অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই অৰুণাচল প্ৰদেশৰ তেজু বিমানবন্দৰত নতুন আন্তঃগাঁথনি উদ্বোধন কৰে

১৭০ কোটি টকা ব্যয়েৰে নতুনকৈ বিকশিত আন্তঃগাঁথনিৰ ভিতৰত আছে ৰানৱেৰ সম্প্ৰসাৰণ, এটা নতুন এপ্ৰন, এটা নতুন টাৰ্মিনেল ভৱন, আৰু এটা অগ্নি নিৰ্বাপক কেন্দ্ৰ তথা এটিচি টাৱাৰ

শ্ৰী সিন্ধিয়াই উড়ান ৫.০ আঁচনিৰ অধীনত ইটানগৰৰ পৰা তিনিটা পোনপটীয়া পথ ঘোষণা কৰে: ইটানগৰৰ পৰা দিল্লী, ইটানগৰৰ পৰা যোৰাহাট, আৰু ইটানগৰৰ পৰা ৰূপচিলৈ, শীঘ্ৰেই হ'ব কাৰ্যকৰী

Posted On: 24 SEP 2023 7:42PM by PIB Guwahati

অসামৰিক বিমান আৰু তীখা মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই আজি অৰুণাচল প্ৰদেশৰ তেজু বিমানবন্দৰৰ নতুনকৈ বিকশিত আন্তঃগাঁথনি উদ্বোধন কৰে।

তেজু বিমানবন্দৰ হৈছে তেজু চহৰত অৱস্থিত এটা ঘৰুৱা বিমানবন্দৰ যি এটা ৰানৱেৰ মাজেৰে পৰিচালিত হয়। বিমানবন্দৰটো ২১২ একৰ ভূমিত বিকশিত কৰা হৈছে, আৰু এটিআৰ ৭২ প্ৰকাৰৰ বিমানৰ কাম-কাজ চম্ভালিবলৈ সক্ষম। এএআইয়ে ৰাজ্য চৰকাৰৰ অনুৰোধত তেজু বিমানবন্দৰ কাৰ্যকৰী কৰাৰ বাবে উন্নয়ন আৰু উন্নীতকৰণৰ কাম হাতত লৈছিল। ১৭০ কোটি টকাৰে হাতত লোৱা কামবোৰৰ ভিতৰত আছে ৰানৱেৰ সম্প্ৰসাৰণ (১৫০০ মিটাৰ x ৩০ মিটাৰ) আৰু, ২খন এটিআৰ ৭২ প্ৰকাৰৰ বিমানৰ বাবে এটা নতুন এপ্ৰন নিৰ্মাণ, এটা নতুন টাৰ্মিনেল ভৱন নিৰ্মাণ, আৰু এটা অগ্নি নিৰ্বাপক কেন্দ্ৰ তথা এটিচি টাৱাৰ।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন আৰু তীখা মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই এই উপলক্ষে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ উত্তৰ-পূব অঞ্চলৰ উন্নয়নত এক বিশেষ উৎসাহ প্ৰদান কৰা হৈছে। 

তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূব ভাৰতক ভাৰতৰ 'হীৰা' (HIRA) হিচাপে গঢ়ি তুলিছে, যাৰ অৰ্থ হৈছে ঘাইপথ (H), ইণ্টাৰনেট (I), ৰে'লৱে (R) আৰু বিমান চলাচল (A) – এই চাৰিটা মূল উপাদান যি অঞ্চলটোৰ সামগ্ৰিক বিকাশক সক্ষম কৰি তুলিছে। তাৰ পিছত তেওঁ আঞ্চলিক সংযোগ আঁচনি (আৰচিএছ) – উড়ানৰ বিষয়ে কিছু বাখ্যা আগবঢ়াই যিয়ে অঞ্চলটোক যথেষ্ট লাভান্বিত কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উড়ান আঁচনিৰ জৰিয়তে অসামৰিক বিমান চলাচলক গণতান্ত্ৰিক ৰূপ দিছে। তেওঁ দৃঢ়তাৰে কয় যে ২.৫০ লাখতকৈও অধিক উড়ান বিমানে আঁচনিখনৰ অধীনত ১.৩৭ কোটিৰো অধিক লোকক ভ্ৰমণ কৰাত সহায় কৰিছে।

