তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

সন্ত্ৰাসবাদকে ধৰি গুৰুতৰ অপৰাধত অভিযুক্ত ব্যক্তিসকলক মঞ্চ নিদিব: দূৰদৰ্শন চেনেলসমূহক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ পৰামৰ্শ

प्रविष्टि तिथि: 21 SEP 2023 8:49PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আজি দূৰদৰ্শন চেনেলসমূহক সন্ত্ৰাসবাদকে ধৰি গুৰুতৰ অপৰাধৰ অভিযোগ থকা বা আইনৰ দ্বাৰা নিষিদ্ধ সংগঠনসমূহৰ সৈতে জড়িত ব্যক্তিসকলক কোনো মঞ্চ প্ৰদান কৰাৰ পৰা বিৰত থাকিবলৈ এক পৰামৰ্শ জাৰি কৰিছে।

বিদেশৰ এজন ব্যক্তিৰ এক দূৰদৰ্শন চেনেলত শেহতীয়াকৈ হোৱা আলোচনাৰ পৰিপ্ৰেক্ষিতত এই পৰামৰ্শ জাৰি কৰা হৈছে যাৰ বিৰুদ্ধে সন্ত্ৰাসবাদকে ধৰি অপৰাধৰ গুৰুতৰ গোচৰ আছে, ভাৰতত আইনৰ দ্বাৰা নিষিদ্ধ সংগঠন এটাৰ সৈতে তেওঁ জড়িত। আলোচনাৰ সময়ত ব্যক্তিজনে কেইবাটাও মন্তব্য কৰিছিল, যিবোৰে দেশৰ সাৰ্বভৌমত্ব/অখণ্ডতা, ভাৰতৰ নিৰাপত্তা, বিদেশী ৰাজ্যৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু দেশত ৰাজহুৱা শৃংখলা বিঘ্নিত কৰাৰ সম্ভাৱনা আছে।

মন্ত্ৰালয়ে স্পষ্টভাৱে কৈছে যে চৰকাৰে সংবাদ মাধ্যমৰ স্বাধীনতা বজাই ৰাখে আৰু সংবিধানৰ অধীনত ইয়াৰ অধিকাৰক সন্মান কৰে, কিন্তু একে সময়তে দূৰদৰ্শন চেনেলসমূহে সম্প্ৰচাৰ কৰা বিষয়বোৰে কেবল টেলিভিছন নেটৱৰ্ক (নিয়ন্ত্ৰণ) আইন, ১৯৯৫-ৰ বিধানবোৰৰ সৈতে ধাৰা ২০ৰ উপ ধাৰা (২) মানি চলিব লাগিব।

বিতং পৰামৰ্শ তলৰ লিংকত উপলব্ধ

https://new.broadcastseva.gov.in/digigov-portal-web-app/Upload?flag=iframeAttachView&attachId=140712323&whatsnew=true

 

******


(रिलीज़ आईडी: 1959534) आगंतुक पटल : 183
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Punjabi , Gujarati , Odia , Kannada