গৃহ মন্ত্ৰালয়

(i) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰজাস্বত্ব অধিনিয়ম ২০২৩ (ii) দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ প্ৰজাস্বত্ব অধিনিয়ম, ২০২৩ (iii) লাক্ষাদ্বীপ প্ৰজাস্বত্ব অধিনিয়ম, ২০২৩ৰ ঘোষণা

Posted On: 04 OCT 2023 4:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰতৰ সংবিধানত ২৪০নং অনুচ্ছেদৰ অধীনত (i) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰজাস্বত্ব অধিনিয়ম ২০২৩ (ii) দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ প্ৰজাস্বত্ব অধিনিয়ম, ২০২৩ (iii) লাক্ষাদ্বীপ প্ৰজাস্বত্ব অধিনিয়ম, ২০২৩ৰ ঘোষণাৰ প্ৰস্তাৱত অনুমোদন জনায়৷

আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জৰ প্ৰজাস্বত্ব অধিনিয়ম, ২০২৩; দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ প্ৰজাস্বত্ব অধিনিয়ম, ২০২৩; আৰু লাক্ষাদ্বীপ প্ৰজাস্বত্ব অধিনিয়ম, ২০২৩-এ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ কেন্দ্ৰীয় শাসিত অঞ্চলত চৌহদ ভাড়াৰ বাবে এক জবাবদিহি আৰু স্বচ্ছ পৰিস্থিতিতন্ত্ৰ সৃষ্টিৰ বাবে এক আইনী পৰিকাঠামো প্ৰদান কৰিব যাৰ জৰিয়তে দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ; আৰু লাক্ষাদ্বীপক ঘৰৰ মালিক আৰু ভাড়াতীয়া উভয়ৰে স্বাৰ্থ আৰু অধিকাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব।

এই নিয়মাৱলীয়ে ভাড়াৰ বজাৰত ব্যক্তিগত বিনিয়োগ আৰু ঔদ্যোগীকৰণক উদ্গনি যোগাব৷ প্ৰব্ৰজনকাৰী, আনুষ্ঠানিক আৰু অনানুষ্ঠানিক খণ্ডৰ কৰ্মী, পেছাদাৰী, ছাত্ৰ-ছাত্ৰী আদিকে ধৰি সমাজৰ বিভিন্ন আয়ৰ অংশৰ বাবে পৰ্যাপ্ত ভাড়াঘৰ প্ৰদান কৰিব৷ তদুপৰি ই মানসম্পন্ন ভাড়াঘৰৰ সুবিধা বৃদ্ধি কৰাত সহায় কৰাৰ লগতে ভাড়াঘৰৰ বজাৰখন ক্ৰমান্বয়ে আনুষ্ঠানিককৰণৰ সূচনা কৰিব, যিয়ে কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ আৰু লাক্ষাদ্বীপত এক সজীৱ, বহনক্ষম আৰু সৰ্বাংগীন ভাড়াঘৰৰ বজাৰ সৃষ্টি কৰিব।

*****

DS/SKS/DB/BM



(Release ID: 1964285) Visitor Counter : 94