প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বৈশ্বিক জৈৱইন্ধন মৈত্ৰী (জিবিএ)ৰ শুভাৰম্ভ

प्रविष्टि तिथि: 09 SEP 2023 10:30PM by PIB Guwahati

নতুন দিল্লীত জি-২০ শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে ৯ ছেপ্টেম্বৰ, ২০২৩ত ছিংগাপুৰ, বাংলাদেশ, ইটালী, মাৰ্কিন যুক্তৰাষ্ট্ৰ, আৰ্জেণ্টিনা, মৰিচাছ আৰু সংযুক্ত আৰৱ এমিৰেটছৰ নেতৃবৰ্গৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৈশ্বিক জৈৱ ইন্ধন মৈত্ৰীৰ শুভাৰম্ভ কৰে৷

বৈশ্বিক জৈৱ ইন্ধন মৈত্ৰী(জিবিএ) হৈছে জি-২০ অধ্যক্ষতাৰ সময়ত ভাৰতৰ এক প্ৰচেষ্টা৷ এই মৈত্ৰীয়ে প্ৰযুক্তিৰ উন্নতিৰ সুবিধা প্ৰদান, বহনক্ষম জৈৱ ইন্ধনৰ ব্যৱহাৰ তীব্ৰতৰ কৰি, অংশীদাৰসকলৰ এক ব্যাপক স্পেকট্ৰামৰ অংশগ্ৰহণৰ জৰিয়তে শক্তিশালী মানদণ্ড নিৰ্ধাৰণ আৰু প্ৰমাণপত্ৰ গঢ় দিয়াৰ জৰিয়তে জৈৱ ইন্ধনৰ বৈশ্বিক গ্ৰহণযোগ্যতা ক্ষিপ্ৰ কৰাৰ লক্ষ্য হাতত লৈছে। এই মৈত্ৰীয়ে জ্ঞানৰ কেন্দ্ৰীয় ভঁৰাল আৰু বিশেষজ্ঞৰ কেন্দ্ৰ হিচাপেও কাম কৰিব। জিবিএই জৈৱ ইন্ধনৰ উন্নতি আৰু ব্যাপক গ্ৰহণৰ বাবে বৈশ্বিক সহযোগিতাক লাভান্বিত কৰি অনুঘটকীয় মঞ্চ হিচাপে কাম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

***

DS/DB


(रिलीज़ आईडी: 1956017) आगंतुक पटल : 191
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam