কেবিনেট
ডিজিটেল ৰূপান্তৰৰ বাবে জনসংখ্যা পৰ্যায়ত ৰূপায়িত সফল ডিজিটেল সমাধানৰ ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে ভাৰত আৰু আৰ্মেনিয়াৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন
प्रविष्टि तिथि:
13 SEP 2023 3:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ডিজিটেল ৰূপান্তৰৰ বাবে জনসংখ্যা পৰ্যায়ত ৰূপায়িত সফল ডিজিটেল সমাধানসমূহৰ ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু আৰ্মেনিয়াৰ হাই-টেক উদ্যোগ মন্ত্ৰালয়ৰ মাজত ২০২৩ চনৰ ১২ জুনত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনোৱা হয়৷
এই বুজাবুজি চুক্তিৰ উদ্দেশ্য হৈছে দুয়োখন দেশৰ ডিজিটেল ৰূপান্তৰৰ পদক্ষেপ ৰূপায়ণৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতা আৰু অভিজ্ঞতাৰ আদান-প্ৰদান আৰু ডিজিটেল প্ৰযুক্তিভিত্তিক সমাধান (যেনে-ইণ্ডিয়া ষ্টেক) প্ৰসাৰ কৰা। এই বুজাবুজি চুক্তিৰ জৰিয়তে তথ্য-প্ৰযুক্তি খণ্ডত কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে।
এই বুজাবুজি চুক্তি দুয়োপক্ষই স্বাক্ষৰ কৰাৰ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব আৰু তিনি বছৰৰ বাবে বলবৎ থাকিব।
ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত চৰকাৰৰ পৰা চৰকাৰলৈ (জি টু জি), ব্যৱসায়ৰ পৰা ব্যৱসায়লৈ (বি টু বি) দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি পাব। দুয়োখন দেশৰ প্ৰশাসনে এই পদক্ষেপৰ বাবে নিয়মীয়াকৈ পুঁজিৰ ব্যৱস্থা কৰিব। দ্বিপাক্ষিক আৰু বহুপক্ষীয় সম্পৰ্ক, তথ্য বিনিময় আৰু তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আইচিটি)ৰ ক্ষেত্ৰত সহযোগিতা উন্নত কৰাৰ বাবে মেইটিয়ে কেইবাখনো দেশ আৰু বহুপক্ষীয় সংস্থাৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। ডিজিটেল ইণ্ডিয়া, আত্মনিৰ্ভৰ ভাৰত, মেক ইন ইণ্ডিয়া আদিৰ দৰে ভাৰত চৰকাৰৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ডিজিটেলভাৱে সবল সমাজ আৰু জ্ঞানভিত্তিক অৰ্থনীতি গঢ়ি তোলাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। এই দ্ৰুত পৰিৱৰ্তিত যুগত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবে ডিজিটেল খণ্ডত বাণিজ্য, বিনিময় আৰু বিনিয়োগৰ সুযোগ বিচাৰি উলিওৱাৰ প্ৰয়োজন আছে।
যোৱা কেইবছৰমানৰ পৰা ভাৰতে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ বিকাশৰ ক্ষেত্ৰত আগভাগ লৈছে। ক’ভিড মহামাৰীৰ সময়তো ৰাইজক বিভিন্ন সেৱা আগবঢ়োৱা সম্ভৱ হৈছে। ফলত বহু দেশে ভাৰতৰ অভিজ্ঞতাৰ পৰা শিক্ষা ল’বলৈ বিচাৰিছে আৰু ভাৰতৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ আগ্ৰহী।
ইণ্ডিয়া ষ্টেক ছলিউচন হৈছে সাধাৰণ মানুহক চৰকাৰী সেৱা প্ৰদানৰ বাবে ভাৰতত বিকশিত আৰু ৰূপায়ণ কৰা ডিজিটেল গণ আন্তঃগাঁথনি। ইয়াৰ লক্ষ্য হৈছে অৰ্থপূৰ্ণ যোগাযোগ গঢ়ি তোলা, ডিজিটেল অন্তৰ্ভুক্তিক প্ৰসাৰ কৰা আৰু সাধাৰণ মানুহৰ ৰাজহুৱা সেৱাৰ সুবিধা নিশ্চিত কৰা। মুক্ত প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে আৰু ইয়াক চলাবলৈ সহজ। উদ্যোগ আৰু সাধাৰণ মানুহে যে ইয়াত অংশগ্ৰহণ কৰিব পাৰে সেই কথা মনত ৰাখি ইয়াক বিকশিত কৰা হৈছে। ইয়াৰ এটা লক্ষ্য হৈছে উদ্ভাৱনক উৎসাহিত কৰা। ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত প্ৰতিখন দেশৰ নিজস্ব প্ৰয়োজন আৰু প্ৰত্যাহ্বান আছে। কিন্তু ইয়াৰ মূল প্ৰক্ৰিয়াসমূহ একেধৰণৰ, যাৰ বাবে বৈশ্বিক সহযোগিতাৰ প্ৰয়োজন।
*****
DS/SKS/DB
(रिलीज़ आईडी: 1957293)
आगंतुक पटल : 139
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam