তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

৫৪সংখ্যক আইএফএফআইত ৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অফ টুম’ৰৰ অংশ হ’ব ১৯ খন ৰাজ্যৰ চলচ্চিত্ৰ নিৰ্মাতাৰ লগতে শিল্পীসকল

এই পদক্ষেপে ভাৰতক বিশ্বৰ ‘বিষয়বস্তু’হিচাপে গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ: শ্ৰী অনুৰাগ ঠাকুৰ

Posted On: 09 NOV 2023 2:20PM by PIB Guwahati

আৰম্ভ হ'ব ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) ৫৪সংখ্যক সংস্কৰণ।  '৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰ'ৰ তৃতীয় সংস্কৰণৰ বাবে সমগ্ৰ ভাৰতৰ ৭৫ জন প্ৰতিভাশালী চলচ্চিত্ৰ নিৰ্মাতা আৰু শিল্পীক নিৰ্বাচিত কৰা হৈছে।

ইয়াৰ বাবে,  জুৰী আৰু গ্ৰেণ্ড জুৰী পেনেলৰ দ্বাৰা নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলৰ বহু প্ৰতীক্ষিত তালিকা ঘোষণা কৰা হৈছে।  ভাৰতৰ ১৯ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত ৰাজ্য যেনে,  অন্ধ্ৰ প্ৰদেশ, অসম, বিহাৰ, দিল্লী, গোৱা, গুজৰাট, হাৰিয়ানা, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, কেৰালা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, উৰিষ্যা, পঞ্জাৱ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগৰ বহুকেইগৰাকী সম্ভাৱনাময় প্ৰতিভাক ইয়াৰ বাবে নিৰ্বাচিত কৰা হৈছে। ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰৰ সৰ্বাধিক শিল্পীৰ লগতে দিল্লী, পশ্চিম বংগ, হাৰিয়ানা আৰু তামিলনাডুৰ শিল্পীসকলক নিৰ্বাচিত কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে এই সংস্কৰণ সন্দৰ্ভত তেওঁৰ ভাষণত সকলো বিজয়ীক অভিনন্দন জনাই কয়, "এইবৰ্ষত আমি পুনৰ '৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰ'ৰ অধীনত ১০ টা শ্ৰেণীৰ বাবে ভাৰতৰ ৭৫ জন প্ৰতিভাশালী যুৱক-যুৱতীক অন্তৰ্ভুক্ত কৰিছো"।  বহু প্ৰত্যাহ্বান নেওচি নিৰ্মাণ হ’বলগীয়া সেই চুটি ছবিসমূহৰ বাবে তেওঁ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে বুলি তেওঁ লগতে কয়। শ্ৰী সিঙে আশা ব্যক্ত কৰে যে সকলো বিজয়ীয়ে বিশেষভাৱে সংগঠিত মাষ্টাৰক্লাছ আৰু অধিৱেশনৰ জৰিয়তে জ্ঞান আহৰণ কৰিব পাৰিব। লগতে তেওঁলোকে চলচ্চিত্ৰ বজাৰত চিনেমাৰ ব্যৱসায়ৰ অভিজ্ঞতা লাভ কৰাৰ উপৰিও প্ৰতিভা শিবিৰৰ জৰিয়তে গুৰুত্বপূৰ্ণ সংযোগ গঢ়ি তুলিব পাৰিব। এইক্ষেত্ৰত তেওঁ কয়, এই পদক্ষেপে  ভাৰতক বিশ্বৰ ‘বিষয়বস্তু’হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ দিশ হৈ পৰিব।''

এইবৰ্ষত, দেশৰ ভিতৰুৱা অঞ্চলৰ বহু অংশগ্ৰহণকাৰীসকলো জড়িত হৈছে, যাৰ কিছুমান বিষ্ণুপুৰ (মণিপুৰ), জগতসিংপুৰ (উৰিষ্যা), আৰু সদৰপুৰ (মধ্য প্ৰদেশ)ৰ দৰে ঠাইৰ পৰা আহিছে।

বিজয়ীৰ তালিকা, চিনেমাৰ ক্ষেত্ৰ আৰু ৰাজ্য অনুসৰি, আই এফ এফ আইৰ ৱেবছাইটত উপলব্ধ।

৭৫ জন অংশগ্ৰহণকাৰীক চলচ্চিত্ৰ নিৰ্মাণৰ নিম্নলিখিত শিল্পসমূহত তেওঁলোকৰ প্ৰতিভাৰ আধাৰত ৬০০ ৰো অধিক আবেদনকাৰীৰ দলৰ পৰা নিৰ্বাচন কৰা হৈছে। যেনে নিৰ্দেশনা, স্ক্ৰীণৰাইটিং, চিনেমাটোগ্ৰাফী, অভিনয়, সম্পাদনা, কণ্ঠদান, সংগীত ৰচনা, পোছাক আৰু মেকআপ, আৰ্ট ডিজাইন, আৰু এনিমেশ্বন, ভিজুৱেল ইফেক্টচ (ভিএফএক্স), অগমেন্টেড ৰিয়েলিটি (এআৰ) আৰু ভাৰ্চুৱেল ৰিয়েলিটি (ভিআৰ)। ইয়াৰে ভিতৰত পৰিচালনা শ্ৰেণীত ১৮ জন অভিনেতা, এনিমেশ্বনত ১৩ জন শিল্পী, ভিএফএক্স, এআৰ আৰু ভিআৰ শ্ৰেণীত ১০ জন আৰু চিনেমাটোগ্ৰাফীৰ ১০ জন শিল্পী আছে।

উল্লেখযোগ্য কথাটো হ'ল এনিমেচন, ভিজুৱেল ইফেক্ট (ভিএফএক্স), অগমেন্টেড ৰিয়েলিটি (এআৰ) আৰু ভাৰ্চুৱেল ৰিয়েলিটি (ভিআৰ) শ্ৰেণীৰ পৰা সৰ্বাধিক সংখ্যক আৱেদন গ্ৰহণ কৰা হৈছিল।

যদিও সকলো অংশগ্ৰহণকাৰীৰ বয়স ৩৫বছৰৰ তলৰ, সংগীত ৰচনা/ধ্বনি ডিজাইন শ্ৰেণীৰ আটাইতকৈ কম বয়সৰ অংশগ্ৰহণকাৰী হৈছে ১৮ বছৰীয়া মহাৰাষ্ট্ৰৰ মুম্বাইৰ শাশ্বত শুক্লা। 

আই.এফ.এফ.আই.-ৰ আগন্তুক সংস্কৰণৰ বাবে ৭৫গৰাকী 'ক্ৰিয়েটিভ মাইণ্ডে' তলৰ

ভাগসমূহত অংশগ্ৰহণ কৰিব পাৰিব:

এইবৰ্ষত, ৭৫গৰাকী ক্ৰিয়েটিভ মাইণ্ডৰ বাবে বিশেষভাৱে কিউৰেটেড মাষ্টাৰক্লাছ অনুষ্ঠিত কৰা হ'ব।

শ্ৰীযুত উমেশ শুক্লাৰ নিৰ্দেশনাত তেওঁৰ মাষ্টাৰক্লাছত ''অ' মাই গড্''ৰ বাবে কাহিনী লিখন আৰু নিৰ্দেশনাৰ ওপৰত এটা কেছ ষ্টাডি প্ৰস্তুত কৰিব।

ইয়াৰ উপৰিও, দূৰদৰ্শন, অ'টিটি আৰু চলচ্চিত্ৰত ব্যাপকভাৱে কাম কৰা প্ৰবীণ চিত্ৰনাট্যকাৰ শ্ৰী চাৰুদত্ত আচাৰ্যই পৰম্পৰাগত মঞ্চৰ পৰা নতুন প্ৰযুক্তিলৈ চিত্ৰনাট্য বিকাশৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব। এনিমেশ্বন সম্পৰ্কীয় মাষ্টাৰক্লাছত, বঁটা বিজয়ী ক্ৰিয়েটৰ শ্ৰীমতী চাৰুৱী আগৰৱালে এনিমেচন আৰু ভিজুৱেল ইফেক্টৰ ব্যৱহাৰৰ জৰিয়তে ভাৰতৰ কাহিনীসমূহক কেনেদৰে প্ৰদৰ্শন কৰিব লাগে সেই বিষয়ে তেওঁৰ মতামত ব্যক্ত কৰিব। ইয়াৰ উপৰিও, এন.এফ.ডি.চি.-য়ে বাৰ্লিনেল টেলেণ্টছৰ প্ৰ'গ্ৰাম মেনেজাৰ শ্ৰীযুত ফ্লৰিয়ান ৱেইগ্ৰেনৰ সৈতে এক ভাৰ্চুৱেল মাষ্টাৰক্লাছৰো আয়োজন কৰা হৈছে। তেওঁ চলচ্চিত্ৰ মহোৎসৱসমূহক নতুন প্ৰতিভাৰ 'লঞ্চপেড' হিচাপে কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত নিৰ্দেশনা প্ৰদান কৰিব।

