নৌ-পৰিবহন মন্ত্ৰালয়
শ্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ লাইনাৰ ‘কোষ্টা ছেৰেনা’ৰ ঘৰুৱা নৌযাত্ৰাৰ ফ্লেগ অফ কৰিব
ভাৰতে ২০৪৭ চনৰ ভিতৰত ৫০ মিলিয়ন ক্ৰুজ যাত্ৰীৰ লক্ষ্য আগত ৰাখিছে
प्रविष्टि तिथि:
02 NOV 2023 5:45PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ মুম্বাইত ভাৰতৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ লাইনাৰ 'কোষ্টা ছেৰেনা'ৰ ঘৰুৱা যাত্ৰা আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যটনতকৈ ঘৰুৱা পৰ্যটনক অগ্ৰাধিকাৰ দিয়াৰ বাবে মধ্যবিত্ত শ্ৰেণীক আহ্বান জনাই আৰম্ভ কৰা 'দেখো আপনা দেশ' নামৰ এক উদ্যোগে এনে ধৰণৰ ক্ৰুজ পদক্ষেপক আগুৱাই লৈ যায়।
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে ভাৰতক বিশ্বৰ ক্ৰুজিং মেপত অনাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। মন্ত্ৰালয়ে অলপতে আয়োজন কৰা গ্লোবেল মেৰিটাইম ইণ্ডিয়া সন্মিলন ২০২৩-ত, ২০৪৭ চনৰ ভিতৰত ভাৰতত ৫০ নিযুত ক্ৰুজ যাত্ৰীৰ লক্ষ্যত উপনীত হোৱাৰ বিষয়ে আলোচনা কৰিছিল।
কোষ্টা ক্ৰুজে ইয়াৰ পৰৱৰ্তী ২ মাহৰ যাত্ৰাত প্ৰায় ৪৫ হাজাৰ যাত্ৰী কঢ়িয়াই নিব বুলি আশা কৰা হৈছে। আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল ভাৰতীয় জলসীমাত ভাৰতীয়সকলে এক আন্তঃৰাষ্ট্ৰীয় ক্ৰুজিং অভিজ্ঞতা লাভ কৰিব।
************
AR/BM
(रिलीज़ आईडी: 1974298)
आगंतुक पटल : 141