প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে

प्रविष्टि तिथि: 01 NOV 2023 11:59AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাৰিয়ানাৰ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে "কৃষি আৰু প্ৰতিৰক্ষাৰ দৰে মুখ্য ক্ষেত্ৰত হাৰিয়ানাই সদায় দেশলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।" তেওঁ হাৰিয়ানাৰ যুৱপ্ৰজন্মই উদ্ভাৱনৰ ক্ষেত্ৰত আগবঢ়োৱা পদক্ষেপৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :

"ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসত হাৰিয়ানাৰ সকলো পৰিয়ালৰ সদস্যলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। এই ৰাজ্যখনে কৃষি আৰু প্ৰতিৰক্ষাৰ দৰে বৃহৎ ক্ষেত্ৰত সদায় দেশলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। ইয়াৰ যুৱসকলেও উদ্ভাৱনৰ পৃথিৱীখনত জিলিকি আছে। মই আশা কৰোঁ যে এই ৰাজ্যখনে উন্নয়নৰ প্ৰতিটো মাপকাঠিত নতুন অভিলেখ স্থাপন কৰি থাকিব।"

***********

DS/SK/MK/AT


(रिलीज़ आईडी: 1973701) आगंतुक पटल : 108
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam