বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী ক্ষেত্ৰত "ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ" শীৰ্ষক এলানি নতুন ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে

ভাৰতৰ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰখনত সৰ্বোচ্চ স্বীকৃতিৰ অন্যতম হিচাপে চিহ্নিত হ'ব এই লানি 'ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ'

Posted On: 21 SEP 2023 10:13AM by PIB Guwahati

বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰখনত "ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ" শীৰ্ষক এলানি নতুন ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে।

বৈজ্ঞানিক, প্ৰযুক্তিবিদ আৰু উদ্ভাৱকসকলে ব্যক্তিগতভাৱে আৰু বিজ্ঞান, প্ৰযুক্তি আৰু প্ৰযুক্তিক্ষেত্ৰৰ বিভিন্ন শীতানত দলগতভাবে আগবঢ়োৱা উল্লেখনীয় আৰু অনুপ্ৰেৰণাদায়ক অৱদানক স্বীকৃতি দিয়াৰ উদ্দেশ্যেই এই লানি ‘ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ’ (আৰবিপি) আগবঢ়োৱাৰ পৰম্পৰা আৰম্ভ কৰিব খোজা হৈছে।

‘ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ’ ভাৰতৰ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী ক্ষেত্ৰৰ অন্যতম সৰ্বোচ্চ স্বীকৃতি হ'ব।  চৰকাৰী, ব্যক্তিগত খণ্ডৰ সংগঠন আৰু যিকোনো সংগঠনৰ বাহিৰত কাম কৰা বিজ্ঞানী/প্ৰযুক্তিবিদ/উদ্ভাৱক, অন্য কোনো ব্যক্তি, যিসকলে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ যিকোনো ক্ষেত্ৰত গৱেষণা আৰু উদ্ভাৱন আৰু আৱিষ্কাৰৰ ক্ষেত্ৰত বিশিষ্ট অৱদান আগবঢ়াইছে তেওঁলোক ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ-ৰ বাবে যোগ্য হ'ব। ভাৰতীয় মূলৰ বিদেশত থকা লোকসকলেও যদি ভাৰতীয় সম্প্ৰদায় বা সমাজক লাভান্বিত কৰা ব্যতিক্ৰমী অৱদান আগবঢ়াই তেন্তে সেইসকল লোকেও এই বঁটাসমূহৰ বাবে যোগ্যতা অৰ্জন কৰিব। বঁটাসমূহ নিম্নোলিখিত চাৰিটা শ্ৰেণীত প্ৰদান কৰা হ'ব:-

  1. বিজ্ঞান ৰত্ন (বিআৰ) বঁটা-ৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিৰ যিকোনো ক্ষেত্ৰত আগবঢ়োৱা জীৱনজোৰা সাফল্য আৰু অৱদানক স্বীকৃতি দিয়া হ'ব।

  2. বিজ্ঞান শ্ৰী (বিএছ) বঁটা-ৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিৰ যিকোনো ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট অৱদানক স্বীকৃতি দিয়া হ'ব।

  3. বিজ্ঞান যুৱ-শান্তি স্বৰূপ ভাটনাগৰ (বিওৱাই-এছএছবি) বঁটা-ৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিৰ যিকোনো ক্ষেত্ৰত ব্যতিক্ৰমী অৱদান আগবঢ়োৱা ৪৫ বছৰ বয়সৰ ভিতৰৰ যুৱ বিজ্ঞানীসকলক স্বীকৃতি দিয়াৰ লগতে উৎসাহিত কৰা হ’ব।

  4. বিজ্ঞান দল (বিটি) বঁটা-ৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিৰ যিকোনো ক্ষেত্ৰত দলগত ভাবে কাম কৰি ব্যতিক্ৰমী অৱদান আগবঢ়োৱা তিনি বা ততোধিক বিজ্ঞানী/গৱেষক/উদ্ভাৱকক লৈ গঠিত একোটা দলক  স্বীকৃতি প্ৰদান কৰা হ'ব।

চৰকাৰী বা ব্যক্তিগত সংগঠনত বিজ্ঞানৰ যিকোনো ক্ষেত্ৰত কাম কৰা বিজ্ঞানী, প্ৰযুক্তিবিদ আৰু উদ্ভাৱক, বিজ্ঞানৰ যিকোনো ক্ষেত্ৰত অৱদান আগবঢ়োৱা বা সম্পাদন কৰা বিজ্ঞানৰ যিকোনো ক্ষেত্ৰত উদ্ভাৱন বা আৱিষ্কাৰ বা গুৰুত্বপূৰ্ণ সামাজিক প্ৰভাৱ থকা উদ্ভাৱনী প্ৰযুক্তি/সামগ্ৰীৰ বিকাশ এই বঁটাৰ বাবে যোগ্য হ'ব।

 

ভাৰতীয় সম্প্ৰদায় বা সমাজক লাভান্বিত কৰা ব্যতিক্ৰমী অৱদান আগবঢ়োৱা ভাৰতীয় মূলৰ প্ৰবাসী বিজ্ঞানী, প্ৰযুক্তিবিদ আৰু উদ্ভাৱকসকলো এই লানি বঁটাৰ বাবে যোগ্য হ'ব।

 

পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জৈৱবিজ্ঞান, গণিত আৰু কম্পিউটাৰ বিজ্ঞান, পৃথিৱী বিজ্ঞান, ঔষধ, অভিযান্ত্ৰিক বিজ্ঞান, কৃষি বিজ্ঞান, পৰিৱেশ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন, পাৰমাণৱিক শক্তি, মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি আদি ১৩ টা ক্ষেত্ৰত ৰাষ্ট্ৰীয় বিজ্ঞান বঁটা প্ৰদান কৰা হ'ব। লিংগ সমতা সহ প্ৰতিটো কৰ্মস্থলী/ক্ষেত্ৰৰ পৰা প্ৰতিনিধিত্ব নিশ্চিত কৰা হ'ব।

 

‘ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ’ শীতানৰ বিভিন্ন বঁটাৰ বাবে লাভ কৰা সকলো মনোনয়ন ভাৰত চৰকাৰৰ ‘প্ৰধান বৈজ্ঞানিক উপদেষ্টা’ (পিএছএ) আৰু বিজ্ঞান বিভাগৰ সমন্বয় সচিব, বিজ্ঞান আৰু ‘অভিযান্ত্ৰিক একাডেমী’ৰ সদস্য আৰু বিভিন্ন ক্ষেত্ৰৰ এদল বিশিষ্ট বিজ্ঞানী আৰু প্ৰযুক্তিবিদৰে গঠিত হ’ব লগা ‘ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ সমিতি’ (আৰবিপিচি)ৰ সন্মুখত দাঙি ধৰা হ’ব।

এই লানি পুৰস্কাৰৰ বাবে প্ৰতি বছৰে ১৪ জানুৱাৰীত মনোনয়ন আহ্বান কৰা হ'ব আৰু প্ৰতিটো বছৰৰ ২৮ ফেব্ৰুৱাৰী (ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস)লৈকে এই প্ৰক্ৰিয়া মুকলি থাকিব। এই বঁটাসমূহ প্ৰতি বছৰে ১১ মে'(ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস)ত ঘোষণা কৰা হ'ব। সকলো শ্ৰেণীৰ বঁটা প্ৰদান অনুষ্ঠান ২৩ আগষ্ট (ৰাষ্ট্ৰীয় মহাকাশ দিৱস)ত অনুষ্ঠিত কৰা হ'ব। সকলো বঁটাত একোখনি প্ৰমাণ পত্ৰ আৰু একোটা পদক থাকিব।

এই লানি নতুন ৰাষ্ট্ৰীয় বঁটা হৈছে ভাৰত চৰকাৰৰ দ্বাৰা সৰ্বোচ্চ পৰ্যায়ত বৈজ্ঞানিক সম্প্ৰদায়ৰ সাফল্যক স্বীকৃতি দিয়াৰ এক পৰিৱৰ্তনশীল পদক্ষেপ। বাছনি প্ৰক্ৰিয়াত সম্পূৰ্ণ স্বচ্ছতা আৰু নিৰপেক্ষতা অৱলম্বন কৰি দেশৰ অন্যান্য ৰাষ্ট্ৰীয় বঁটাৰ সৈতে সম মৰ্যাদা প্ৰদানৰে সকলো শ্ৰেণীৰ বৈজ্ঞানিক, উদ্ভাৱক আৰু প্ৰযুক্তিবিদসকলে সম্পাদন কৰা কামক স্বীকৃতি প্ৰদান কৰা হ’ব।

<><><><><>

SNC/PK/KB



(Release ID: 1959332) Visitor Counter : 229