ৰেল মন্ত্ৰালয়

ভাৰতীয় ৰে’লৱেই ইয়াৰ নতুন সৰ্বভাৰতীয় ৰে’লৱে সময় তালিকা ‘ট্ৰেইন এট এ গ্লান্স (টিএজি)’ মুকলি কৰিছে, ১ অক্টোবৰ ২০২৩ ৰ পৰা কাৰ্যকৰী হৈছে

এই তালিকা ভাৰতীয় ৰে’লৱেৰ অফিচিয়েল ৱেবছাইট www.indianrailways.gov.in ত উপলব্ধ

এই বছৰ সৰ্বভাৰতীয় ৰে’লৱে সময় তালিকাই বন্দে ভাৰত ৰেলৰ ৬৪ টা সেৱা আৰু ৭০ টা অন্যান্য ৰেল সেৱা, অন্যান্য গন্তব্যস্থানলৈ সম্প্ৰসাৰিত ৯০টা সেৱা আৰু ১২ টা সেৱাৰ সক্ৰিয়তা বৃদ্ধি অন্তৰ্ভুক্ত কৰিছে

Posted On: 03 OCT 2023 3:37PM by PIB Guwahati

ৰে'ল মন্ত্ৰালয়ে ১ অক্টোবৰ, ২০২৩ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ "ট্ৰেইন এট এ গ্লান্স (টিএজি) নামেৰে পৰিচিত  ইয়াৰ নতুন সৰ্বভাৰতীয় ৰে'লৱে সময় তালিকা মুকলি কৰিছে। নতুন "ট্ৰেইন এট এ গ্লান্স" ভাৰতীয় ৰে’লৱেৰ অফিচিয়েল ৱেবছাইট অৰ্থাৎ  https://indianrailways.gov.in/railwayboard/view_section.jsp?lang=0&id=0,1,304,366,537,2960  ত উপলব্ধ।

                                                                                Trains at a Glance October 2023 to June 2024

নতুন সময় তালিকাৰ উল্লেখনীয় দিশসমূহ:

  • বন্দে ভাৰত ৰেলৰ ৬৪ টা সেৱা আৰু ৭০  টা অন্যান্য ৰেল সেৱা অন্তৰ্ভুক্ত কৰা।
  • অন্যান্য গন্তব্যস্থানলৈ থকা ৯০ টা সেৱাৰ সম্প্ৰসাৰণ
  • ১২ টা সেৱাৰ সক্ৰিয়তা বৃদ্ধি
  • চুপাৰফাষ্ট শ্ৰেণীলৈ ৰূপান্তৰ কৰিবলৈ ৰে’লৰ ২২ টা সেৱা দ্ৰুত কৰা
  • ২০৫০১/০২  আগৰতলা-আনন্দ বিহাৰ ৰাজধানী ৰে’ল মালদা, ভাগলপুৰ হৈ চলোৱা হ’ব
  • দক্ষিণ-পূব ৰে’লৱেৰ  সময়ানুৱৰ্তীতা উন্নত কৰাৰ বাবে কিছুমান সেৱাৰ সময়সূচী সলনি  

নতুন সময় তালিকাত যাত্ৰীসকলক এক আৰামদায়ক আৰু নিৰাপদ ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ বন্দে ভাৰত ৰে'লৰ ৬৪ টা সেৱা আৰু ৭০ খন অন্যান্য ৰে’ল সেৱা অন্তৰ্ভুক্ত কৰা হৈছে। নতুন সময়সূচী খন বিভিন্ন চহৰৰ মাজত সংযোগ বৃদ্ধি আৰু ভ্ৰমণৰ সময় হ্ৰাস কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। যাত্ৰীসকলক নতুন সময় তালিকা অনুসৰি প্ৰস্থান আৰু আগমনৰ সময় পৰীক্ষা কৰি চাবলৈ  পৰামৰ্শ দিয়া হৈছে।

 

***



(Release ID: 1963885) Visitor Counter : 121