অৱশেষত, অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ চলচ্চিত্ৰৰ এক অতি গুৰুত্বপূৰ্ণ বিষয়- বিত্তীয় সম্পৰ্কীয় অধিৱেশনত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। এই অধিৱেশনত জ্ঞান লাভৰ লগতে বিভিন্ন ক্ষেত্ৰত বহু পাৰদৰ্শীলোকসকলৰ সৈতে মত বিনিময় কৰিব পাৰিব।

"৪৮ ঘণ্টাৰ চলচ্চিত্ৰ নিৰ্মাণ প্ৰত্যাহ্বান"ৰ অধীনত, অংশগ্ৰহণকাৰীসকলে চুটি ছবি নিৰ্মাণৰ বাবে এক দলীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰো সুবিধা থাকিব।ইয়াৰ অধীনত, অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ ছবিৰ জৰিয়তে ৪৮ ঘণ্টাৰ ভিতৰত "মিছন লাইফ"ৰ সন্দৰ্ভত ব্যাখ্যা প্ৰদৰ্শন কৰিব। এই প্ৰতিযোগিতাখন এনএফডিচিয়ে বিট্ৰেইনৰ শ্বৰ্টছ ইণ্টাৰনেশ্যনেলৰ সৈতে অংশীদাৰিত্বৰে আয়োজন কৰিছে।  শ্বৰ্টছ ইণ্টাৰনেশ্যনেল হৈছে চুটি ছবি নিৰ্মাণ কৰা এক ৱৰ্ল্ডৱাইড নেটৱৰ্ক। শ্বৰ্টছ টিভিত মোবাইল, অনলাইন আৰু থিয়েটাৰত উপলব্ধ উচ্চমানৰ চুটি ছবি আৰু ধাৰাবাহিকৰ এক সৰ্ববৃহৎ তালিকা থকাৰ লগতে সম্প্ৰচাৰক আৰু ব্ৰেণ্ডৰ বাবে মূল চুটি ছবিৰ সমল প্ৰস্তুত কৰে।

চলচ্চিত্ৰ বজাৰৰ এক নিৰ্দেশিত ভ্ৰমণে অংশগ্ৰহণকাৰীসকলক চিনেমাৰ ব্যৱসায় পৰ্যবেক্ষণ কৰাৰো সুযোগ প্ৰদান কৰিব। মহোৎসৱৰ বাণিজ্যিক শাখা চলচ্চিত্ৰ বজাৰত বিভিন্ন খণ্ড আছে যেনে কো-প্ৰডাকচন মাৰ্কেট, ৱৰ্ক ইন প্ৰগ্ৰেছ লেব, ভিউয়িং ৰুম, চিত্ৰনাট্যকাৰ লেব, বজাৰ স্ক্ৰীণিং, প্ৰযোজক কৰ্মশালা, জ্ঞান শৃংখলা, বুক টু বক্স অফিচ আদি।

এইবাৰৰ বুক টু বক্স অফিচ শিতানত ‘দ্য ষ্ট’ৰী ইংক’অংশীদাৰ হিচাপে থাকিব যাতে সৃষ্টিশীল লেখকসকলক তেওঁলোকৰ কাম দাখিল কৰাৰ লগতে এই গল্পসমূহ প্ৰযোজকসকলৰ সৈতে পৰিচয় কৰাই দিয়াৰ এক মঞ্চ প্ৰদান কৰিব।

অংশগ্ৰহণকাৰীসকলে ভাৰতৰ মিডিয়া আৰু মনোৰঞ্জন খণ্ডৰ আগশাৰীৰ কোম্পানীসমূহৰ প্ৰতিনিধিৰ সৈতে নেটৱৰ্ক গঢ়ি তুলিব পৰাকৈ চিএমঅ’টি টেলেণ্ট কেম্পৰ আয়োজন কৰা হৈছে, য’ত প্ৰডাকচন হাউচ, এভিজিচি কোম্পানী, আৰু ষ্টুডিঅ’আদিও অন্তৰ্ভুক্ত। এই নিযুক্তি অভিযানত অংশগ্ৰহণকাৰীসকলে নিয়োগৰ সুযোগ লাভ কৰিবলৈ নিজৰ ধাৰণা/ দক্ষতা/ পূৰ্বৰ কামৰ কথা উল্লেখ কৰিব।

এই সংস্কৰণৰ বাবে ৭৫ জন অংশগ্ৰহণকাৰী বাছনি কৰা জুৰী পেনেলবোৰত নিম্নলিখিত লোকসকল অন্তৰ্ভুক্ত আছে-

গ্ৰেণ্ড জুৰী-

শ্ৰেয়া ঘোষাল (পাৰ্শ্বসংগীত)

এ. শ্ৰীকাৰ প্ৰসাদ (সম্পাদনা)

মনোজ যোশী (অভিনয়)

বীৰা কাপুৰ (পোছাক আৰু মেক-আপ)

প্ৰিয়া শেঠ (চিনেমাটোগ্ৰাফী)

সৰস্বতী বাণী বালগাম (এনিমেচন, ভিএফএক্স, এআৰ-ভিআৰ)

সলিল কুলকাৰ্ণী (সংগীত ৰচনা)

উমেশ শুক্লা (পৰিচালক)

চাবু চিৰিল (কলা নিৰ্দেশনা)

অসীম অৰোৰা (চিত্ৰনাট্যকাৰ)

 

নিৰ্বাচন জুৰী

মনোজ সিং টাইগাৰ (অভিনয়)

নিধি হেগড়ে (অভিনয়)

অভিষেক জৈন (পৰিচালক)

মনীষ শৰ্মা (পৰিচালক)

চাৰুদত্ত আচাৰ্য (চিত্ৰনাট্য)

দীপক কিংৰানী (চিত্ৰনাট্য)

চাৰুভি আগৰৱালা (এনিমেচন, ভিএফএক্স, এআৰ-ভিআৰ)

দীপক সিং (এনিমেচন, ভিএফএক্স, এআৰ-ভিআৰ)

নবীন নুলি (সম্পাদনা)

সুৰেশ পাই (সম্পাদনা)

ধৰম গুলাটি (চিনেমাটোগ্ৰাফী)

শুভ্ৰংশু দাস (চিনেমাটোগ্ৰাফী)

নাচিকেট বাৰ্ভে (পোছাক আৰু মেক-আপ)

বিষাখ জ্যোতি ( পাৰ্শ্বসংগীত)

আনমোল ভাৱে (সংগীত ৰচনা)

সব্যসাচী বসু (কলা নিৰ্দেশনা)

"৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুম'ৰ'" হৈছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰৰ এক মূল আৰু অনন্য পদক্ষেপ, যাৰ উদ্দেশ্য হৈছে সমগ্ৰ ভাৰতৰ যুৱ চলচ্চিত্ৰ প্ৰতিভাক চিনাক্ত কৰি উৎসাহ আৰু প্ৰদৰ্শন কৰা। এই প্ৰচেষ্টাৰ অধীনত, অংশগ্ৰহণকাৰীসকলে এক আন্তৰ্জাতিক মঞ্চত তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবে এখন মঞ্চ লাভ কৰে। ২০২১ চনৰ আই এফ এফ আইৰ সংস্কৰণত আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ বাবে এই পদক্ষেপ আৰম্ভ কৰা হৈছিল।

 

AR/BM



(Release ID: 1976052) Visitor Counter : 63