পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

"অ'এনজিচিৰ দৰে চৰকাৰী আৰু ৰাজহুৱা উদ্যোগে উত্তৰ-পূৰ্বাঞ্চলত জীৱন উন্নত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ": পেট্ৰ'লিয়াম মন্ত্ৰী হৰদীপ এছ পুৰী

শিৱসাগৰত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ এছ পুৰীয়ে উদ্বোধন কৰিলে মাল্টি স্পেচিয়েলিটি হস্পিটেল

Posted On: 04 NOV 2023 1:43PM by PIB Guwahati

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ তথা গৃহ আৰু গৃহ নিৰ্মাণ,  নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে কয়, "উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া  প্ৰতিশ্ৰুতিৰ দ্বাৰা  অনুপ্ৰাণিত হৈ  অ'এনজিচিৰ দৰে চৰকাৰী আৰু ৰাজহুৱা উদ্যোগে উত্তৰ-পূৰ্বাঞ্চলত জীৱন উন্নত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে।" শিৱসাগৰত অ'এনজিচি সমৰ্থিত মাল্টি স্পেছিয়েলিটি হস্পিটেল উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এনেদৰে কয়। 

                                                                     
অনুষ্ঠানটোত কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম  তথা  নিয়োগ  দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, অ'এনজিচিৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অৰুণ কুমাৰ সিঙৰ লগতে অসম চৰকাৰ আৰু অ'এনজিচিৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল।

                                                                     

অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চ্যুকাফা চিকিৎসালয়ৰ আধুনিক আন্তঃগাঁথনি আৰু চিকিৎসা সঁজুলি সমগ্ৰ দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ হোৱাৰ ফলত কেৱল উজনি অসমৰ স্থানীয় লোকেই নহয়, চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ লোকসকলো এই চিকিৎসালয়ৰ জড়িয়তে  উপকৃত হ'ব। আগন্তুক বছৰবোৰত চ্যুকাফা চিকিৎসালয়ে বছৰি প্ৰায় এক লাখ ৰোগীক উপকৃত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। 
কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীশ্ৰী ৰামেশ্বৰ তেলীয়ে কয়, "অ'এনজিচিৰ অন্যতম সমৰ্থনত নিৰ্মিত চ্যুকাফা  চিকিৎসালয়ত শেহতীয়া স্বাস্থ্যসেৱাৰ সকলো সুবিধা আছে।  যি চিকিৎসালয়ে এই অঞ্চলৰ লোকসকলক বিভিন্ন ধৰণে কাৰণত লাভাৱান্বিত কৰিব"।

মাল্টি স্পেচিয়েলিটি হস্পিটেলখন মুঠ ৪৮৩.১৯ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ কৰা হৈছে।  যিয়ে অ'এনজিচিৰ সমৰ্থনত সাধাৰণ লোকৰ  জীৱন উন্নীত কৰাৰ ৰেঙণি হিচাবে চিহ্নিত হৈছে। এই চিকিৎসালয় খনে বছৰি এক লাখৰো অধিক ৰোগীক স্বাস্থ্যসেৱা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

চিকিৎসালয়খন ড০ বাবাচাহেব আম্বেদকাৰ বৈদ্যকিয়া প্ৰতিস্থান (বিএভিপি)ৰ দ্বাৰা পৰিচালনা কৰা হ'ব।
 
৩৫ একৰৰো অধিক ভূমিত বিস্তৃত অত্যাধুনিক চিকিৎসালয়খনত ৩০০  খন বিচনা আছে আৰু ৭০  জন বিশেষজ্ঞ চিকিৎসকৰ এটা দলে এক বিস্তৃত পৰিসৰৰ চিকিৎসা সেৱা আগবঢ়াব।  যাৰ ভিতৰত আছে অৰ্থোপেডিক্স, ট্ৰমা, পেডিয়াট্ৰিক আৰু এনআইচিইউ, প্ৰসূতি, স্ত্ৰীৰোগ বিভাগ, ইএনটি, স্কাল অস্ত্ৰোপচাৰ, ফিজিঅ'থেৰাপী, পুনৰ্সংস্থাপন তথা  উন্নত ৰোগ নিৰ্ণয় ব্যৱস্থা। ইয়াত মডুলাৰ অপাৰেটিং থিয়েটাৰ, এক গুৰুত্বপূৰ্ণ যত্ন লোৱা গোট, আৰু টেলিমেডিচিনৰো সুবিধা আছে।  যিবোৰ সুবিধাই  ৰোগীসকলক দেশজুৰি বিশেষজ্ঞ স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ সৈতে সংযোগ কৰাত সহায় কৰিব।

অ'এনজিচি চ্যুকাফা  মাল্টি স্পেচিয়েলিটি হস্পিটেল হৈছে অসম আৰু ইয়াৰ চৌদিশৰ  অঞ্চলৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক অভূতপূৰ্ব  সংযোজন। এতিয়া আৰু চিকিৎসাৰ বাবে এই এলেকাৰ লোকসকলে  ডিব্ৰুগড়লৈ যোৱাৰ প্ৰয়োজন নহ'ব।
 
স্বাস্থ্যসেৱা প্ৰদানৰ প্ৰাথমিক উদ্দেশ্যৰ উপৰি অ'এনজিচি চ্যুকাফা  মাল্টি স্পেচিয়েলিটি হস্পিটেলে অঞ্চলটোত  চাকৰিৰ সৃষ্টি আৰু অৰ্থনৈতিক সুযোগ বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সেয়ে ই সাধাৰণ  জনসাধাৰণৰ বাবে প্ৰগতি, বিকাশ আৰু কল্যাণৰ প্ৰতীক হিচাপে চিহ্নিত হৈছে। 

অ'এনজিচি চ্যুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেল অসমৰ স্বাস্থ্য সেৱা লাভৰ ক্ষেত্ৰত পিছ পৰি থকাসকলৰ   আৰ্থ-সামাজিক স্তৰ উন্নীতকৰণৰ জড়িয়তে  উন্নত স্বাস্থ্যসেৱা প্ৰদান কৰাৰ বাবে সমৰ্পিত।
 


(Release ID: 1974758) Visitor Counter : 87