প্ৰতিৰক্ষা মন্ত্ৰালয়
ভাৰতীয় নৌসেনাৰ কুইজ ‘জি২০ থিংক’ (G20 THINQ) - ‘দিগন্তৰ সিপাৰলৈ যাত্ৰা কৰক’
১০ আৰু ১১ ছেপ্টেম্বৰ ২০২৩ তাৰিখে দুটা অনুশীলন ৰাউণ্ড
www.theindiannavyquiz.in
সকলো প্ৰতিযোগীলৈ ‘ই-মেইল’ত প্ৰেৰণ কৰা হৈছে পঞ্জীয়নৰ বিৱৰণ
পোষ্ট কৰা হৈছে:
09 SEP 2023 7:45PM by PIB Guwahati
‘জি-২০ সচিবালয়’, ভাৰতীয় নৌসেনা আৰু ‘নৌ সেনা কল্যাণ আৰু সুস্থতা সংস্থা’ (এনডব্লিউডব্লিউএ)ৰ দ্বাৰা যুটীয়াভাৱে আয়োজিত এই অসাধাৰণ ‘জি-২০ থিংক’ অনুষ্ঠানটোৱে হাজাৰ হাজাৰ যুৱ মনক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক উদ্দীপক বৌদ্ধিক অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কুইজ প্ৰতিযোগিতাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ১১,৭০০ তকৈয়ো অধিক বিদ্যালয়ৰ নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিব।
এই বৌদ্ধিক যাত্ৰা আৰম্ভ কৰিবলৈ দুটা ‘অনুশীলন ৰাউণ্ড’ অনুষ্ঠিত কৰা হ'ব, প্ৰথমটো ১০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে, আৰু দ্বিতীয়টো হ'ব ১১ ছেপ্টেম্বৰ, ২০২৩ ত।
এই ‘অনুশীলন ৰাউণ্ড’সমূহ ‘প্ৰত্যাহ্বানমূলক এলিমিনেশ্যন ৰাউণ্ড’ৰ আধাৰ শিৰোনামৰ বাবে প্ৰস্তুত কৰা হৈছে, যিয়ে অংশগ্ৰহণকাৰীসকলক আগন্তুক প্ৰতিযোগিতাৰ বাবে সাজু হোৱাৰ বাবে তেওঁলোকৰ জ্ঞান আৰু দক্ষতা উন্নত কৰাৰ সুযোগ প্ৰদান কৰিব।
‘জি২০ থিংক’ৰ সময়সূচী নিম্নলিখিত ধৰণৰ: -
|
ক্ৰম
|
প্ৰতিযোগিতাৰ পৰ্যায়
|
তাৰিখ
|
|
(ক)
|
অনুশীলন ৰাউণ্ড
|
১০ আৰু ১১ ছেপ্টেম্বৰ ২০২৩
|
|
(খ)
|
এলিমিনেশ্যন ৰাউণ্ড ১
|
১২ ছেপ্টেম্বৰ ২০২৩
|
|
(গ)
|
এলিমিনেশ্যন ৰাউণ্ড ২
|
০৩ অক্টোবৰ ২০২৩
|
|
(ঘ)
|
অনলাইন কোৱাৰ্টাৰ ফাইনেল
|
১০ অক্টোবৰ ২০২৩
|
|
(ঙ)
|
ৰাষ্ট্ৰীয় ছেমি ফাইনেল @ এনচিপিএ, মুম্বাই
|
১৭ নৱেম্বৰ ২০২৩
|
|
(চ)
|
ৰাষ্ট্ৰীয় ছেমি ফাইনেল @ গে’টৱে’ অব ইণ্ডিয়া, মুম্বাই
|
১৮ নৱেম্বৰ ২০২৩
|
|
(ছ)
|
আন্তঃৰাষ্ট্ৰীয় ছেমি ফাইনেল @ জি২০ ভৱন
|
২১ নৱেম্বৰ ২০২৩
|
|
(জ)
|
আন্তঃৰাষ্ট্ৰীয় ছেমি ফাইনেল @ ইণ্ডিয়া গে’ট, নতুন দিল্লী
|
২২ নৱেম্বৰ ২০২৩
|
‘জি-২০ থিংক’ৰ ‘আন্তঃৰাষ্ট্ৰীয় ৰাউণ্ড’-য়ে ‘জি-২০+৯’ ৰাষ্ট্ৰৰ উজ্জ্বল যুৱ মনক একত্ৰিত কৰিব, প্ৰতিটো দলত দুগৰাকীকৈ শিক্ষাৰ্থী থাকিব। এই গোলকীয় সমাৱেশৰ উদ্দেশ্য হৈছে ‘জি-২০’ৰ সকলো অংশীদাৰ ৰাষ্ট্ৰৰ যুৱ নাগৰিকসকলৰ মাজত অংশীদাৰী জ্ঞান আৰু সৌহাৰ্দ্যৰ জৰিয়তে বন্ধুত্বৰ বান্ধোন শক্তিশালী কৰা।
বিদ্যালয়সমূহে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ পঞ্জীয়ন কৰিব পৰাকৈ আৰু বিস্তৃত অনুষ্ঠান সম্পৰ্কীয় তথ্য প্ৰদান কৰিবলৈ, ‘জি২০থিংক’ৰ বাবে এক সমৰ্পিত ‘ৱে’বছাইট’ [www.theindiannavyquiz.in] যুগুতাই উলিওৱা হৈছে।

******
(ৰিলিজ আই ডি : 1955983)
অতিথি কক্ষ : 213