প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

জন্ম বাৰ্ষিকীত মহাত্মা গান্ধীক প্ৰণাম প্ৰধানমন্ত্ৰীৰ

Posted On: 02 OCT 2023 8:52AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধী জয়ন্তীৰ বিশেষ উপলক্ষত মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

এটা এক্স প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

“গান্ধী জয়ন্তীৰ বিশেষ উপলক্ষত মহাত্মা গান্ধীক প্ৰণাম জনাইছোঁ। তেওঁৰ কালজয়ী শিক্ষাই আমাৰ পথক আলোকিত কৰি আহিছে। মহাত্মা গান্ধীৰ প্ৰভাৱ বিশ্বব্যাপী, সমগ্ৰ মানৱ জাতিক ঐক্য আৰু মমতাৰ মনোভাৱেৰে আগুৱাই যোৱাৰ প্ৰেৰণা যোগাইছে। তেওঁৰ সপোন পৰিপূৰণৰ অৰ্থে আমি সদায় কাম কৰোঁ আহক। তেওঁৰ চিন্তাই প্ৰতিগৰাকী যুৱক-যুৱতীক সপোনক সাকাৰ কৰিবলৈ সক্ষম কৰক, সকলোতে ঐক্য আৰু সম্প্ৰীতিৰ সঞ্চাৰ কৰক।” 

 

I bow to Mahatma Gandhi on the special occasion of Gandhi Jayanti. His timeless teachings continue to illuminate our path. Mahatma Gandhi's impact is global, motivating the entire humankind to further the spirit of unity and compassion. May we always work towards fulfilling his…

— Narendra Modi (@narendramodi) October 2, 2023

 

***

DS/ST/SB
(Release ID: 1962995) 



(Release ID: 1964017) Visitor Counter : 72