তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

শ্ৰীমতী ৱাহিদা ৰহমানক ৫৩ তম দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হ’ব

Posted On: 26 SEP 2023 2:43PM by PIB Guwahati

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে আজি ঘোষণা কৰে যে প্ৰবীণ অভিনেত্ৰী শ্ৰীমতী ৱাহিদা ৰহমানক ২০২১ বৰ্ষৰ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হ'ব। এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় চলচ্চিত্ৰলৈ তেওঁৰ অৱদানৰ বাবে এই বঁটা ঘোষণা কৰি তেওঁ অপৰিসীম সুখ আৰু সন্মান অনুভৱ কৰিছে।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে শ্ৰীমতী ৰহমান হিন্দী চলচ্চিত্ৰত তেওঁৰ চৰিত্ৰৰ বাবে সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈছে, যাৰ ভিতৰত মুখ্য, প্যাছা, কাগাজ কে ফুল, চৌধুৰী কা চান্দ, চাহেব বিৱি ঔৰ গোলাম, গাইড, খামোচী। তেওঁৰ অভিনয় দক্ষতাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে "৫ দশকতকৈও অধিক সময়ৰ কেৰিয়াৰত তেওঁ তেওঁৰ চৰিত্ৰসমূহ অতি সূক্ষ্মতাৰে ৰূপায়ন কৰিছে, যাৰ ফলত ৰেশ্মা আৰু শ্বেৰা চলচ্চিত্ৰত এগৰাকী ক্লেঞ্চৱ'মেনৰ চৰিত্ৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটা বিজয়ী ৱাহিদাজীয়ে এগৰাকী ভাৰতীয় নাৰীৰ নিষ্ঠা, প্ৰতিশ্ৰুতি আৰু শক্তিৰ উদাহৰণ দিছে, যি তেওঁৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সৰ্বোচ্চ স্তৰৰ পেছাদাৰী উৎকৰ্ষতা অৰ্জন কৰিব পাৰে।"

নাৰী শক্তি বন্দন বিধেয়ক গৃহীত হোৱাৰ সমান্তৰালকৈ প্ৰবীণ অভিনেত্ৰীগৰাকীক এই বঁটা প্ৰদানৰ ঘোষণা হোৱাক লৈ মন্ত্ৰীগৰাকীয়ে কয় যে "যি সময়ত ঐতিহাসিক নাৰী শক্তি বন্দন বিধেয়ক সংসদৰ দ্বাৰা গৃহীত হৈছে, সেই সময়ত তেওঁক এই জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰাটো ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী আগশাৰীৰ মহিলাৰ ক্ষেত্ৰত এয়া এক সঁচা সন্মান। যিগৰাকী অভিনেত্ৰীয়ে চলচ্চিত্ৰৰ পিছত তেওঁৰ জীৱন পৰোপকাৰ আৰু সমাজৰ বাবে উৎসৰ্গা কৰিছে।"

৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব।

নিম্নলিখিত সদস্যসকল দাদাচাহেব ফাল্কে বঁটা বাছনি সমিতিৰ অংশ আছিল:

১.শ্ৰীমতী আশা পাৰেখ
২.শ্ৰীযুত চিৰঞ্জীৱী
৩.শ্ৰীযুত পৰেশ ৰাৱাল
৪.মিঃ প্ৰসেনজিৎ চেটাৰ্জী
৫.শ্ৰীযুত শেখৰ কাপুৰ

বিগত বছৰসমূহত এইগৰাকী প্ৰবীণ অভিনেত্ৰীয়ে যি খ্যাতি অৰ্জন কৰিছিল, তেওঁৰ সময়ৰ খুব কম অভিনেত্ৰীয়েহে সেয়া অৰ্জন কৰিব পাৰিছিল। নিজৰ স্বকীয় অভিনয় দক্ষতাৰে ৱাহিদা ৰহমানে বহুতো পুৰস্কাৰ লাভ কৰিছিল। তেওঁ গাইড (১৯৬৫) আৰু নীল কমল (১৯৬৮)ত অভিনয় কৰাৰ বাবে ফিল্মফেয়াৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। অভিনেত্ৰীগৰাকীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰে (১৯৭১) আৰু ১৯৭২ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। পিছত ২০১১ চনত পদ্মভূষণ লাভ কৰে। ৱাহিদা ৰহমানে পাঁচ দশকতকৈও অধিক সময়ৰ কেৰিয়াৰত ৯০ খনতকৈও অধিক চলচ্চিত্ৰত কাম কৰিছে আৰু সমালোচকৰ প্ৰশংসাও লাভ কৰিছে।

***



(Release ID: 1961006) Visitor Counter : 91