প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৬৯ সংখ্যক ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ৰে সন্মানিত সকলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

Posted On: 18 OCT 2023 5:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬৯ সংখ্যক ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ৰে সন্মানিত সকলোকে অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ‘দাদাচাহেব ফালকে জীৱনজোৰা সাধনা বঁটা’ৰে সন্মানিত হোৱাৰ বাবে ৱাহিদা ৰেহমান ডাঙৰীয়ানীক বিশেষভাৱে অভিনন্দন জনোৱাৰ সুযোগ গ্ৰহণ কৰে।

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ‘এক্স’ত প্ৰেৰণ কৰা এটা ‘পোষ্ট’ ‘শ্বেয়াৰ’ কৰি প্ৰধানমন্ত্ৰীয়ে কয়:

"৬৯ সংখ্যক ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ৰে সন্মানিত সকলোকে অভিনন্দন জনাইছোঁ। প্ৰতিগৰাকী বঁটা প্ৰাপক ব্যক্তিয়ে ভাৰতীয় চলচ্চিত্ৰলৈ দৃষ্টান্তমূলক অৱদান আগবঢ়াইছে। ‘দাদাচাহেব ফালকে জীৱনজোৰা সাধনা বঁটা’ৰে সন্মানিত হোৱাৰ বাবে মই ৱাহিদা ৰেহমান ডাঙৰীয়ানীক বিশেষভাৱে অভিনন্দন জনাইছোঁ।"

 

***

KB/BM



(Release ID: 1968991) Visitor Counter : 78