হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনিৰ অধীনত ৫০ লাখ পদপথৰ বিক্ৰেতাক সামৰি লোৱা হৈছে

প্ৰধানমন্ত্ৰী স্ব-নিধিয়ে ৫০ লাখ পদপথৰ বিক্ৰেতাক সামৰি লোৱাৰ লক্ষ্যত উপনীত হৈছে

Posted On: 03 OCT 2023 7:05PM by PIB Guwahati

গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ (এম.ও.এইচ.ইউ.এ.) অধীনত প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনিয়ে সমগ্ৰ দেশৰ ৫০ লাখৰো অধিক পদপথৰ বিক্ৰেতালৈ সমৰ্থন আগবঢ়াই এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে। পদপথ বিক্ৰেতাসকলে দীৰ্ঘদিন ধৰি নগৰৰ অনানুষ্ঠানিক অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়োৱাৰ লগতে চহৰবাসীক অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱা প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনিয়ে তেওঁলোকক আনুষ্ঠানিক অৰ্থনীতিৰ ক্ষেত্ৰলৈ আগুৱাই অনাত সহায়ক হোৱাৰ লগতে ঊৰ্ধমুখী গতিশীলতাৰ বাবে নতুন পথৰ সন্ধান দিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আঁচনিখনৰ সম্প্ৰসাৰণৰ দিশত প্ৰচেষ্টা চলাই আহিছে। ১ জুলাই, ২০২৩ত আঁচনিখনৰ অধীনত প্ৰাপ্ত কৰিবলগীয়া লক্ষ্যবোৰ সংশোধন কৰি গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা এক অভিযান আৰম্ভ কৰা হৈছিল। এই সময়ছোৱাত বহু উচ্চ পৰ্যায়ৰ পৰ্যালোচনা আৰু নিৰীক্ষণ কৰা হৈছিল, যাৰ ভিতৰত আছে অন্যান্য বিষয়ৰ লগতে বিত্ত মন্ত্ৰীৰ দ্বাৰা ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ পৰ্যালোচনা, দেশৰ বিভিন্ন স্থানত আঞ্চলিক ৰাজ্যিক পৰ্যালোচনা, লগতে বিত্তীয় ৰাজ্যিক মন্ত্ৰী ড০ ভাগৱত কিষাণৰাও কাৰাড,  এম.ও.এইচ.ইউ.এ.-ৰ সচিব শ্ৰী মনোজ যোশী আৰু ডি.এফ.এছ.ৰ সচিব শ্ৰী বিবেক যোশীৰ দ্বাৰা ৰাজ্যিক/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰ্যালোচনা বৈঠকৰ আয়োজন।

এই সামূহিক প্ৰচেষ্টাৰ ফলত ৬৫.৭৫ লাখ ঋণ বিতৰণ কৰা হয়, যাৰ ফলত ৫০ লাখৰো অধিক পদপথৰ বিক্ৰেতা লাভান্বিত হোৱাৰ লগতে ইয়াৰ মুঠ মূল্যই ৮৬০০ কোটি অতিক্ৰম কৰিছে। নগৰীয়া দুৰ্বল আৰ্থ সামাজিক শাখাৰ বাবে প্ৰস্তুত কৰা প্ৰথমটো ক্ষুদ্ৰ ঋণ আঁচনিৰ সমৰ্থনৰ জৰিয়তে ৰাজহুৱা খণ্ডৰ বেংকসমূহে এই উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। পি এম স্ব-নিধি হৈছে ভাৰত চৰকাৰৰ এক অগ্ৰণী পদক্ষেপ যাৰ লক্ষ্য হৈছে পদপথৰ বিক্ৰেতাসকলক আনুষ্ঠানিক অৰ্থনৈতিক ব্যৱস্থাত একত্ৰিত কৰা আৰু আনুষ্ঠানিক ঋণৰ চেনেলৰ সুবিধা প্ৰদান কৰা।

উল্লেখ্য যে, ৰাজ্যসমূহে এই আঁচনিখন আন্তৰিকতাৰে গ্ৰহণ কৰিছে। তাৰোপৰি, শেহতীয়া অভিযানে আকৰ্ষণীয় ফলাফল প্ৰদান কৰিছে। বিগত তিনি মাহত, ৰাজ্যসমূহে সফলতাৰে এতিয়ালৈকে সৰ্বাধিক ১২ লাখতকৈও অধিক নতুন বিক্ৰেতাক অনব'ৰ্ড কৰিছে আৰু বহুতো নামভৰ্তিৰ প্ৰক্ৰিয়াত আছে। মন্ত্ৰালয়ে হিতাধিকাৰী চিনাক্তকৰণ আৰু ঋণ প্ৰদানৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি দিছে ইয়াৰ লগতে, ৰাজ্যসমূহে নিজ নিজ চহৰসমূহক ৩১ ডিচেম্বৰ ২০২৩ৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে।বৰ্তমান মধ্য প্ৰদেশ, অসম আৰু গুজৰাট শীৰ্ষ প্ৰদৰ্শন কৰা ৰাজ্যসমূহৰ ভিতৰত আছে। আনহাতে আহমেদাবাদ, লক্ষ্ণৌ, কানপুৰ, ইন্দোৰ আৰু মুম্বাই হৈছে কাৰ্যসূচী ৰূপায়ণত শীৰ্ষস্থানত থকা চহৰ অৱশ্যে, সকলো ৰাজ্যই পদপথৰ বিক্ৰেতাসকলক প্ৰকৃত লাভালাভ প্ৰদানৰ বাবে আঁচনিখনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে।

ক্ষুদ্ৰ ঋণ প্ৰদানৰ উপৰিও, প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনিয়ে পদপথৰ বিক্ৰেতাসকলক ডিজিটেল পৰিশোধৰ ক্ষমতা প্ৰদান কৰে। ডিজিটেল লেনদেন প্ৰসাৰিত কৰা, অংশগ্ৰহণকাৰী ঋণ দাতা প্ৰতিষ্ঠান/বেংক, আৰু ডিজিটেল পেমেণ্ট এগ্ৰিগেটৰ (ডিপিএ)য়ে ডিজিটেল অনব'ৰ্ডিং আৰু প্ৰশিক্ষণ আগবঢ়াইছে। এই সহযোগিতাৰ ফলত ১,৩৩,০০৩  কোটি টকাৰ ১১৩.২ কোটিৰো অধিক ডিজিটেল লেনদেন হৈছে, যাৰ ফলত হিতাধিকাৰীসকলক ৫৮.২ কোটি কেছবেক বিতৰণ কৰা হৈছে।

আঁচনিখনে ক্ষুদ্ৰ ঋণ প্ৰদানৰ ওপৰিও ই বিক্ৰেতাসকলক পৰিয়ালৰ বাবে কল্যাণমূলক আঁচনিৰ সুৰক্ষাৰ জাল সৃষ্টি কৰিছে।  ৪ জানুৱাৰী ২০২১ত আৰম্ভ কৰা "স্ব-নিধি চে সমৃদ্ধি" পদক্ষেপৰ লক্ষ্য হৈছে হিতাধিকাৰীসকলৰ পৰিয়ালক ভাৰত চৰকাৰৰ আঠখন আৰ্থ-সামাজিক কল্যাণ আঁচনিৰ সৈতে সংযোগ কৰা আৰু সামগ্ৰিক উন্নয়ন প্ৰসাৰিত কৰা।

৫০ লাখ পদপথৰ বিক্ৰেতাক আৰ্থিকভাৱে সবলীকৰণৰ সাফল্য ভাৰতৰ অনানুষ্ঠানিক অৰ্থনীতিৰ বাবে এক আশাব্যঞ্জক ভৱিষ্যতৰ চিহ্ন স্বৰূপ। ভাৰতীয় অৰ্থনীতিৰ এই গুৰুত্বপূৰ্ণ অংশটোক আৰ্থিক স্থিতিশীলতা, স্বীকৃতি, আৰু বৃদ্ধিৰ সুযোগ প্ৰদানৰ প্ৰতিশ্ৰুতিত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় অটল আছে।

"প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনিয়ে মাত্ৰ তিনি বছৰত ৫০ লাখতকৈও অধিক হিতাধিকাৰীৰ কাষলৈ গৈ আমাৰ প্ৰত্যাশা অতিক্ৰম কৰিছে। এই সাফল্যই পদপথৰ বিক্ৰেতাসকলক শক্তিশালী কৰা আৰু তেওঁলোকক আনুষ্ঠানিক বিত্তীয় প্ৰণালীত একত্ৰিত কৰাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিক অংকিত কৰে।"

                          -শ্ৰী হৰদীপ সিং পুৰী, গৃহ আৰু নগৰ পৰিক্ৰমাৰ মাননীয় মন্ত্ৰী

প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনিৰ বিষয়ে:

১ জুন, ২০২০ তাৰিখে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনি হৈছে নগৰীয়া পথ বিক্ৰেতাসকলৰ বাবে এক ক্ষুদ্ৰ ঋণ আঁচনি যাৰ উদ্দেশ্য হৈছে ৫০,০০০ টকালৈকে জামিনবিহীন মূলধনী ঋণ প্ৰদান কৰা। আঁচনিখনৰ অধীনত নিয়মীয়া পৰিশোধকক ৭% সুতৰ ৰাজসাহায্যৰ সৈতে উৎসাহিত কৰা হয় আৰু ডিজিটেল লেনদেনত প্ৰতি বছৰে ১২০০ টকালৈকে কেছবেক প্ৰদান কৰা হয়। আঁচনিখনে আধাৰ ভিত্তিক ই-কেৱাইচি, এণ্ড টু এণ্ড আই টি প্লেটফৰ্ম ব্যৱহাৰৰ লগতে এপ্লিকেচনৰ আপডেটৰ বাবে এছএমএছ ভিত্তিক অধিসূচনা ব্যৱহাৰ কৰে। ভাৰতৰ নগৰাঞ্চলৰ দৰিদ্ৰতা দূৰ কৰাৰ লক্ষ্যৰে এনবিএফচি/এমএফআই আৰু ডিপিএকে ধৰি সকলো ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানে ইয়াৰ অংশীদাৰিত্ব কৰিছে।

***



(Release ID: 1963887) Visitor Counter : 88