প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইউৰোপীয় পৰিষদৰ সভাপতি আৰু ইউৰোপীয় আয়োগৰ সভাপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 10 SEP 2023 7:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১০ ছেপ্টেম্বৰত জি-২০ শীৰ্ষ সন্মিলনৰ মাজতে ইউৰোপীয় পৰিষদৰ সভাপতি চাৰ্লছ মিচেল আৰু ইউৰোপীয় আয়োগৰ সভানেত্ৰী শ্ৰীমতী উৰ্চুলা ভন ডেৰ লেয়েনক লগ কৰে।

দুয়োগৰাকী পৰিভ্ৰমণকাৰীয়ে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনায়।

আলোচনাত ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, য’ত পৰৱৰ্তী ভাৰত-ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ সন্মিলন, চলি থকা মুক্ত বাণিজ্য চুক্তিৰ আলোচনা, জলবায়ু পৰিৱৰ্তন আৰু লাইফ, ডিজিটেল প্ৰযুক্তি, আৰু বাণিজ্য আৰু প্ৰযুক্তি পৰিষদ (টিটিচি)কে ধৰি বিভিন্ন দিশ আলোচনা কৰা হয়।

নেতাসকলে ২০২৩ চনৰ ৯ ছেপ্টেম্বৰত আৰম্ভ হোৱা ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ বিষয়েও আলোচনা কৰে।তেওঁলোকে অনুভৱ কৰে যে কৰিডৰৰ ক্ষিপ্ৰ ৰূপায়ণ হ’ব লাগে। প্ৰধানমন্ত্ৰীয়ে কৰিডৰৰ অধীনত সৌৰ প্ৰকল্পৰ সম্ভাৱনাৰ ওপৰতো আলোকপাত কৰে।

***



(Release ID: 1956537) Visitor Counter : 107