প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নাৰী শক্তি বন্দন অধিনিয়মক সমৰ্থনৰ বাবে ৰাজ্যসভাৰ সকলো সাংসদকে ধন্যবাদ জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

Posted On: 21 SEP 2023 10:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাৰী শক্তি বন্দন অধিনিয়মক সমৰ্থনৰ বাবে ৰাজ্যসভাৰ সকলো সাংসদকে ধন্যবাদ জ্ঞাপন কৰিছে। তেখেতে ইয়াক আমাৰ ৰাষ্ট্ৰৰ গণতান্ত্ৰিক যাত্ৰাৰ এক উল্লেখযোগ্য মুহূৰ্ত বুলি অভিহিতকৰণেৰে দেশৰ ১৪০ কোটি নাগৰিকক অভিনন্দন জনায়।

 

তেখেতে কয় যে এয়া মাথো এখন আইনেই নহয় বৰঞ্চ আমাৰ ৰাষ্ট্ৰখনক সমৃদ্ধ কৰা অগণিত মহিলালৈ এক শ্ৰদ্ধাৰ্ঘ্য। তেওঁ আৰু কয় যে এয়া হৈছে তেওঁলোকৰ কথাক অধিক ফলপ্ৰসূতাৰে শুনা কাৰ্য্য নিশ্চিতকৰণৰ বাবে এটি ঐতিহাসিক পদক্ষেপ।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প'ষ্ট কৰেঃ

 

“আমাৰ ৰাষ্ট্ৰৰ গণতান্ত্ৰিক যাত্ৰাৰ এক উল্লেখযোগ্য মুহূৰ্ত! মই ১৪০ কোটি ভাৰতীয়ক অভিনন্দন জনালোঁ।

 

মই নাৰী শক্তি বন্দন অধিনিয়মক সমৰ্থনৰ বাবে ৰাজ্যসভাৰ সকলো সাংসদকে ধন্যবাদ জনালোঁ। এনে অকুণ্ঠ সমৰ্থন প্ৰশংসনীয়।

 

সংসদত নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত হোৱা কাৰ্য্যই ভাৰতৰ নাৰী সমাজৰ প্ৰতিনিধিত্ব সুদৃঢ়কৰণ আৰু তেওঁলোকৰ সবলীকৰণৰ এক নতুন যুগৰ সূচনা কৰিব। এয়া মাথো এখন আইনেই নহয়, বৰঞ্চ আমাৰ ৰাষ্ট্ৰখনক সমৃদ্ধ কৰা অগণিত মহিলালৈ এক শ্ৰদ্ধাৰ্ঘ্য। তেওঁলোকৰ প্ৰাণোচ্ছলতা আৰু বৰঙণিৰে ভাৰত আজি সমৃদ্ধিশালী হৈ উঠিছে।

 

আজিৰ এই ক্ষণত আমাৰ ৰাষ্ট্ৰৰ প্ৰতিগৰাকী মহিলাৰ সামৰ্থ্য, সাহস আৰু অদমনীয় একাগ্ৰতাক স্মৰণ কৰিছোঁ। এয়া হৈছে তেওঁলোকৰ কথাক অধিক ফলপ্ৰসূতাৰে শুনা কাৰ্য্য নিশ্চিতকৰণৰ বাবে এটি ঐতিহাসিক পদক্ষেপ।”

 

A defining moment in our nation's democratic journey! Congratulations to 140 crore Indians.

I thank all the Rajya Sabha MPs who voted for the Nari Shakti Vandan Adhiniyam. Such unanimous support is indeed gladdening.

With the passage of the Nari Shakti Vandan Adhiniyam in…

— Narendra Modi (@narendramodi) September 21, 2023

 


 

 

 

***

 

DS/TS/SB

(Release ID: 1959533) 



(Release ID: 1959956) Visitor Counter : 91