আয়ুষ

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিলে পশ্চিম অঞ্চলৰ ছখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আঞ্চলিক পৰ্যালোচনা বৈঠক

জন ভাগীদাৰীৰ জৰিয়তে আমি সকলোকে একত্ৰিত কৰি আয়ুষক জন আন্দোলন হিচাপে গঢ়ি তুলিব পাৰোঁ : শ্ৰী সৰ্বানন্দ সোণোৱাল

আমি ফলাফলক উৎপাদনতকৈ অধিক মূল্য দি তাক অৰ্থপূৰ্ণ পৰিমাপ হিচাপে গুৰুত্ব দিব লাগিব; ড০ মুঞ্জপাৰা মহেন্দ্ৰভাই

Posted On: 09 OCT 2023 4:52PM by PIB Guwahati

পূব, মধ্য আৰু দক্ষিণ মণ্ডলৰ পিছত পশ্চিম অঞ্চলৰ বাবে   ছখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ আঞ্চলিক পৰ্যালোচনা বৈঠক আজি ম্বাইত অনুষ্ঠিত কৰা হয়। বৈঠকত  ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল - আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলি, দমন আৰু দিউৰ বিষয়া আৰু আয়ুষৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

বৈঠকৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় আয়ুষ আৰু বন্দৰ, জাহাজ তথা  জলপথ দপ্তৰৰ  মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় আয়ুষ আৰু মহিলা আৰু শিশু বিকাশ ৰাজ্যিক মন্ত্ৰী ড০ মুঞ্জপাৰা মহেন্দ্ৰভাইৰ লগতে আয়ুষ বৈদ্যৰ সচিব  ৰাজেশ কোটেছাও অনুষ্ঠানটোত উপস্থিত থাকে।

আয়ুষ মন্ত্ৰালয়ৰ মুখ্য কাৰ্যসূচী হিচাপে ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ বিষয়ে উল্লেখ কৰি শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, "আয়ুষ  স্বাস্থ্য সেৱাৰ সুবিধা শক্তিশালী আৰু উন্নত কৰি  জনসাধাৰণক প্ৰয়োজনীয় বিকল্প প্ৰদান কৰাৰ বাবে সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় আয়ুষ মিছন (এনএএম) ৰূপায়ণ কৰা হৈছে।"

আয়ুষক সকলোৰে বাবে উপলব্ধ কৰাৰ বিষয়ত  গুৰুত্বৰ আৰোপ কৰি  কৰি তেওঁ কয়, "জন ভাগীদাৰীৰ জৰিয়তে এই স্বাস্থ্য সেৱা প্ৰণালীটো তৃণমূল পৰ্যায়ত উপলব্ধ কৰাৰ বাবে ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ জৰিয়তে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ সমৰ্থন প্ৰদান কৰাটো এক  দায়িত্ব।"

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংহত  স্বাস্থ্য সেৱাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি কয় যে, "জনসাধাৰণক সৰ্বশ্ৰেষ্ঠ স্বাস্থ্য সেৱা প্ৰদান কৰাৰ বাবে আধুনিক আৰু পৰম্পৰাগত ঔষধ প্ৰণালীএকেলগে প্ৰচলিত হ’ব  লাগিব।"

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰম্পৰাগত ঔষধৰ বিষয়ে  প্ৰচাৰৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰৰ ভূমিকাৰ কথা  স্বীকাৰ কৰি  কয় যে জামনগৰত পৰম্পৰাগত ঔষধৰ গোলকীয় কেন্দ্ৰ স্থাপনে ভাৰতৰ বৈজ্ঞানিক আৰু প্ৰমাণ আধাৰিত পৰম্পৰাগত ঔষধ প্ৰণালীৰ বিকাশৰ নতুন দিশ মুকলি কৰিছে আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ দৰে ফ্লেগশ্বিপ কাৰ্যসূচীৰ জৰিয়তে আমি নিশ্চিত কৰিছো যে পৰম্পৰাগত ঔষধৰ লাভালাভ প্ৰতিটো কোণত উপলব্ধ হৈছে।  

                                                                     

