কেবিনেট
azadi ka amrit mahotsav

কেবিনেটে ০১-০৭-২০২৩ তাৰিখৰ পৰা পাবলগীয়া ‘মৰগীয়া বানচ’ আৰু ‘মৰগীয়া সকাহ’ৰ অতিৰিক্ত কিস্তি মুকলি কৰাৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে

কেন্দ্ৰীয় চৰকাৰৰ ৪৮.৬৭ লাখ কৰ্মচাৰী আৰু ৬৭.৯৫ লাখ পেঞ্চনাৰ লাভান্বিত হ'ব

प्रविष्टि तिथि: 18 OCT 2023 3:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে মূল্য বৃদ্ধিৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ লগতে পেঞ্চনাৰসকলক সকাহ দিয়াৰ উদ্দেশ্যে ০১-০৭-২০২৩ তাৰিখৰ পৰা বলবত্ হোৱাকৈ ক্ৰমে ‘মৰগীয়া বানচ’(ডিএ) আৰু ‘মৰগীয়া সকাহ’(ডিআৰ)ৰ অতিৰিক্ত কিস্তি মুকলি কৰাৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে। এই বৃদ্ধি  মূল দৰমহা/পেঞ্চনৰ  বৰ্তমানৰ ৪২%   হাৰৰ তুলনাত ৪%  অধিক। ‘সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগ’ৰ পৰামৰ্শৰ আধাৰত স্বীকৃত সূত্ৰ অনুসৰি এই বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে।

‘মৰগীয়া বানচ’ আৰু ‘মৰগীয়া সকাহ’ দুয়োটাৰ বাবে ৰাজকোষৰ ওপৰত বছৰি ১২,৮৫৭ কোটি টকাৰ সামগ্ৰিক প্ৰভাৱ পৰিব। এই সিদ্ধান্তই কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ৪৮.৬৭ লাখ কৰ্মচাৰী আৰু ৬৭.৯৫ লাখ পেঞ্চনাৰক লাভান্বিত কৰিব।

 

*******

 

DS/KB/BM


(रिलीज़ आईडी: 1968777) आगंतुक पटल : 231
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , Tamil , Manipuri , Bengali , Telugu , Malayalam , English , Khasi , Urdu , Marathi , हिन्दी , Bengali-TR , Punjabi , Gujarati , Odia