পোষ্ট কৰা হৈছে:
26 OCT 2023 11:45AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ ত পুৰুষৰ বেডমিণ্টন ছিংগলছ এছএল-৪ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে সুকান্ত কদমক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :
"এছিয়ান পেৰা গেমছত পুৰুষৰ বেডমিণ্টন ছিংগলছ এছএল-৪ত ব্যতিক্ৰমী প্ৰদৰ্শনৰ বাবে সুকন্ত কদমক অভিনন্দন জনাইছো।
তেওঁৰ দক্ষতা, দৃঢ়তা আৰু নিৰলস মনোভাৱে দেশবাসীক গৌৰৱান্বিত কৰিছে। এই ব্ৰঞ্জৰ পদক তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ উজ্জ্বল প্ৰমাণ।"
***
DS/TS/MK/AT