প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জম্মু-কাশ্মীৰৰ ডোডাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হানি হোৱা বাবে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে
‘পিএমএনআৰএফ’ৰ পৰা অনুদান ঘোষণা
प्रविष्टि तिथि:
15 NOV 2023 2:56PM by PIB Guwahati
জম্মু-কাশ্মীৰৰ ডোডাত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে ‘পিএমএনআৰএফ’ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ ২ লাখকৈ আৰু আহতসকলৰ বাবে ৫০,০০০ টকাকৈ অনুদান ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘টুইট’ কৰিছে;
"জম্মু-কাশ্মীৰৰ ডোডাত সংঘটিত বাছ দুৰ্ঘটনাটো নিতান্তই দুখজনক। নিকটতম লোকসকলক হেৰুওৱা পৰিয়ালসমূহলৈ মোৰ সমবেদনা জনাইছোঁ। আহতসকল অতি সোনকালেই আৰোগ্য হোৱাৰ কামনাৰে মই প্ৰাৰ্থনা জনাইছোঁ”।
প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ক ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখকৈ টকাৰ অনুদান প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০কৈ টকা দিয়া হ'ব।"
***
DS/TS/KB
(रिलीज़ आईडी: 1977085)
आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu