গৃহ মন্ত্ৰালয়

২০২৩ বৰ্ষত ৪টা বিশেষ অভিযানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ “বিশেষ অভিযান পদক” প্ৰদান

Posted On: 31 OCT 2023 11:26AM by PIB Guwahati

২০২৩ বৰ্ষৰ বাবে “কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিশেষ অভিযান পদক” ৪টা বিশেষ অভিযানৰ বাবে প্ৰদান কৰা হৈছে। উচ্চ পৰ্যায়ৰ পৰিকল্পনা, দেশ/ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সুৰক্ষাৰ বাবে অধিক গুৰুত্ব থকা আৰু সমাজৰ বৃহত্তৰ শ্ৰেণীৰ নিৰাপত্তাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলোৱা সেই অভিযানসমূহক স্বীকৃতি দিয়াৰ উদ্দেশ্যে ২০১৮ চনত পৰা এই পদক প্ৰদান কৰি অহা হৈছে৷ সন্ত্ৰাসবাদ বিৰোধী, সীমান্তৰ ব্যৱস্থা, অস্ত্ৰ নিয়ন্ত্ৰণ, নিচাযুক্ত দ্ৰব্য সৰবৰাহ প্ৰতিৰোধ আৰু উদ্ধাৰ অভিযান আদিৰ ক্ষেত্ৰত বিশেষ অভিযানৰ বাবে এই বঁটা প্ৰদান কৰা হ’ব। প্ৰতি বছৰে ৩১ অক্টোবৰত এই পদক ঘোষণা কৰা হয়। এবছৰত সাধাৰণতে ৩টা বিশেষ অভিযান বঁটাৰ বাবে বিবেচনা কৰা হয় যদিও অসাধাৰণ পৰিস্থিতিত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীক উৎসাহিত কৰিবলৈ ৫টা বিশেষ অভিযানলৈকে বঁটা দিয়া হয়৷

Click here for List of Awardees

 

                      ***

 

RK/AY/PR/DB/BM



(Release ID: 1973353) Visitor Counter : 91