰুজ্জীৱিত কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে তেওঁ এআই-এ অডিঅ' আৰু ভিডিঅ' তৈয়াৰ কৰাৰ সম্ভাৱনা আছে। তেওঁ লগতে কয় যে সংবাদ মাধ্যমত এআইৰ এক নিয়ন্ত্ৰণহীন ব্যৱহাৰে আমাৰ গণতন্ত্ৰত কেনে ক্ষতিৰ কৰিব পাৰে সেই বিষয়ে অৱগত হোৱাটো অত্যাৱশ্যকীয়। এআইৰ সহায়ত ব্যক্তিগত বাতৰি প্ৰস্তুত কৰাটোৱে আমাৰ সমাজত বিপদাশংকা বৃদ্ধি কৰিব পাৰে বুলিও তেওঁ কয়৷
অনুষ্ঠানটোত সভাপতিত্ব কৰে ভাৰতীয় প্ৰেছ কাউন্সিলৰ অধ্যক্ষ শ্ৰীমতী ন্যায়াধীশ ৰাজনা প্ৰকাশ দেশায়ে।


*******
Pragya Paliwal/Saurabh Singh/DM
(ৰিলিজ আই ডি : 1977553)
অতিথি কক্ষ : 198