অনুষ্ঠানত  ড০ মুঞ্জপাৰা মহেন্দ্ৰভাইয়ে কয়, "মই বিশ্বাস কৰোঁ যে আমি ফলাফলক উৎপাদনতকৈ অধিক  মূল্য দি তাক অৰ্থপূৰ্ণ পৰিমাপ হিচাপে গুৰুত্ব দিব লাগিব। আমি আমাৰ কৰ্মসূচীৰ  পৰিকল্পনা, কাৰ্যকৰীকৰণ আৰু প্ৰতিবেদন প্ৰস্তুতকৰিবলৈ  আমাৰ ৰণনীতি আৰু কৌশলবোৰ পুনৰ সংৰেখিত কৰিব লাগিব পাৰে, যিয়ে ফলাফলৰ পৰিমাপ সহজ কৰি তুলিব। মই নিশ্চিত যে এনে আলোচনাই আমাক ইজনে সিজনৰ সৰ্বশ্ৰেষ্ঠ কৰ্মৰাজিৰ অনুশীলনৰ পৰা শিকিবলৈ আৰু আমাৰ সকলোৰে মাজত এক শক্তিশালী বন্ধন গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰিব।"  

আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেছাই ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ আঞ্চলিক পৰ্যালোচনা বৈঠকৰ বিষয়ে  কয়, "ৰাষ্ট্ৰীয় আয়ুষ মিছন হৈছে দেশৰ আয়ুষ প্ৰণালীৰ বিকাশ আৰু প্ৰচাৰৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ জৰিয়তে ৰূপায়ণ কৰা আয়ুষ মন্ত্ৰালয়ৰ এক মুখ্য আঁচনি। এনএএম আঁচনিৰ বাবে বাজেটৰ ব্যৱস্থাও ৮০০ কোটিৰ পৰা ১২০০ কোটিলৈ বৃদ্ধি পাইছে। মন্ত্ৰালয়ে পৰ্যালোচনা বৈঠকৰ পৰা সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে ইখনৰ পিছত সিখন  পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিছে আৰু পৰ্যালোচনা বৈঠকত বিভিন্ন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ বিষয়া, আয়ুক্ত আৰু মিছন সঞ্চালকসকলে অংশগ্ৰহণ কৰিছে তথা পৰ্যালোচনাৰ সময়ত ফলপ্ৰসূ আলোচনা অনুষ্ঠিত হৈছে।"

আয়ুষ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰীমতী কবিতা গাৰ্গে এতিয়ালৈকে আয়ুষৰ অগ্ৰগতি আৰু ২০২৫ চনৰ বাবে আয়ুষৰ কৰ্মসূচী সন্দৰ্ভত এক প্ৰেজেণ্টেচন আগবঢ়ায়।

উদ্বোধনী অধিৱেশনখনত উমৈহতীয়া যোগ প্ৰটোকল অনুসৰি  ৫ মিনিটৰ ৱাই-ব্ৰেক (যোগ বিৰতি)ৰ  জড়িয়তে সমাপ্ত হয়।  

ইয়াৰ পিছতে আৰম্ভ হোৱা  মতবিনিময়  কাৰ্যসূচীত  মহাৰাষ্ট্ৰ, গোৱা, ৰাজস্থান, গুজৰাট, আন্দামান আৰু নিকোবৰৰ লগতে দাদৰা আৰু নগৰ হাভেলি , দমন আৰু দিউৰ প্ৰতিনিধিসকলে  তেওঁলোকৰ নিজ নিজ অঞ্চলত ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ বিতং অৱলোকন উপস্থাপন কৰে আৰু এই  সন্দৰ্ত লব্ধ  অগ্ৰগতি , সফলতাৰ কাহিনী আদিৰ লগতে উপলব্ধ জ্ঞানৰ আদান-প্ৰদান আদি বিষয়ত  চৰ্চা কৰে।

আয়ুষ মন্ত্ৰালয়ৰ  গৱেষণা পৰিষদ/ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহে বিভিন্ন বিষয়  উপস্থাপন কৰাৰ লগতেসকলো অংশগ্ৰহণকাৰীয়ে বিৰতিৰ সময়ত ৱাই-ব্ৰেক- এক পাঁচ মিনিটৰ উমৈহতীয়া যোগ প্ৰটোকল  পালন কৰে।



(Release ID: 1966162) Visitor Counter : 84