গৃহ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আজি লোকসভাত ‘নাৰী শক্তি বন্দন বিধেয়ক’ উথ্থাপন কৰা বাবে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে

“ভাৰতৰ চিৰন্তন সংস্কৃতিৰ সৈতে সংগতি ৰাখি দেশৰ গণতন্ত্ৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে "যত্ৰ নাৰ্যস্তু পূজ্যন্তে, ৰমন্তে তত্ৰ দেৱতা:"ৰ সিদ্ধান্ত কাৰ্যকৰী কৰিছে”

“আজি লোকসভাত উত্থাপন কৰা 'নাৰী শক্তি বন্দন বিধেয়ক' হৈছে এক সিদ্ধান্ত, যিয়ে দেশৰ মহিলাসকলক প্ৰকৃতাৰ্থত তেওঁলোকৰ অধিকাৰ প্ৰদান কৰিব”

“মোদীজীয়ে দেখুৱাইছে যে 'মহিলা নেতৃত্বাধীন সৱলীকৰণ' মোদী চৰকাৰৰ বাবে কেৱল এক শ্ল'গান নহয়, বৰঞ্চ এক সংকল্পহে, এই ঐতিহাসিক সিদ্ধান্তৰ বাবে কোটি কোটি দেশবাসীৰ হৈ মই মোদীজীক হৃদয়েৰে অভিনন্দন জনাইছো”

Posted On: 19 SEP 2023 4:57PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে আজি লোকসভাত ‘নাৰী শক্তি বন্দন বিধেয়ক’ উথ্থাপন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। ‘এক্স’-ত প্ৰেৰণ কৰা ‘পোষ্ট’ত শ্ৰী অমিত শ্বাহে কয় যে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ চিৰন্তন সংস্কৃতিৰ সৈতে সংগতি ৰাখি দেশৰ গণতন্ত্ৰত "যত্ৰ নৰ্যস্তু পূজ্যন্তে, ৰমন্তে তত্ৰ দেৱতা:"ৰ নীতি ৰূপায়ণ কৰিছে। তেওঁ কয় যে আজি লোকসভাত উত্থাপন কৰা 'নাৰী শক্তি বন্দন বিধেয়ক' হৈছে এক সিদ্ধান্ত যিয়ে দেশৰ মহিলাসকলক প্ৰকৃতাৰ্থত তেওঁলোকৰ অধিকাৰ প্ৰদান কৰিব। শ্ৰী শ্বাহে কয় যে মোদীজীয়ে দেখুৱাইছে যে 'মহিলা নেতৃত্বাধীন সৱলীকৰণ' মোদী চৰকাৰৰ বাবে কেৱল এক শ্ল'গান নহয়, বৰঞ্চ এক সংকল্পহে, এই ঐতিহাসিক সিদ্ধান্তৰ বাবে কোটি কোটি দেশবাসীৰ হৈ মই মোদীজীক হৃদয়েৰে অভিনন্দন জনাইছো।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নীতিয়ে হওক বা নেতৃত্বই হওক, ভাৰতৰ মহিলা শক্তিয়ে প্ৰমাণ কৰিছে যে তেওঁলোক কোনো ক্ষেত্ৰতে কাৰো তুলনাত কম নহয়। তেওঁ কয় যে মোদী চৰকাৰে বিশ্বাস কৰে যে নাৰী শক্তিৰ সমৰ্থন আৰু শক্তি অবিহনে এক শক্তিশালী আৰু স্বাৱলম্বী ভাৰত গঢ়া সম্ভৱ নহয়। শ্ৰী শ্বাহে কয় যে মোদী চৰকাৰে দেশৰ মহিলাসকলক তেওঁলোকৰ উপযুক্ত অধিকাৰ প্ৰদান কৰাৰ এই সিদ্ধান্ত অনাগত সময়ত এক উন্নত আৰু সমৃদ্ধ ভাৰত গঢ়াৰ মুখ্য স্তম্ভ হৈ উঠিব।

 

*****



(Release ID: 1958937) Visitor Counter : 91