তেওঁ অৰুণাচল প্ৰদেশৰ অসামৰিক বিমান পৰিবহন খণ্ডৰ অৱস্থাৰ বিষয়েও কয়।২০১৪ চনৰ সৈতে তুলনা কৰি তেওঁ কয় যে ২০১৪ চনলৈকে অৰুণাচল প্ৰদেশত কোনো বিমানবন্দৰ নাছিল আৰু ৯ বছৰৰ ভিতৰত ৪ টা নতুন বিমানবন্দৰ বিকশিত আৰু কাৰ্যকৰী কৰা হৈছে। তেওঁ লগতে কয় যে তেজুত নতুন টাৰ্মিনেল ভৱনটোৱে অঞ্চলটোৰ সংযোগ আৰু অধিক বৃদ্ধি কৰিব আৰু অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
মন্ত্ৰীগৰাকীয়ে উড়ান ৫.০ আঁচনিৰ অধীনত ইটানগৰৰ পৰা তিনিটা পোনপটীয়া পথ ঘোষণা কৰে: ইটানগৰৰ পৰা দিল্লী, ইটানগৰৰ পৰা যোৰহাটলৈ, আৰু ইটানগৰৰ পৰা ৰূপচিলৈ যিবোৰ শীঘ্ৰেই কাৰ্যকৰী হ'ব।


                                                                   

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ আৰচিএছ উড়ান আঁচনিৰ অধীনত ২০১৮ চনত তেজু বিমানবন্দৰ কাৰ্যকৰী কৰা হৈছিল। বিমানবন্দৰটো বৰ্তমান এলায়েন্স এয়াৰ আৰু ফ্লাইবিগ এয়াৰলাইনৰ নিয়মীয়া অনুসূচীত বিমানৰ জৰিয়তে ডিব্ৰুগড়, ইম্ফল আৰু গুৱাহাটীৰ সৈতে সংযুক্ত হৈ আছে।


টাৰ্মিনেল বিল্ডিংৰ মুখ্য বৈশিষ্ট্যসমূহ:
• টাৰ্মিনেল এলেকা: ৪০০০ বৰ্গমিটাৰ
• সৰ্বাধিক ঘণ্টা সেৱা ক্ষমতা: ৩০০ যাত্ৰী
• চেক-ইন কাউণ্টাৰ: ০৫+ (ভৱিষ্যতে ০৩)
• এৰাইভেল কেৰোচেল ০২
• এয়াৰক্ৰাফ্ট পাৰ্কিং বে: ০২ - এটিআৰ-৭২ প্ৰকাৰৰ বিমান

স্থিৰতাৰ বৈশিষ্ট্যসমূহ:
• ডাবল ইনচুলেটেড ৰুফিং চিষ্টেম।
• শক্তি দক্ষ এইচভিএচি আৰু পোহৰ প্ৰণালী।
• নিম্ন তাপ লাভ গ্লেজিং।
• ইচিবিচি-অনুসৰণকাৰী সঁজুলি।
• কঠিন আৱৰ্জনা ব্যৱস্থাপনা প্ৰণালী।
• ফ্লাশিং আৰু উদ্যান শস্যৰ উদ্দেশ্যে শোধিত পানীৰ পুনৰ ব্যৱহাৰ।
• বৰষুণৰ পানী সংগ্ৰহ কৰি বহনক্ষম নগৰ নিষ্কাশন প্ৰণালীৰ সৈতে একত্ৰিত।
• দক্ষ ৱাটাৰ ফিক্সাৰৰ ব্যৱহাৰ।

প্ৰকল্পটোৰ লাভালাভসমূহ
• অধিক যান-বাহন চম্ভালিবলৈ বিমানবন্দৰৰ ক্ষমতাসম্প্ৰসাৰণ।
• দেশৰ বাকী অংশৰ সৈতে উত্তৰ-পূব অঞ্চলৰ উন্নত সংযোগ নিশ্চিত কৰিব।
• পৰ্যটন, বাণিজ্য আৰু নিযুক্তি সৃষ্টি বৃদ্ধি কৰা।
• অঞ্চলটোৰ আন্তঃগাঁথনি উন্নয়ন আৰু অৰ্থনৈতিক বিকাশত উদগনি দিয়া।


                                                                 

অনুষ্ঠানটোত অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী শ্ৰী চাউনা মে, অৰুণাচল প্ৰদেশৰ পৰ্যটন আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰী শ্ৰী নাকাপ নালো, সাংসদ (ৰাজ্যসভা) শ্ৰী নাবাম ৰেবিয়া, সাংসদ (লোকসভা) শ্ৰী তাপিৰ গাউ আৰু ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ সচিব শ্ৰী ভুমলুংমাং ভুয়ালনাম উপস্থিত থাকে।

তেজু লোহিত নদীৰ পাৰত অৱস্থিত এখন সৰু চহৰ আৰু অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ সদৰ। চহৰখন ইয়াৰ মনোৰম সৌন্দৰ্যৰ বাবে জনাজাত, চাৰিওফালে সেউজীয়া অৰণ্য আৰু সু-উচ্চ পাহাৰ আছে।


***



(Release ID: 1960209) Visitor Counter : 131