প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

গাজাৰ অল অহিল হাস্পতালত মৃত্যু হোৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

অঞ্চলটোত সন্ত্ৰাসবাদ, হিংসা আৰু নিৰাপত্তাজনিত পৰিস্থিতি অবনতি ঘটাক লৈ উদ্বেগ প্ৰধানমন্ত্ৰীৰ

ইজৰাইল-পেলেষ্টাইনৰ বিষয়ক লৈ ভাৰতৰ দীৰ্ঘদিনীয়া আৰু মুল স্থিতি দোঁহাৰিলে প্ৰধানমন্ত্ৰীয়ে

ভাৰতৰ সমৰ্থনৰ বাবে প্ৰধানক ধন্যবাদ আৰু ভাৰতৰ স্থিতিৰ প্ৰশংসা ৰাষ্ট্ৰপতি আব্বাছৰ

প্ৰধানমন্ত্ৰীয়ে জনায় যে ভাৰতে পেলেষ্টাইনৰ জনতাৰ বাবে মানৱীয় সহায় অব্যাহত ৰাখিব

Posted On: 19 OCT 2023 8:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি শ্ৰীযুত মহম্মদ আব্বাছৰ সৈতে কথা পাতে।

প্ৰধানমন্ত্ৰীয়ে গাজাৰ অল অহিল হাস্পতালত মৃত্যু হোৱা নাগৰিকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে।

ভাৰত আৰু এই অঞ্চলটোৰ সৈতে পৰম্পৰাগতভাৱে নিবিড় আৰু ঐতিহাসিক সম্পৰ্কৰ আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোত সন্ত্ৰাসবাদ, হিংসা আৰু নিৰাপত্তাজনিত পৰিস্থিতি অবনতি ঘটাক লৈ উদ্বেগ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে ইজৰাইল-পেলেষ্টাইনৰ বিষয়ক লৈ ভাৰতৰ দীৰ্ঘদিনীয়া আৰু মুল স্থিতি দোঁহাৰে।

ৰাষ্ট্ৰপতি আব্বাছে এই পৰিস্থিতি তেওঁৰ পৰ্যোলোচনা প্ৰধানমন্ত্ৰীৰ সৈতে শ্বেয়াৰ কৰে। তেওঁ ভাৰতৰ সমৰ্থনৰ বাবে প্ৰধানক ধন্যবাদ জনোৱাৰ লগতে ভাৰতৰ স্থিতিৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে জনায় যে ভাৰতে পেলেষ্টাইনৰ জনতাৰ বাবে মানৱীয় সহায় অব্যাহত ৰাখিব।

দুয়োগৰাকীয়ে নেতাই এই সন্দৰ্ভত সম্পৰ্ক অব্যাহত ৰাখিব বুলি সহমত প্ৰকাশ কৰে।

*******

DB/BM



(Release ID: 1969244) Visitor Counter : 77