ক'অপাৰেশ্বন মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাৰতীয় বীজ সহকাৰী সমিতি লিমিটেডে (BBSSL) আয়োজন কৰা “সমবায় খণ্ডৰ জৰিয়তে উন্নত আৰু পৰম্পৰাগত বীজ উৎপাদনৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ” সম্বোধনৰ লগতে বিবিএছএছএলৰ ল’গ’, ৱেবছাইট আৰু ব্ৰ’চাৰ উন্মোচন কৰে

দেশৰ প্ৰতিজন কৃষকক প্ৰমাণিত আৰু বিজ্ঞানসন্মতভাৱে প্ৰস্তুত বীজ যোগানৰ লক্ষ্যৰে এই সমবায় সমিতিখন মোদী চৰকাৰে প্ৰতিষ্ঠা কৰিছিল

অনাগত দিনত ভাৰতত বীজৰ সংৰক্ষণ, প্ৰোৎসাহন আৰু গৱেষণাৰ ক্ষেত্ৰত বিবিএছএছএলে লক্ষণীয় অৱদান আগবঢ়াব

বিবিএছএছএলৰ লাভ পোনপটীয়াকৈ বীজ উৎপাদনকাৰী কৃষকৰ বেংক একাউন্টলৈ যাব

ভাৰতীয় বীজ সহকাৰী সমিতি লিমিটেডে দেশৰ গ্ৰাম্য অৰ্থনীতিক গতি প্ৰদানৰ লগতে বীজ উৎপাদনত দেশখনক আত্মনিৰ্ভৰ কৰি তোলা আৰু বীজৰ বৈশ্বিক বজাৰত অংশীদাৰিত্ব বৃদ্ধিত সহায় কৰিব

Posted On: 26 OCT 2023 5:27PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতীয় বীজ সহকাৰী সমিতি লিমিটেডৰ (BBSSL) উদ্যোগত আয়োজিত “সমবায় খণ্ডৰ জৰিয়তে উন্নত আৰু পৰম্পৰাগত বীজ উৎপাদনৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ” সম্বোধন কৰে।

শ্ৰী অমিত শ্বাহে বিবিএছএছএলৰ ল'গ', ৱেবছাইট আৰু ব্ৰ'চাৰ উন্মোচনৰ লগতে বিবিএছএছএলৰ সদস্যসকলক সদস্যপদৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় সমবায় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বিএল বাৰ্মা, সমবায় মন্ত্ৰালয়ৰ সচিব তথা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সচিবকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।

ইয়াত শ্ৰী অমিত শ্বাহে কয় যে সমবায় আন্দোলন, কৃষকৰ কল্যাণ আৰু দেশৰ খাদ্য উৎপাদনৰ ক্ষেত্ৰত নতুন আৰম্ভণিৰ দৃষ্টিকোণেৰে আজিৰ দিনটো অতিশয় গুৰুত্বপূৰ্ণ। তেওঁ কয় যে অনাগত দিনত ভাৰতক বীজ সংৰক্ষণ, প্ৰোৎসাহন আৰু গৱেষণাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তোলাৰ ক্ষেত্ৰত বিবিএছএছএলে লক্ষণীয় অৱদান আগবঢ়াব। বিজ্ঞানসন্মতভাৱে ডিজাইন আৰু প্ৰস্তুত কৰা বীজ আজি দেশৰ প্ৰতিজন কৃষকৰ বাবে উপলব্ধ নহয়, সেইবাবেই প্ৰমাণিত আৰু বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা বীজ যাতে আমাৰ দেশৰ প্ৰতিজন কৃষকে লাভ কৰে, তাৰ ব্যৱস্থাও এই সমবায় সমিতিখনে কৰিব। শ্ৰী শ্বাহে কয় যে বিশ্বৰ কেইখনমান দেশৰ ভিতৰত ভাৰত অন্যতম য’ত কৃষি-কাৰ্য্যক পদ্ধতিগতভাৱে প্ৰৱৰ্তন কৰা হৈছিল আৰু সেইবাবেই আমাৰ পৰম্পৰাগত বীজসমূহ গুণগত আৰু শাৰীৰিক পুষ্টিৰ বাবে অতিশয় উপযোগী। তেওঁ কয় যে পৰম্পৰাগত ভাৰতীয় বীজ সংৰক্ষণেৰে অনাগত প্ৰজন্মলৈ আগবঢ়াই দিব লাগিব, যাতে স্বাস্থ্যসন্মত শস্য, ফল-মূল আৰু শাক-পাচলিৰ উৎপাদন অব্যাহত থাকে আৰু এই কামো বিবিএছএছএলে কৰিব। তেওঁ কয় যে ইয়াত উৎপাদিত বীজসমূহ মূলতঃ বিদেশী পদ্ধতিৰে অনুসন্ধান আৰু বিকাশৰদ্বাৰা কৰা হৈছে, কিন্তু আমাৰ কৃষি বিজ্ঞানীসকলে যদি এখন ভাল মঞ্চ পায়, তেন্তে তেওঁলোকে বিশ্বৰ ভিতৰতে সৰ্বাধিক উৎপাদনকাৰী বীজ উৎপাদন কৰিব পাৰিব। এই উদ্দেশ্যৰ বাবে অনুসন্ধান আৰু বিকাশ বিবিএছএছএলে কৰিব। শ্ৰী শ্বাহে কয় যে বিশ্বত বীজ ৰপ্তানিৰ এক বৃহৎ বজাৰ আছে আৰু ইয়াত ভাৰতৰ অংশ এক শতাংশৰো কম, ভাৰতৰ দৰে বিশাল আৰু কৃষি-প্ৰধান দেশ এখনে গৰিষ্ঠ অংশ লাভৰ বাবে সময়সীমা-ভিত্তিক লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে। তেওঁ লগতে কয় যে মোদী চৰকাৰে এই পাঁচটা উদ্দেশ্যৰে ভাৰতীয় বীজ সহকাৰী সমিতি লিমিটেড স্থাপন কৰিছে আৰু কেইবছৰমানৰ পাছত এই সমিতিখনে সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰিব আৰু দেশৰ কৃষকসকলক প্ৰমাণিত বীজ যোগানত অপৰিসীম অৱদান আগবঢ়াব।

কেন্দ্ৰীয় সমবায় মন্ত্ৰীজনে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ অনুসৰি ২০২৩ৰ ১১ জানুৱাৰীত কেন্দ্ৰীয় কেবিনেটে ভাৰতীয় বীজ সমবায় সমিতি লিমিটেড গঠনত অনুমোদন জনাইছিল, ২০২৩ৰ ২৫ জানুৱাৰীত ইয়াৰ পঞ্জীয়ন হৈছিল আৰু ইয়াৰ অধিসূচনা জাৰি কৰা হৈছিল ২১ মাৰ্চ, ২০২৩ত। প্ৰশিক্ষণ কাৰ্য্যসূচীও অতি কম সময়ৰ ভিতৰতে সম্পন্ন কৰা হৈছে। তেওঁ লগতে কয় যে বিবিএছএছএলে কৃষি, উদ্যান শস্য, দুগ্ধ, মীনপালনকে প্ৰমুখ্য কৰি আন সকলো ধৰণৰ সমবায় সমিতিৰ দৰে প্ৰাথমিক কৃষি ঋণ সমিতি (PACS)কো বীজ উৎপাদনৰ সৈতে জড়িত কৰিব। পিএচিএছৰ জৰিয়তে প্ৰতিজন কৃষকে নিজৰ পথাৰত বীজ উৎপাদন কৰিবলৈ সক্ষম হ’ব, বীজসমূহৰ প্ৰমাণীকৰণো কৰা হ’ব আৰু ব্ৰেণ্ডিঙৰ পিছত বিবিএছএছএলে এই বীজসমূহ কেৱল সমগ্ৰ দেশতে নহয়, সমগ্ৰ বিশ্বলৈয়ো যোগান ধৰাত অৰিহণা যোগাব। তেওঁ কয় যে এই বীজ সমবায় সমিতিৰ সমগ্ৰ লাভ পোনপটীয়াকৈ বীজ উৎপাদনকাৰী কৃষকৰ বেংক একাউন্টলৈ যাব আৰু এয়াই সমবায়ৰ মৌলিক মন্ত্ৰ। বিবিএছএছএলৰ জৰিয়তে কোনো আপোচ নকৰাকৈ বীজৰ উচ্চ জিনীয় বিশুদ্ধতা অক্ষুণ্ণ ৰখা হ’ব আৰু গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতিও যত্ন লোৱা হ’ব। এই তিনিটা কথাত গুৰুত্ব আৰোপেৰে আমাৰ মূল লক্ষ্য হৈছে উৎপাদন বৃদ্ধি কৰা। তেওঁ কয় যে বিবিএছএছএলৰ উদ্দেশ্য কেৱল লাভ অৰ্জনেই নহয়। ইয়াৰ জৰিয়তে আমি ভাৰতৰ উৎপাদনক বিশ্বৰ গড় উৎপাদনৰ সৈতে মিলাব খুজিছোঁ। ইয়াৰ সমান্তৰালকৈ উচ্চমানৰ বীজৰ অদক্ষ উৎপাদনৰ পৰিৱৰ্তে আমি কৃষকসকলক প্ৰশিক্ষণ প্ৰদানেৰে বীজৰ বিজ্ঞানসন্মত উৎপাদনেৰে সংযোগৰ কাম কৰিম। আজি ভাৰতবৰ্ষতে বীজৰ প্ৰয়োজনীয়তা প্ৰায় ৪৬৫ লাখ কুইন্টল, ইয়াৰে ১৬৫ লাখ কুইন্টল চৰকাৰী ব্যৱস্থাৰ জৰিয়তে উৎপাদন হয় আৰু সমবায়ৰ জৰিয়তে উৎপাদন ১ শতাংশৰো কম, আমি এই অনুপাত সলনি কৰিব লাগিব।

শ্ৰী অমিত শ্বাহে কয় যে সমবায়ৰ জৰিয়তে বীজ উৎপাদনৰ অৰ্থে একত্ৰিত হোৱা কৃষকসকলে বীজৰপৰা পোনপটীয়াকৈ লাভ অৰ্জন কৰিব। তেওঁ কয় যে বিশ্বৰ বজাৰত ভাৰতৰ ঘৰুৱা বীজ বজাৰৰ অংশ মাত্ৰ ৪.৫ শতাংশ, ইয়াক বৃদ্ধি কৰাটো প্ৰয়োজন আৰু ইয়াৰ বাবে কাম কৰিব লাগিব। শ্ৰী শ্বাহে কয় যে আমি বিবিএছএছএলৰ বাবে অহা ৫ বছৰৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই বীজ সমবায় সমিতিখন কেৱল লাভ আৰু উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণৰ বাবেই নহয়, ই অনুসন্ধান আৰু বিকাশৰ কামো কৰিব, যাৰ ফলত উৎপাদন বৃদ্ধি পাব। শ্ৰী শ্বাহে কয় যে ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR)য়ে ৩ খন কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়, ৪৮ খন ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়, ৭২৬ ৰোধিক কৃষি বিজ্ঞান কেন্দ্ৰ তথা কেন্দ্ৰ আৰু ৰাজ্যৰ ৭২টা চৰকাৰী সংস্থা বীজ নেটৱৰ্কৰ সৈতে সংযুক্ত। তেওঁ কয় যে আমাৰ কাৰো লগত কোনো প্ৰতিযোগিতা নাই, বৰঞ্চ আমাৰ লক্ষ্য হৈছে যাতে কৃষকসকলে লাভ অৰ্জন কৰে, প্ৰমাণিত বীজৰ উৎপাদন বৃদ্ধি পায় আৰু বীজ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ অংশও বৃদ্ধি পায়। তেওঁ কয় যে এই সকলোবোৰ প্ৰতিষ্ঠানক একেলগে লৈ আমি এই বীজ সমবায়ৰ কাম-কাজ আগুৱাই নিম আৰু আমাৰ লক্ষ্য বীজ প্ৰতিস্থাপনৰ হাৰ লাভৰ দিশত আগবাঢ়িব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে এই প্ৰতিষ্ঠানটোক মূলত ইফ্ফকো, ক্ৰিভচিঅ’, নাফেড, এনডিডিবি আৰু এনচিডিচিৰ সৈতে সংযোগ কৰা হৈছে আৰু সকলো সমবায় সংগঠনে একে ৰোড মেপৰে একেটা লক্ষ্যৰে একে দিশত কাম কৰিব। তেওঁ কয় যে যেতিয়া সকলো প্ৰতিষ্ঠানে একক ৰোড মেপত আগবাঢ়িব, তেতিয়া স্বাভাৱিকতে গতি বৃদ্ধি পায় আৰু বহু ৰাজ্যিক সমবায়, ৰাজ্যিক পৰ্য্যায়ৰ সমবায় প্ৰতিষ্ঠান, জিলা পৰ্য্যায়ৰ সমবায় প্ৰতিষ্ঠান আৰু পিএচিএছেও তেওঁলোকৰ লগত যোগদান কৰিবলৈ সক্ষম হ’ব। এইদৰে এক ৰূপৰেখা অংকন কৰা হৈছে য’ত প্ৰতিটো ধৰণৰ সমবায় ইয়াৰ অংশ হ’ব পাৰে আৰু বিবিএছএছএলে এইসমূহৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ব। শ্ৰী শ্বাহে কয় যে আমি সমবায় নেটৱৰ্কৰ জৰিয়তে উৎপাদন, পৰীক্ষণ, প্ৰমাণীকৰণ, ক্ৰয়, সংসাধন, সংৰক্ষণ, ব্ৰেণ্ডিং, লেবেলিং, পেকেজিং আৰু ৰপ্তানি কৰিব পাৰিম। যদিহে বীজ উৎপাদনৰ পিছত পৰীক্ষা কৰা নহয়, তেন্তে গুণগত মানৰ ওপৰত প্ৰভাৱ পৰিব। একেদৰে পৰীক্ষাৰ পিছত যদি কোনো প্ৰমাণপত্ৰ নাথাকে, তেন্তে বিশ্বাসযোগ্যতা নাথাকিব; যদি প্ৰমাণীকৰণৰ পিছত কোনো প্ৰচেছিং, ব্ৰেণ্ডিং আৰু লেবেলিং নহয়, তেন্তে ই উচিত মূল্য নাপাব। ষ্ট’ৰেজৰপৰা মাৰ্কেটিংলৈকে ইয়াৰ সমগ্ৰ ব্যৱস্থা আৰু তাৰ পিছত ইয়াক সঠিক বিজ্ঞানসন্মত পদ্ধতিৰে বিশ্ব বজাৰলৈ ৰপ্তানি কৰালৈকে কেৱল সমবায় খণ্ডৰ জৰিয়তেহে সম্পন্ন হ’ব। তেওঁ লগতে কয় যে এই সমগ্ৰ ব্যৱস্থাটো বিশ্বমানৰ আৰু আধুনিক হ’ব আৰু আমাৰ সমবায়সমূহে ইয়াক প্ৰদৰ্শন কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে আমি এই প্ৰতিষ্ঠানসমূহৰ উৎপাদন, গুণগত মান, ব্ৰেণ্ডিং আৰু বিপণনৰ ক্ষেত্ৰত সফল অভিজ্ঞতাৰ জৰিয়তে বীজ উৎপাদন, অনুসন্ধান আৰু বিকাশ তথা ৰপ্তানিৰ ক্ষেত্ৰত আগবাঢ়ি যাম। ভাৰতীয় বীজ সহকাৰী সমিতি লিমিটেডে দেশৰ গ্ৰাম্য অৰ্থনীতিক গতি প্ৰদানৰ লগতে বীজ উৎপাদনৰ ক্ষেত্ৰত দেশখনক আত্মনিৰ্ভৰ কৰি তোলাৰ লগতে বিশ্বব্যাপী বীজৰ বজাৰত অংশ বৃদ্ধিত সহায় কৰিব। ইয়াৰ সৰ্বাধিক হিতাধিকাৰী হ’ব ক্ষুদ্ৰ কৃষক, মহিলা আৰু যুৱক-যুৱতীসকল। তেওঁ কয় যে দেশৰ শস্যৰ ধৰণ সলনি কৰিবলৈ উন্নত মানৰ বীজ উৎপাদন অতি গুৰুত্বপূৰ্ণ। শ্ৰী শ্বাহে কয় যে ভাৰতীয় বীজ সহকাৰী সমিতি লিমিটেডে বহু উদ্দেশ্য পূৰণ কৰিব।

কেন্দ্ৰীয় সমবায় মন্ত্ৰীজনে কয় যে আমাৰ এটা মূল উদ্দেশ্য হৈছে পৰম্পৰাগত বীজ সংৰক্ষণ কৰা, কাৰণ আমাৰ হাতত লাখ-লাখ জাতৰ বীজ আছে, কিন্তু চৰকাৰী বিভাগসমূহৰ ওচৰতো ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য নাই। তেওঁ কয় যে লাখ-লাখ গাঁৱৰ প্ৰতিজন কৃষকৰ বাবে পৰম্পৰাগত বীজৰ উপলব্ধতা, ইয়াৰ তথ্য সংগ্ৰহ কৰা, ইয়াৰ বৰ্ধন ঘটোৱা, ইয়াক বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰা আৰু ইয়াৰ ইতিবাচক দিশৰ তথ্য বেংক স্থাপন কৰাটো এক গুৰুত্বপূৰ্ণ কাম, যি ভাৰত চৰকাৰে কৰিব। তেওঁ কয় যে আমি ইয়াত জলবায়ু পৰিৱৰ্তনৰ চিন্তাও আগবঢ়াইছোঁ। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত আজি বিশ্বত শ্ৰী অন্নৰ (বাজৰা)ৰ বিশাল বজাৰৰ উন্মেষ ঘটিছে আৰু ভাৰতৰ বাহিৰে আন অতি কম সংখ্যক দেশতহে ইয়াৰ বীজ আছে। যদি আমাৰ বীজ সমবায়ে ইয়াত গুৰুত্ব প্ৰদান কৰে, তেন্তে ৰাগী, বাজৰা, জোৱাৰ আদি বহু বাজৰাৰ ওপৰত আমাৰ একচেটিয়া অধিকাৰ স্থাপন হ’ব।

দেশৰ তিনি প্ৰধান সমবায় সমিতি হৈছে - ইণ্ডিয়ান ফাৰ্মাৰ্ছ ফাৰ্টিলাইজাৰ সমবায় লিমিটেড (IFFCO), কৃষক ভাৰতী সমবায় লিমিটেড (KRIBHCO) আৰু ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন (NAFED) আৰু ভাৰত চৰকাৰৰ দুই প্ৰধান বিধিগত সংস্থা - ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (NDDB) আৰু ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমে (NCDC) যৌথভাৱে বিবিএছএছএলক প্ৰোৎসাহিত কৰিছে।

*****

RK/AY/ASH/AKS/SB/BM



(Release ID: 1972307) Visitor Counter : 67