তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে প্ৰৱৰ্তন কৰিলে কেবল টেলিভিছন নেটৱৰ্ক নিয়ম, ১৯৯৪ ত গুৰুত্বপূৰ্ণ সংশোধনী

এম.এছ.ও. পঞ্জীয়ন দহ বছৰৰ বাবে নৱীকৰণ কৰা হ'ব; বৰ্ধিত ইণ্টাৰনেট প্ৰৱেশাধিকাৰৰ বাবে আন্তঃগাঁথনিৰ আদান-প্ৰদান

এম.এছ.ও.-ৰ বাবে সেৱাৰ ধাৰাবাহিকতা নিশ্চিত কৰিবলৈ সময়মতে নৱীকৰণ

Posted On: 28 SEP 2023 11:25AM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ  মন্ত্ৰালয়ে কালি কেবল টেলিভিছন নেটৱৰ্ক নিয়ম, ১৯৯৪ ৰ সংশোধনী কৰি এক জাননী জাৰি কৰিছে, যাৰ দ্বাৰা মাল্টি-চিষ্টেম অপাৰেটৰ (এমএছঅ') পঞ্জীয়নৰ নৱীকৰণৰ বাবে এক প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ইয়াৰ উপৰি  এটা সবল   ব্যৱস্থা নিয়মত অন্তৰ্ভুক্ত কৰা হৈছে  যাতে কেবল অপাৰেটৰে ব্ৰডবেণ্ড সেৱা প্ৰদানকাৰীসকলৰ সৈতে আন্তঃগাঁথনিৰ আদান-প্ৰদান কৰাৰ  জড়িয়তে ইণ্টাৰনেটৰ প্ৰৱেশাধিকাৰ অন্তিমটো মাইলৰ খুটিলৈকে নিব পাৰে।

  • এম.এছ.ও. পঞ্জীয়নৰ বাবে সংশোধিত নিয়মবোৰৰ মুখ্য বিশেষত্ববোৰ হৈছে :-
  • এম.এছ.ও.-য়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ব্ৰডকাষ্টসেৱা পৰ্টেলত অনলাইন পঞ্জীয়ন বা নৱীকৰণৰ বাবে আবেদন কৰিব।
  • এম.এছ.ও. পঞ্জীয়নবোৰ দহ বছৰৰ বাবে মঞ্জুৰ বা নৱীকৰণ কৰা হ'ব;
  • প্ৰচেছিং মাচুল ১ লাখ টকা টকা পঞ্জীয়নৰ নৱীকৰণৰ বাবেও ৰখা হৈছে;

পঞ্জীয়নৰ নৱীকৰণৰ বাবে আবেদনৰ সময়  পঞ্জীয়নৰ ম্যাদ উকলি যোৱাৰ আগতে সাতৰ পৰা দুই মাহৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত থাকিব।

নৱীকৰণ প্ৰক্ৰিয়াটো ব্যৱসায়ক  সহজ কৰি তোলাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ সৈতে সামঞ্জস্যপূৰ্ণ , যাতে ই কেবল অপাৰেটৰসকলক তেওঁলোকৰ সেৱাসমূহ কোনো বাধা অবিহনে অব্যাহত ৰখাৰ নিশ্চয়তা  প্ৰদান কৰিব পাৰে  আৰু  বিদেশী বিনিয়োগৰ বাবে খণ্ডটোক আকৰ্ষণীয় কৰি তুলিব পাৰে।

মন্ত্ৰালয়ে আৰু কৈছে যে যিবোৰ এমএছঅ'ৰ পঞ্জীয়ন ৭ মাহৰ ভিতৰত উকলি গৈছে তেওঁলোকে ব্ৰডকাষ্টসেৱা পৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰিব লাগিব। যদি কোনো সহায়ৰ প্ৰয়োজন হয়, পৰ্টেলত উপলব্ধ হেল্পলাইন নম্বৰৰ সৈতে যোগাযোগ কৰিব  পাৰে, বা   sodas-moiab[at]gov[dot]in ত ইমেইল প্ৰেৰণ কৰিব পাৰে।

আগতে, কেবল টেলিভিছন নেটৱৰ্ক নিয়ম, ১৯৯৪ ৰ অধীনত কেৱল নতুন এম.এছ.ও.ৰ পঞ্জীয়ন মঞ্জুৰ কৰা হৈছিল। নিয়মবোৰে এম.এছ.ও. পঞ্জীয়নৰ বৈধতাৰ ম্যাদ নিৰ্ধাৰণ কৰা নাছিল, বা তেওঁলোকে  বাধ্যতামূলক  অনলাইন আবেদনক স্বীকৃতি দিয়া নাছিল।

ব্ৰডবেণ্ড সেৱা প্ৰদানকাৰীসকলৰ সৈতে কেবল অপাৰেটৰৰ আন্তঃগাঁথনিৰ আদান-প্ৰদান সম্পৰ্কীয় ব্যৱস্থা অন্তৰ্ভুক্ত কৰিলে দুটা লাভালাভ হ’ব-বৰ্ধিত ইণ্টাৰনেট সেৱা  আৰু সম্পদৰ উপযুক্ত ব্যৱহাৰ । ই ব্ৰডবেণ্ড সেৱাৰ বাবে অতিৰিক্ত আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাও হ্ৰাস কৰিব।

 

******



(Release ID: 1961715) Visitor Counter : 78