আইন আৰু ন্যায় মন্ত্ৰালয়

দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰা সম্পৰ্কীয় উচ্চ-পৰ্যায়ৰ সমিতিৰ প্ৰাথমিক বৈঠক অনুষ্ঠিত

Posted On: 23 SEP 2023 4:08PM by PIB Guwahati

দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰা সম্পৰ্কীয় বিষয়টো পৰীক্ষা কৰিবলৈ আৰু সেই বিষয়ত  পৰামৰ্শ দিবলৈ  ২ ছেপ্টেম্বৰ ২০২৩ তাৰিখে জাৰি কৰা জাননীৰ ভিত্তিত গঠিত  উচ্চ-পৰ্যায়ৰ সমিতিয়ে ইয়াৰ প্ৰাথমিক বৈঠকখন ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত অনুষ্ঠিত কৰে । শ্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী ; শ্ৰী অৰ্জুন ৰাম মেঘৱাল, ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আইন আৰু ন্যায় মন্ত্ৰালয়, ৰাজ্যসভাৰ প্ৰাক্তন বিৰোধী দলপতি শ্ৰী গুলাম নবী আজাদ, পঞ্চদশ বিত্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী এন কে সিং, লোকসভাৰ প্ৰাক্তন মহাসচিব ডঃ সুভাষ চি কাশ্যপ, প্ৰাক্তন মুখ্য তদাৰকী আয়ুক্ত শ্ৰী সঞ্জয় কোঠাৰীয়ে  বৈঠকত অংশগ্ৰহণ কৰে। জ্যেষ্ঠ অধিবক্তা শ্ৰী হৰিশ চালভেই বৈঠকত ভাৰ্চুৱেলা  যোগদান কৰে। বিৰোধী দলৰ একক বৃহত্তম দলৰ নেতা শ্ৰী অধীৰ ৰঞ্জন চৌধুৰী বৈঠকত উপস্থিত নাছিল।

উচ্চ পৰ্যায়ৰ সমিতিৰ সদস্যসকলক আদৰণি জনাই সমিতিখনৰ অধ্যক্ষ শ্ৰী ৰামনাথ কোবিন্দে বৈঠকৰ কাৰ্যসূচীৰ বিষয়ে বিতংকলৈ বৰ্ণনা কৰে৷  

সমিতিখনৰ কাম-কাজৰ পদ্ধতিৰ কথা উল্লেখ কৰি সমিতিখনে স্বীকৃত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, ৰাজ্যসমূহত চৰকাৰ থকা ৰাজনৈতিক দল, সংসদত  প্ৰতিনিধি থকা ৰাজনৈতিক দলসমূহ, দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ত পৰামৰ্শ/মতামত বিচৰাৰ বাবে অন্যান্য স্বীকৃত ৰাজ্যিক ৰাজনৈতিক দলসমূহক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ উপৰি, সমিতিখনে ভাৰতৰ আইন আয়োগক দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ  বিষয়ত তেওঁলোকৰ পৰামৰ্শ/মতামত ব্যক্ত কৰিবলৈ আমন্ত্ৰণ জনাব।

                                                                  

বৈঠকখন ধন্যবাদসূচক শলাগৰ শৰাই জ্ঞাপনৰ জৰিয়তে সমাপ্ত হয়৷

 

                                                      ***



(Release ID: 1960031) Visitor Counter : 73